কেবিনেট সচিবালয়
বংগোপসাগৰত ঘূৰ্ণীবতাহ মোকাবিলা কৰিবলৈ আগতীয়া প্ৰস্তুতি পৰ্যালোচনাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ (এনচিএমচি) এখন বৈঠকত অধ্যক্ষতা কেবিনেট সচিব ড° টি ভি সোমনাথনৰ
Posted On:
25 OCT 2025 7:41PM by PIB Guwahati
কেবিনেট সচিব ড০ টি ভি সোমনাথনৰ সভাপতিত্বত বংগোপসাগৰত ঘূৰ্ণীবতাহ মোকাবিলাৰ বাবে আগতীয়া প্ৰস্তুতিৰ পুনৰীক্ষণ কৰাৰ অৰ্থে আজি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সমিতিক দক্ষিণ-পূব বংগোপসাগৰৰ ওপৰত নিম্ন চাপৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে অৱগত কৰিছে। ২৫ অক্টোবৰ, ২০২৫ত ১১.৩০লৈকে যোৱা ৬ ঘণ্টাত এই নিম্ন চাপ প্ৰতি ঘণ্টাত প্ৰায় ৭ কিলোমিটাৰ বেগত পশ্চিম দিশলৈ গতি কৰিছে। চেন্নাই (তামিলনাডু)ৰ পৰা ৯৫০ কিলোমিটাৰ পূব-দক্ষিণ-পূব, বিশাখাপট্টনম (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা ৯৬০ কিলোমিটাৰ দক্ষিণ-পূবে, কাকিনাড়া (অন্ধ্ৰপ্ৰদেশ)ৰ পৰা ৯৭০ কিলোমিটাৰ দক্ষিণ-পূবে আৰু গোপালপুৰ (ওড়িশা)ৰ পৰা ১০৩০ কিলোমিটাৰ দক্ষিণ-দক্ষিণ-পূবত ইয়াৰ কেন্দ্ৰ আছিল। ইয়াৰ পিছত উত্তৰ-পশ্চিম দিশলৈ, তাৰ পিছত উত্তৰ-উত্তৰ-পশ্চিম দিশলৈ যোৱাৰ সম্ভাৱনা আছে আৰু ২৮ অক্টোবৰৰ পুৱালৈ ঘূৰ্ণীবতাহ প্ৰচণ্ড ধুমুহাত পৰিণত হোৱাৰ সম্ভাৱনা আছে।
উত্তৰ-উত্তৰ-পশ্চিম দিশত গতি কৰা এই ঘূৰ্ণীবতাহজাকে ২৮ অক্টোবৰৰ সন্ধিয়া/নিশা মচিলিপট্টনম আৰু কলিংগপট্টনম হৈ কাকিনাড়াৰ আশে-পাশে সৰ্বোচ্চ ৯০-১০০ কিলোমিটাৰৰ পৰা ১১০ কিলোমিটাৰ প্ৰতি ঘণ্টাত অন্ধ্ৰপ্ৰদেশ উপকূল পাৰ হৈ যোৱাৰ সম্ভাৱনা আছে।
তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰীৰ মুখ্য সচিব আৰু ওড়িশাৰ অতিৰিক্ত মুখ্য সচিবে ঘূৰ্ণীবতাহৰ সম্ভাৱ্য পথত থকা জনসাধাৰণক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা প্ৰস্তুতিৰ ব্যৱস্থা আৰু স্থানীয় প্ৰশাসনে গ্ৰহণ কৰা সতৰ্কতামূলক ব্যৱস্থাৰ বিষয়ে কমিটীক অৱগত কৰে। ইতিমধ্যে পৰ্যাপ্ত আশ্ৰয় শিবিৰ আৰু খালী কৰাৰ ব্যৱস্থা আৰু প্ৰয়োজনীয় ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ)ৰ দলসমূহ সাজু কৰি ৰখা হৈছে বুলি কমিটীৰ দৃষ্টিগোচৰ কৰা হয়। জিলা নিয়ন্ত্ৰণ কক্ষইও সক্ৰিয় কৰি পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
দক্ষিণ-পশ্চিমৰ কাষৰীয়া, মধ্য বংগোপসাগৰ, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু য়নাম (পুডুচেৰী) আৰু ওড়িশা উপকূলৰ কাষৰীয়া মাছমৰীয়াসকলক ২৬ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ সাগৰত মাছ নামাৰিবলৈ পৰামৰ্শ দিয়া হৈছে।যিসকল সাগৰত আছে তেওঁলোকক তৎক্ষণাত উপকূললৈ উভতি যাবলৈ পৰামৰ্শ দিয়া হৈছে।
