যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
বিএছএনএলে সকলো গ্ৰাহকলৈ উৎসৱৰ অফাৰৰ সৈতে দীপাৱলী বোনাঞ্জা আগবঢ়াইছে
Posted On:
17 OCT 2025 4:13PM by PIB Guwahati
নতুন দিল্লী, ১৫ অক্টোবৰ, ২০২৫: ভাৰত সঞ্চাৰ নিগম লিমিটেডে (BSNL) আজি সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলৰ মুখত হাঁহি বিৰিঙাই বিশেষ দীপাৱলী বোনাঞ্জা ঘোষণা কৰে।
জনসাধাৰণ পোহৰৰ উৎসৱ উদযাপন কৰিবলৈ সাজু হোৱাৰ লগে-লগে বিএছএনএলে প্ৰতিগৰাকী গ্ৰাহকলৈকে উৎসৱৰ অফাৰ আগবঢ়াইছে – নতুন ইউজাৰৰ পৰা দীৰ্ঘ-দিনীয়া গ্ৰাহকলৈকে, ব্যক্তিগত গ্ৰাহকৰ পৰা ব্যৱসায়ীলৈকে, আনকি জ্যেষ্ঠ নাগৰিকসকলৰ বাবেও বিশেষ সুবিধা আগবঢ়োৱা হৈছে। ২০২৫-ৰ ১৮ অক্টোবৰৰ পৰা ২০২৫-ৰ ১৮ নৱেম্বৰলৈকে এই অফাৰ অব্যাহত থাকিব।
ক। নতুন গ্ৰাহকলৈ দীপাৱলী বোনাঞ্জা ৪জি প্লেন
“এই দীপাৱলীত নতুন সংযোগ”
বিএছএনএল পৰিয়াললৈ নতুন সদস্যসকলক আদৰিবলৈ কোম্পানীটোৱে ১ টকা দীপাৱলী ৪জি প্লেন মুকলি কৰিছে। এই প্লেনে নতুন গ্ৰাহকসকলক এমাহৰ বিনামূলীয়া ম’বাইল সেৱা আগবঢ়াব। মাত্ৰ এটকা টোকেন সক্ৰিয়কৰণ চাৰ্জ পৰিশোধেৰে নতুন ইউজাৰসকলে ৩০ দিনলৈ সীমাহীন সংযোগ লাভ কৰিব। এই প্লেনে বিএছএনএল-এ নতুনকৈ মোতায়েন কৰা থলুৱাভাৱে-বিকশিত ৪জি নেটৱৰ্কৰ ওপৰত ইয়াৰ আস্থাকে প্ৰদৰ্শিত কৰিছে। সেয়েহে ইউজাৰসকলক প্ৰায় বিনামূলীয়াকৈ ইয়াৰ অভিজ্ঞতা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
দীপাৱলী বোনাঞ্জা প্লেনৰ মূল লাভা-লাভসমূহ (প্ৰথম ৩০ দিনৰ বাবে):
- আপোনজনৰ সৈতে কথা পাতিবলৈ আনলিমিটেড ভইচ কল (প্লেনৰ চৰ্তাৱলী অনুসৰি)
- ভিডিঅ', ফটো শ্বেয়াৰ আৰু উৎসৱৰ শুভেচ্ছা জনাবলৈ ২ জিবি/দিন হাই-স্পীড ডাটা
- দীপাৱলীৰ শুভেচ্ছা জনাবলৈ ১০০ এছএমএছ/দিন
- এক্টিভেচনৰ সৈতে বিনামূলীয়া চিম কাৰ্ড (টেলিকমিউনিকেচন বিভাগৰ গাইডলাইন অনুসৰি বাধ্যতামূলক কেৱাইচি-ৰ সৈতে)
এই অফাৰ ১৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰ, ২০২৫-ৰ ভিতৰত প্লেনটো গ্ৰহণ কৰা নতুন গ্ৰাহকসকলৰ বাবে প্ৰযোজ্য।
