প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মুম্বাইৰ সামুদ্ৰিক কৰ্ণধাৰসকলৰ সন্মিলনত দিয়া ভাষণৰ কিছু আভাস শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
29 OCT 2025 10:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইত অনুষ্ঠিত সামুদ্ৰিক কৰ্ণধাৰসকলৰ সন্মিলনত দিয়া তেওঁৰ ভাষণৰ কিছু আভাস শ্বেয়াৰ কৰে।
এক্সত দিয়া কেইটামান পৃথক পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
‘মুম্বাইৰ সামুদ্ৰিক কৰ্ণধাৰসকলৰ সন্মিলনত মই ভাৰতৰ সামুদ্ৰিক খণ্ডৰ দ্ৰুত অগ্ৰগতিৰ বিষয়ে বুজ লোৱাৰ সুযোগ পাইছো।’
‘দেশৰ সামুদ্ৰিক খণ্ডৰ বাবে ২০২৫ বৰ্ষ অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। এই বছৰত আমাৰ সাফল্যৰ এনে বহুতো উল্লেখযোগ্য উদাহৰণ দেখা গৈছে।’
‘এই বছৰ ভাৰতৰ সামুদ্ৰিক খণ্ডত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। মই নিশ্চিত যে ইয়াৰ জৰিয়তে আমাৰ বিনিয়োগকাৰীসকলৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি হ’ব।’
‘বিগত ১১ বছৰত ভাৰতৰ সামুদ্ৰিক খণ্ডত ঐতিহাসিক পৰিবৰ্তন ঘটিছে। আজি আমাৰ বন্দৰসমূহ উন্নয়নশীল বিশ্বৰ আটাইতকৈ আগশাৰীৰ বন্দৰসমূহৰ ভিতৰত অ্যতম হিচাপে বিবেচিত হোৱাত আমি গৌৰৱান্বিত।’
‘ছত্ৰপতি শিৱাজী মহাৰাজৰ দৃষ্টিভংগীয়ে আমাক দেখুৱায় যে সাগৰ কেৱল সীমা নহয় বৰং সুযোগৰ প্ৰৱেশদ্বাৰ। আজি ভাৰত একেই চিন্তাধাৰাৰে আগবাঢ়ি আছে।’
‘আজি ভাৰতৰ গুৰুত্ব অন্তৰ্ভুক্তিমূলক সামুদ্ৰিক উন্নয়নৰ ওপৰতো আছে। আমি একেলগে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ দিশত আগবাঢ়িব লাগিব তথা এক বহনক্ষম ভৱিষ্যত গঢ়ি তুলিব লাগিব।’
***
MJPS/ST/DD
(रिलीज़ आईडी: 2184142)
आगंतुक पटल : 23
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Odia
,
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam