তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

লাইট, কেমেৰা, স্বীকৃতি!

৫৬ সংখ্যক আইএফএফআই-ৰ বাবে মিডিয়া স্বীকৃতি প্ৰক্ৰিয়া ৫ নৱেম্বৰলৈকে মুকলি থাকিব-এতিয়াই আবেদন কৰক!

সংবাদ মাধ্যমৰ বাবে আচুতীয়া সুযোগ: আই এফ এফ আই ২০২৫-ত এফ টি আই আই-ৰ চলচ্চিত্ৰ প্ৰশংসন পাঠ্যক্ৰম

Posted On: 29 OCT 2025 3:32PM by PIB Guwahati

ভাৰতৰ ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই এফ এফ আই)-ৰ বাতৰি পৰিৱেশন কৰিবলৈ আপুনি এগৰাকী সংবাদ মাধ্যমৰ ব্যক্তি নেকি বাৰু?

এতিয়াই অফিচিয়েল পৰ্টেল: https://accreditation.pib.gov.in/eventregistration/login.aspx -ৰ জৰিয়তে সংবাদ মাধ্যমৰ প্ৰতিনিধি হিচাপে পঞ্জীয়ন কৰক।

২০২৫ চনৰ ২০ নৱেম্বৰৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাৰ পানাজীত অনুষ্ঠিত হ’ব ৫৬ সংখ্যক আইএফএফআই। স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ পেছাদাৰীসকলে সমগ্ৰ বিশ্বৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু শিল্পীসকলৰ সৈতে চলচ্চিত্ৰ প্ৰদৰ্শন, পেনেল আলোচনা, মাষ্টাৰক্লাছ, আৰু নেটৱৰ্কিং অধিৱেশনত অংশগ্ৰহণৰ আচুতীয়া সুবিধা লাভ কৰিব।

অধিক মূল্য সংযোজন কৰি ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান-য়ে আচুতীয়াভাৱে স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ বাবে ২০২৫ চনৰ ১৮ নৱেম্বৰত এক চলচ্চিত্ৰ প্ৰশংসন পাঠ্যক্ৰম অনুষ্ঠিত কৰিব। পূৰ্বৰ সংস্কৰণত পাঠ্যক্ৰমত অংশগ্ৰহণ কৰিব নোৱাৰা সাংবাদিকসকলক এইবাৰ অগ্ৰাধিকাৰ দিয়া হ’ব।

সংবাদ মাধ্যমৰ ব্যক্তিসকলে মন কৰিব যে সংবাদ মাধ্যমৰ স্বীকৃতিৰ বাবে পৰ্টেলটো ২০২৫ চনৰ ৫ নৱেম্বৰলৈকে খোলা থাকিব।

আবেদনকাৰীসকলক পৰ্টেলত দিয়া নিৰ্দেশনাসমূহ সযতনে পালন কৰিবলৈ আৰু বৈধ পৰিচয় প্ৰমাণ আৰু পেছাদাৰী প্ৰমাণপত্ৰকে ধৰি সকলো প্ৰয়োজনীয় নথি-পত্ৰ আপলোড কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। বিশদ যোগ্যতাৰ মাপকাঠী আৰু নথিপত্ৰৰ নিৰ্দেশনা স্বীকৃতি ৱেবছাইট-ত উপলব্ধ আছে।

যিকোনো সহায় বা সবিশেষ তথ্যৰ বাবে সাংবাদিকসকলে PIB IFFI মিডিয়া ছাপৰ্ট ডেস্ক iffi.mediadesk@pib.gov.in -ৰ সৈতে যোগাযোগ কৰিব পাৰিব।

‘প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো’-ৰ প্ৰধান সঞ্চালক প্ৰধান ধীৰেন্দ্ৰ ওঝাই গুৰুত্ব দি কয়, “আইএফএফআই হৈছে বিশ্বৰ ভিন্ন-সুৰী চলচ্চিত্ৰৰ পুৰোধাসকলক একত্ৰিত কৰা এক গুৰুত্বপূৰ্ণ অনুষ্ঠান। এই সন্মানীয় সমাৰোহখনৰ ব্যাপকভাৱে বাতৰি পৰিৱেশন কৰাত সাংবাদিকসকলক সহায় কৰিব পৰাকৈ এক মসৃণ স্বীকৃতি প্ৰক্ৰিয়াৰ সুবিধা প্ৰদানৰ বাবে পিআইবি প্ৰতিশ্ৰুতিবদ্ধ।”

গোৱাৰ পানাজীৰ দৃষ্টিনন্দন পটভূমিত নিৰ্মিত আইএফএফআই-য়ে ভাৰতৰ চলচ্চিত্ৰৰ উত্তৰাধিকাৰিত্বক উদযাপন কৰাৰ লগতে গোলকীয় সহযোগিতা আৰু সৃষ্টিশীলতাক লাভান্বিত কৰে। প্ৰতি বছৰে ৪৫,০০০ৰো অধিক চলচ্চিত্ৰ অনুৰাগী আৰু পেছাদাৰীয়ে ৯ দিনৰ এই সমাৰোহত অনুপ্ৰাণিত কৰা কাহিনী, প্ৰত্যাহ্বান, বিশ্বজোৰা দৰ্শকৰে সংযুক্ত হয়।

এছিয়াৰ অগ্ৰণী চলচ্চিত্ৰ সমাৰোহ উদযাপনৰ অংশীদাৰ হোৱাৰ সুযোগ নেহেৰুৱাব। আজিয়েই আবেদন কৰক আৰু চলচ্চিত্ৰ মহাসমাৰোহ অৰ্থাৎ আইএফএফআই ২০২৫-ৰ যাত্ৰা সুৰক্ষিত কৰক!

মুখ্য তথ্য:

স্বীকৃতি পৰ্টেল মুকলি: ১৫ অক্টোবৰৰ পৰা ৫ নৱেম্বৰ ২০২৫ লৈ

মহোৎসৱৰ তাৰিখ: ২০ – ২৮ নৱেম্বৰ ২০২৫

চলচ্চিত্ৰ প্ৰশংসন পাঠ্যক্ৰমৰ তাৰিখ: ১৮ নৱেম্বৰ ২০২৫

স্থানঃ পানাজী, গোৱা

স্বীকৃতি পৰ্টেল: https://accreditation.pib.gov.in/eventregistration/login.aspx

সহায়ক ইমেইল: iffi.mediadesk@pib.gov.in

* * *

 

 

PIB Mumbai | Sayyid Rabeehashmi / Sriyanka Chatterjee / Yash Rane / Priti Malandkar/KB


(Release ID: 2184062) Visitor Counter : 3