এই প্লেনৰ কথা ঘোষণাৰে বিএছএনএল-ৰ চিএমডি শ্ৰী এ. ৰবাৰ্ট জে. ৰবিয়ে কয়ঃ “দীপাৱলীয়ে নতুন আৰম্ভণি আৰু উজ্জ্বল দিগন্তৰ সূচনা কৰে। আমি নতুন গ্ৰাহকসকলক এমাহ-জোৰা সংযোগৰ উপহাৰেৰে আদৰিবলৈ পাই আনন্দিত হৈছোঁ। ১ টকাৰ এই দীপাৱলী বোনাঞ্জাৰ জৰিয়তে গ্ৰাহকসকলে আমাৰ অত্যাধুনিক, মেক-ইন-ইণ্ডিয়া ৪জি নেটৱৰ্কৰ অভিজ্ঞতা লাভ কৰিব। ইউজাৰসকলে এবাৰ উন্নত অভিজ্ঞতা লাভ কৰা মাত্ৰেকে উৎসৱৰ পৰৱৰ্তী সময়তো বিএছএনএল-ৰ সৈতে যাত্ৰা অব্যাহত ৰাখিব বুলি আমি নিশ্চিত।”
খ। গ্ৰাহকলৈ লাকী ড্ৰ’
“সৌভাগ্যৰ উৎসৱ, সংযোগৰ আনন্দ”
বৰ্তমানৰ গ্ৰাহকসকলৰ বাবে বিএছএনএলে দীপাৱলী লাকী ড্ৰ’ৰ ব্যৱস্থা কৰিছে। ১৮, ১৯ আৰু ২০ অক্টোবৰত চেল্ফ-কেয়াৰ এপ বা বিএছএনএল ৱেবছাইটৰ জৰিয়তে প্লেন ১০০ আৰু ততোধিক ৰিচাৰ্জ কৰা প্ৰতিজন বিএছএনএল ইউজাৰ তেওঁলোকৰ ৰিচাৰ্জৰ দিনটোৰ লাকী ড্ৰ'ৰ অংশ হৈ পৰিব – সেয়া দীৰ্ঘ-দিনীয়া গ্ৰাহকেই হওঁক বা বোনাঞ্জাৰ সময়ছোৱাত যোগদান কৰাসকলেই হওঁক।
প্ৰতিদিনে স্বয়ংক্ৰিয়ভাৱে সেইদিনাৰ লাকী ড্ৰ’ত প্ৰৱেশ কৰাসকলৰ দহজন গ্ৰাহকে এটাকৈ ১০ গ্ৰামৰ ছিলভাৰ কইন লাভৰ সুযোগ লাভ কৰিব আৰু এয়া তেওঁলোকলৈ প্ৰেৰণ কৰা হ’ব।
এই লাকী ড্ৰ’ সন্দৰ্ভত বিএছএনএল-ৰ চিএমডি শ্ৰী এ. ৰবাৰ্ট জে. ৰবিয়ে কয়ঃ “আমি সমগ্ৰ ভাৰততে লক্ষ-লক্ষ চাকি প্ৰজ্জ্বলন কৰিবলৈ আগবঢ়াৰ লগে-লগে আমাৰ গ্ৰাহকসকলকো আনন্দেৰে পোহৰাই তুলিব খুজিছোঁ। আমি আমাৰ গ্ৰাহকসকলৰ ওপৰত যি আস্থা ৰাখিছোঁ, সেই আস্থাক আমি লালন-পালন কৰোঁ আৰু এই ফেষ্টিভেল অৱ ফৰ্চুনৰ জৰিয়তে আমি তেওঁলোকৰ উদযাপনত উৎসাহ আৰু পুৰস্কাৰৰ সঞ্চাৰ কৰিব বিচাৰিছোঁ।”
গ। কৰ্পৰেট কম্ব’ অফাৰ
“ব্যৱসায়ক সবলীকৰণ, উদযাপনক আলোকিতকৰণ”