বৈঠকত অংশগ্ৰহণ কৰা কেন্দ্ৰীয় মন্ত্ৰালয়/বিভাগসমূহে সমিতিখনক অৱগত কৰে যে সকলো এছঅ’পি আৰু প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰাৰ লগতে ঘূৰ্ণীবতাহৰ ফলত হোৱা ক্ষতি কম কৰিবলৈ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দলসমূহ সাজু কৰি ৰাখিছে আৰু ২৬ অক্টোবৰৰ ভিতৰত নিয়োগ কৰা হ’ব।এনডিআৰএফে অতিৰিক্ত দলসমূহ সাজু কৰি ৰাখিছে। সেনা, নৌসেনা, বায়ুসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ উদ্ধাৰ আৰু সাহায্য দল আৰু তেওঁলোকৰ জাহাজ আৰু বিমান সাজু কৰি ৰখা হৈছে। ইতিমধ্যে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে ৯০০ৰো অধিক জাহাজ জেটি/পাৰলৈ প্ৰেৰণ কৰিছে আৰু বাকীসকলক উপকূললৈ উভতি যাবলৈ সকীয়াই দিয়া হৈছে। কেন্দ্ৰীয় গৃহ সচিবগৰাকীয়ে লগতে কয় যে গৃহ পৰিক্ৰমা মন্ত্ৰালয়, এনডিএমএ আৰু আইএমডিয়ে নিৰন্তৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু মন্ত্ৰালয়/বিভাগ/ৰাজ্য চৰকাৰ আৰু সংস্থাসমূহৰ সৈতে সমন্বয় সাধন কৰি আছে।
কেন্দ্ৰীয় সংস্থা আৰু অন্ধ্ৰপ্ৰদেশ, ওড়িশা, তামিলনাডু আৰু পুডুচেৰী চৰকাৰৰ প্ৰস্তুতিৰ ব্যৱস্থাসমূহ পুনৰীক্ষণ কৰি কেবিনেট সচিবে সজোৰে কয় যে আমাৰ লক্ষ্য হৈছে যাতে কোনো লোকৰ ক্ষতি নহয় আৰু সা-সম্পত্তি আৰু আন্তঃগাঁথনিৰ ক্ষতি কম হয়। যদি ক্ষতি হয়, তেতিয়া অতি সোনকালে যাতে অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰুদ্ধাৰ কৰিব পৰা যায় সেই সন্দৰ্ভতো আলোচনা হয়।
বৈঠকত তামিলনাডু, অন্ধ্ৰপ্ৰদেশ আৰু পুডুচেৰীৰ মুখ্য সচিব আৰু ওড়িশাৰ অতিৰিক্ত মুখ্য সচিব, কেন্দ্ৰীয় গৃহ সচিব, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয় আৰু মীন, শক্তি, দূৰসংযোগ, বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ সচিব, ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সচিব আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সদস্য আৰু মুৰব্বী, প্ৰাধিকৰণ, সংহত প্ৰতিৰক্ষা কৰ্মচাৰীৰ মুৰব্বী, অধ্যক্ষ, মুখ্য কৰ্মচাৰী সমিতি (চিআইএছচি)ৰ সঞ্চালক প্ৰধান, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সঞ্চালক প্ৰধান, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ অতিৰিক্ত সঞ্চালক প্ৰধান, ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।
.
*****
RK / RR / PS/DB
(Release ID: 2182760)
Visitor Counter : 2