বিএছএনএলে অনুধাৱন কৰে যে দীপাৱলী এনে এক সময় যেতিয়া কেৱল পৰিয়ালেই নহয়, বৰঞ্চ কৰ্মক্ষেত্ৰত নিয়োজিত লোক আৰু ব্যৱসায়ীসকলো একত্ৰিত হৈ সফলতা উদযাপন কৰে আৰু পৰিয়ালৰ দৰে বন্ধন গঢ়ি তোলে। তেনে উদ্যোগ আৰু কৰ্পৰেট ক্লায়েন্টলৈ বিএছএনএলে বিশেষ উৎসৱৰ মূল্যত ভেল্যু-পেকড সংযোগ বাণ্ডিল আগবঢ়াই কৰ্পৰেট কম্ব’ অফাৰ মুকলি কৰিছে। যিসকল গ্ৰাহকে ন্যূনতম ১০ টা নতুন প’ষ্ট-পেইড বিএছএনএল সংযোগ আৰু এটা এফটিটিএইচ সংযোগ গ্ৰহণ কৰে, তেওঁলোকক প্ৰথম মাহৰ এফএমচি-ত ১০% ৰেহাই প্ৰদান কৰা হ’ব।
ঘ। “গিফ্ট এ ৰিচাৰ্জ” পদক্ষেপ
“স্প্ৰেডিং স্মাইলছ, ওৱান ৰিচাৰ্জ এট এ টাইম”
দীপাৱলীৰ আদান-প্ৰদানৰ প্ৰকৃত মনোভাৱেৰে বিএছএনএলে এক অভিনৱ “গিফ্ট এ ৰিচাৰ্জ” পদক্ষেপৰ প্ৰৱৰ্তন কৰিছে। এই পদক্ষেপৰ জৰিয়তে বিএছএনএল-ৰ সকলো গ্ৰাহকে দীপাৱলীৰ উপহাৰ হিচাপে বন্ধু-বৰ্গ বা পৰিয়ালৰ সদস্যসকলক প্ৰিপেইড ৰিচাৰ্জ বা টপ-আপ উপহাৰ দিব পাৰিব। আন চহৰত থকা আপোনাৰ পিতৃ-মাতৃ বা বন্ধু-বৰ্গক আচৰিত কৰিবলৈ এতিয়া আপুনি তেওঁলোকলৈ উপহাৰ হিচাপে টক-টাইম বা ডাটা প্ৰেৰণ কৰিব পাৰে, যাতে উৎসৱৰ সময়ত তেওঁলোক সংযুক্ত হৈ থাকে। প্ৰক্ৰিয়াটো সহজঃ গ্ৰাহকে যিকোনো বিএছএনএল নম্বৰলৈ ৰিচাৰ্জ প্ৰেৰণ কৰিবলৈ চেল্ফকেয়াৰ এপিপি এপ ব্যৱহাৰ কৰিব পাৰে, লগতে ব্যক্তিগতকৃত উৎসৱৰ বাৰ্তাও পঠাব পাৰিব।
উৎসৱৰ অতিৰিক্ত বানচ হিচাপে বিএছএনএলে উপহাৰ দিয়া প্ৰতিটো ৰিচাৰ্জতে অলপ অতিৰিক্ত ভেল্যু আগবঢ়াইছে। অৰ্থাৎ উপহাৰ দিয়া ৰিচাৰ্জৰ ক্ষেত্ৰত ২.৫% ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। এই অফাৰ ২০২৫-ৰ ১৮ অক্টোবৰৰ পৰা ২০২৫-ৰ ১৮ নৱেম্বৰলৈকে অব্যাহত থাকিব।
এই পদক্ষেপ সন্দৰ্ভত শ্ৰী এ. ৰবাৰ্ট জে. ৰবিয়ে কয়, "আমাৰ আপোনজনৰ ওচৰ চাপিবলৈ আৰু তেওঁলোকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ দীপাৱলীয়েই উত্তম সময়। আমি এই যোগাযোগকো সহজ কৰি তুলিব বিচাৰিছোঁ, ঠিক যেনেকৈ আমি মিঠাই আৰু উপহাৰ আদান-প্ৰদান কৰোঁ। ‘গিফ্ট এ ৰিচাৰ্জ’-ৰ জৰিয়তে পৰিয়ালৰ সৈতে ফোন কল বা ভিডিঅ’ কল সহজ হৈ উঠিব। আপুনি ৰিচাৰ্জ প্ৰেৰণ কৰা মাত্ৰেকে এই দীপাৱলীত আপোনাৰ পিতৃ-মাতৃ বা বন্ধু-বান্ধৱীক কেৱল ডাটা বা টক-টাইম প্ৰদানেই নহয়, বৰঞ্চ এক আন্তৰিক কথোপকথনকো উপহাৰ দিয়া কাৰ্য্য সূচিত হ’ব।”
ঙ। জ্যেষ্ঠ নাগৰিক প্লেন –
“প্ৰজন্মসমূহক সংযোগ, সম্পৰ্কক উদযাপন”
আমি ফটকা ফুটুৱা আৰু পৰিয়ালৰ পুনৰ মিলনেৰে দীপাৱলী উদযাপনৰ সময়তে বিএছএনএল বিশেষভাৱে আমাৰ সমাজখনৰ বয়োজ্যেষ্ঠ লোকসকলৰ প্ৰতি সচেতন – যিসকল ককা-আইতা আৰু জ্যেষ্ঠই আমাক আশীৰ্বাদ দিয়ে। তেওঁলোকৰ বাবে দীপাৱলী বোনাঞ্জাৰ অংশ হিচাপে বিএছএনএলে বিশেষ এন্টাৰটেইনমেন্ট পেকড চিনিয়ৰ চিটিজেন প্লেনৰ প্ৰৱৰ্তন কৰিছে। এই প্লেন ৬০ বছৰ আৰু ইয়াৰ উৰ্ধ গ্ৰাহকসকলৰ প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰা হৈছে। ইয়াতো ৰেহাই মূল্যৰ শুল্ক, অতিৰিক্ত সুবিধা আৰু ইজ-অৱ-ইউজৰ ব্যৱস্থা কৰা হৈছে।
এয়া এক বিশেষ ছিনিয়ৰ চিটিজেন প্লেন আৰু কেৱল নতুন সংযোগৰ বাবে ১৮১২ প্লেন আৰম্ভ কৰা হৈছে। ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছেঃ
প্ৰতিদিনে ২ জিবি ডাটা,
আনলিমিটেড কল,
প্ৰতিদিনে ১০০ এছএমএছ
বৈধতা ৩৬৫ দিন
আৰু এখন বিনামূলীয়া চিম
ছমাহৰ বাবে বিনামূলীয়া BiTV প্ৰিমিয়াম এন্টাৰটেইনমেন্ট বাণ্ডিল
জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এই নতুন সংযোগ অফাৰ ২০২৫-ৰ ১৮ অক্টোবৰৰ পৰা ২০২৫-ৰ ১৮ নৱেম্বৰলৈকে অব্যাহত থাকিব।
এই পদক্ষেপ সন্দৰ্ভত চিএমডিজনে কয়ঃ “আমাৰ বয়োজ্যেষ্ঠসকল আমাৰ পৰিয়ালৰ পথ-প্ৰদৰ্শক পোহৰ, ঠিক আমাৰ ঘৰখনক উজ্জ্বল কৰি তোলা চাকিগছিৰ চিৰন্তন শিখাৰ দৰেই। এই দীপাৱলীত আমি আমাৰ জ্যেষ্ঠ নাগৰিকসকলক সুচল সংযোগেৰে তেওঁলোকৰ জীৱনক পোহৰাই তুলি সন্মান জনাব বিচাৰিছোঁ। ছিনিয়ৰ চিটিজেন প্লেন হৈছে আমাক ইমানখিনি দিয়া তেওঁলোকক ধন্যবাদ জনোৱাৰ এক উপায় – ইয়াৰ জৰিয়তে তেওঁলোকে যিমানেই দূৰত্বত নাথাকক কিয়, তেওঁলোকৰ সন্তান আৰু নাতি-নাতিনীৰ সৈতে সংযোগ কৰিবলৈ সক্ষম হ’ব।”
চ। নিৰ্বাচিত প্লেনত উৎসৱৰ ৰেহাই —
“অলপ ৰাহি কৰক, অলপ শ্বেয়াৰ কৰক”
এই দীপাৱলীত প্ৰদানৰ মনোভাৱ উদযাপনৰ বাবে বিএছএনএলে ছেল্ফ-কেয়াৰ এপ বা বিএছএনএল ৱেবছাইটৰ জৰিয়তে কৰা প্লেন ৪৮৫ টকা আৰু প্লেন ১,৯৯৯-ত ৫% উৎসৱৰ ৰেহাই আগবঢ়াইছে। এই অফাৰ ১৮ অক্টোবৰ, ২০২৫-ৰ পৰা ১৮ নৱেম্বৰ, ২০২৫-লৈকে অব্যাহত থাকিব।
ইয়াৰ বৈশিষ্ট্যসমূহ হৈছেঃ
- গ্ৰাহকলৈ তৎক্ষণাত ৰেহাই হিচাপে ২.৫% ঘূৰাই দিয়া হ’ব।
- বাকী ২.৫% বিএছএনএলে সমাজ-সেৱাৰ পদক্ষেপলৈ আগবঢ়াব— যেন অধিক জীৱন পোহৰাই তুলিবলৈ দয়াৰ সৰু চাকি।
এই সন্দৰ্ভত বিএছএনএল-ৰ চিএমডি শ্ৰী এ. ৰবাৰ্ট জে. ৰবিয়ে কয়ঃ
“আমি আমাৰ পোহৰ ভাগ কৰি লোৱা মাত্ৰেকে দীপাৱলী অধিক উজ্জ্বল হৈ উঠে। এই ‘ছেভ এ লিটল, শ্বেয়াৰ এ লিটল’ পদক্ষেপৰ জৰিয়তে প্ৰতিটো ৰিচাৰ্জ হৈ পৰে এটি সৰু চাকিৰ লেখীয়া— ইয়াৰ আধা আপোনাৰ সঞ্চয়ৰ বাবে, আধা কাৰোবাৰ হাঁহিৰ বাবে। একেলগে, অধিক ঘৰত অধিক চাকি জ্বলাও আহক।”
এই দীপাৱলীত সংযোগৰ পোহৰ বিয়পাওঁ আহক
দীপাৱলী বোনাঞ্জা অফাৰৰ জৰিয়তে বিএছএনএলে গ্ৰাহকৰ আনন্দ আৰু ডিজিটেল অন্তৰ্ভুক্তিৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিছে। দীপাৱলীৰ সাংস্কৃতিক পৰম্পৰাৰ সৈতে প্ৰযুক্তিক একাকাৰ কৰি বিএছএনএলৰ লক্ষ্য হৈছে ঘৰৰ পৰা আঁতৰত থকা ছাত্ৰ-ছাত্ৰীসকলেই হওঁক, ব্যৱসায়ীসকলেই হওঁক, জ্যেষ্ঠ নাগৰিকসকলেই হওঁক – এই উৎসৱৰ বতৰত কোনোৱেই বিচ্ছিন্ন অনুভৱ নকৰাটো নিশ্চিত কৰা।
এই অফাৰসমূহে দীপাৱলীৰ সাৰমৰ্মকে প্ৰতিফলিত কৰিছেঃ ঘৰ-দুৱাৰ আৰু হৃদয় পোহৰাই তোলা, একেলগে থকা আৰু প্ৰাচুৰ্য্যৰ আদান-প্ৰদান।
বিএছএনএলে সকলো ইউজাৰ আৰু দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। এই দীপাৱলীয়ে যেন আপোনালোকৰ জীৱন পোহৰ, আনন্দ আৰু যোগাযোগেৰে ভৰাই তোলে।
দীপাৱলী বোনাঞ্জাৰ সুবিধা গ্ৰহণৰ ক্ষেত্ৰত সহায়ৰ বাবে
নিকটৱৰ্তী বিএছএনএল গ্ৰাহক সেৱা কেন্দ্ৰলৈ (CSC) যাব বা 1800-180-1503-লৈ ডায়েল কৰিব বা bsnl.co.in চাব।
সকলোলৈকে দীপাৱলীৰ শুভেচ্ছাৰে!
***
Samrat/Allen/SB
(Release ID: 2180866)
Visitor Counter : 10