প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে পশ্চিম বংগৰ নদিয়া জিলাৰ কৃষ্ণনগৰত ১৫০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
পুৰুলীয়াৰ ৰঘুনাথপুৰত অৱস্থিত ৰঘুনাথপুৰ তাপ শক্তি কেন্দ্ৰ দ্বিতীয় পৰ্যায়ৰ (২x৬৬০ মেগাৱাট) আধাৰশিলা স্থাপন
মেজিয়া তাপ শক্তি কেন্দ্ৰৰ ৭ আৰু ৮নং গোটৰ ফ্লু গেছ ডিছালফাৰাইজেচন (এফজিডি) প্ৰণালী উদ্বোধন
১২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ফৰাক্কা-ৰায়গঞ্জ খণ্ডৰ চাৰি লেনি পথ প্ৰকল্প উদ্বোধন
পশ্চিম বংগত ৯৪০ কোটি টকাতকৈ অধিক মূল্যৰ চাৰিটা ৰে"ল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা
"আমাৰ প্ৰয়াস পশ্চিম বংগক ইয়াৰ বৰ্তমান আৰু ভৱিষ্যতৰ বিদ্যুতৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰশীল হোৱা"
"পশ্চিম বংগই দেশ আৰু বহুতো পূবৰ ৰাজ্যৰ বাবে পূবৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে"
Posted On:
02 MAR 2024 11:29AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিম বংগৰ নদিয়া জিলাৰ কৃষ্ণনগৰত ১৫০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহ বিদ্যুৎ, ৰে"ল আৰু পথৰ দৰে খণ্ডৰ সৈতে জড়িত।
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি পশ্চিম বংগক বিকশিত ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত আন এক পদক্ষেপ। তেওঁ আৰামবাগত কালিৰ অনুষ্ঠানটোৰ কথা স্মৰণ কৰে য'ত তেওঁ ৰে' লৱে, বন্দৰ আৰু পেট্ৰ'লিয়াম খণ্ডত ৭০০০ কোটি টকাতকৈও অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিছিল। আজিও, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "মই ভাগ্যৱান যে ১৫০০০কোটি টকাতকৈও অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু পশ্চিম বংগৰ নাগৰিকৰ জীৱন সহজ কৰি তুলিবলৈ বিদ্যুৎ, পথ আৰু ৰে"ল খণ্ডসমূহক সামৰি আধাৰশিলা স্থাপন কৰা হৈছে।" তেওঁ কয় যে এই প্ৰকল্পসমূহে পশ্চিম বংগৰ উন্নয়নক গতি প্ৰদান কৰিব আৰু লগতে যুৱক-যুৱতীসকলৰ বাবে উন্নত নিযুক্তিৰ সুযোগ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে নাগৰিকসকলক অভিনন্দন জনায়।
উন্নয়নৰ প্ৰক্ৰিয়াত বিদ্যুতৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে পশ্চিম বংগক ইয়াৰ বিদ্যুতৰ প্ৰয়োজনীয়তাৰ বাবে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ কাম কৰি আছে। তেওঁ কয় যে পুৰুলীয়া জিলাৰ ৰঘুনাথপুৰত অৱস্থিত ৰঘুনাথপুৰ তাপবিদ্যুৎ কেন্দ্ৰৰ দ্বিতীয় পৰ্যায় (২x৬০০ মেগাৱাট)দামোদৰ উপত্যকা নিগমৰ কয়লা ভিত্তিক তাপবিদ্যুৎ প্ৰকল্পই ৰাজ্যখনত ১১০০০ কোটি টকাতকৈও অধিক বিনিয়োগ আনিব। ই ৰাজ্যখনৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নকো আগুৱাই নিব- তেওঁ লগতে কয়। তদুপৰি, তেওঁ কয় যে প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে বিকশিত মেজিয়া তাপবিদ্যুৎ শক্তি কেন্দ্ৰৰ ৭ আৰু ৮ নং গোটৰ ফ্লু গেছ ডিছালফাৰাইজেচন (এফ. জি. ডি.) ব্যৱস্থাটো পৰিৱেশগত সমস্যাৰ প্ৰতি ভাৰতৰ গুৰুত্বৰ এটা উদাহৰণ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পশ্চিম বংগই দেশৰ বাবে 'পূবৰ প্ৰৱেশদ্বাৰ" হিচাপে কাম কৰে আৰু ইয়াৰ পৰা পূব দিশৰ বাবে অপৰিসীম সম্ভাৱনা আছে। সেয়েহে, চৰকাৰে স্থলপথ, ৰেলপথ, বিমানপথ আৰু জলপথৰ আধুনিক সংযোগৰ বাবে কাম কৰি আছে। তেওঁ কয় যে আজি উদ্বোধন কৰা ৰাষ্ট্ৰীয় ঘাইপথ-১২ (১০০ কিলোমিটাৰ)ৰ ফাৰাক্কা-ৰায়গঞ্জ শাখাৰ চাৰি লেনৰ পথ প্ৰকল্পৰ বাজেট আছিল প্ৰায় ২০০০ কোটি টকা আৰু ই ভ্ৰমণৰ সময় আধালৈ হ্ৰাস কৰিব। ই ওচৰৰ চহৰসমূহত যান-বাহন চলাচল সহজ কৰি তুলিব আৰু অঞ্চলটোত অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধিৰ লগতে কৃষকসকলক সহায় কৰিব।
আন্তঃগাঁথনিৰ দৃষ্টিকোণৰ পৰা, প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ৰে'লৱে পশ্চিম বংগৰ গৌৰৱোজ্জ্বল ইতিহাসৰ অংশ হৈ আহিছে আৰু পূৰ্বৰ চৰকাৰসমূহে উন্নয়নৰ উপসাগৰ সৃষ্টি কৰি ৰাজ্যখনৰ ঐতিহ্য আৰু সুবিধাসমূহ সঠিকভাৱে আগবঢ়াই নিব নোৱাৰাৰ বাবে দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা ১০ বছৰত পশ্চিম বংগৰ ৰে"ল আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰয়াসৰ ওপৰত আলোকপাত কৰে আৰু পূৰ্বৰ তুলনাত দুগুণ ধন ব্যয় কৰাৰ কথা উল্লেখ কৰে। আজিৰ অনুষ্ঠানত ৰাজ্যখনৰ আধুনিকীকৰণ আৰু উন্নয়নৰ বাবে চাৰিটা ৰে"ল প্ৰকল্প উৎসৰ্গা কৰা হৈছে আৰু বিকশিত বংগৰ সংকল্পসমূহ পূৰণ কৰাত সহায় কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ নাগৰিকসকলক শুভেচ্ছা জনাই বক্তব্যৰ সামৰণি মাৰে।
পশ্চিম বংগৰ ৰাজ্যপাল ড০ চি ভি আনন্দ বসু আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী শান্তনু ঠাকুৰ এই অনুষ্ঠানত উপস্থিত আছিল।
পটভূমি
প্ৰধানমন্ত্ৰীয়ে পুৰুলীয়া জিলাৰ ৰঘুনাথপুৰত অৱস্থিত ৰঘুনাথপুৰ তাপবিদ্যুৎ কেন্দ্ৰৰ দ্বিতীয় পৰ্যায়ৰ (২x৬০০ মেগাৱাট) আধাৰশিলা স্থাপন কৰে। দামোদৰ উপত্যকা নিগমৰ এই কয়লা-আধাৰিত তাপবিদ্যুৎ প্ৰকল্পটোত অত্যন্ত দক্ষ ছুপাৰক্ৰিটিকেল প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। নতুন প্ৰকল্পটো দেশৰ শক্তি সুৰক্ষাক শক্তিশালী কৰাৰ দিশত এটা পদক্ষেপ হ'ব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে মেজিয়া তাপবিদ্যুৎ শক্তি কেন্দ্ৰৰ ৭ আৰু ৮ নং গোটৰ ফ্লু গেছ ডিছালফাৰাইজেচন (এফজিডি) প্ৰণালী উদ্বোধন কৰে। প্ৰায় ৬৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰা এই এফ. জি. ডি. প্ৰণালীয়ে ফ্লু গেছৰ পৰা ছালফাৰ ডাই অক্সাইড আঁতৰাই পৰিষ্কাৰ ফ্লু গেছ উৎপাদন কৰিব আৰু জিপচাম গঠন কৰিব, যাক চিমেণ্ট উদ্যোগত ব্যৱহাৰ কৰিব পাৰি।
প্ৰধানমন্ত্ৰীগৰাকীয়ে ১২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ (১০০ কিলোমিটাৰ) ফাৰাক্কা-ৰায়গঞ্জ শাখাৰ চাৰি লেনৰ পথ প্ৰকল্পও উদ্বোধন কৰে। প্ৰায় ১৯৮৬ কোটি টকা ব্যয়েৰে বিকশিত কৰা এই প্ৰকল্পটোৱে যান-জঁট হ্ৰাস কৰিব, যোগাযোগ উন্নত কৰিব আৰু উত্তৰ বংগ আৰু উত্তৰ-পূব অঞ্চলৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পশ্চিম বংগত ৯৪০ কোটি টকাতকৈও অধিক মূল্যৰ চাৰিটা ৰে"ল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে, যাৰ ভিতৰত আছে দামোদৰ-মহিশিলা ৰে"ল লাইন দ্বৈতকৰণ প্ৰকল্প; ৰামপুৰহাট আৰু মুৰাৰাইৰ মাজৰ তৃতীয় লাইন; বজাৰচাউ-আজিমগঞ্জ ৰে"ল লাইন দ্বৈতকৰণ; আৰু আজিমগঞ্জ-মুৰ্ছিদাবাদক সংযোগ কৰা নতুন লাইন। এই প্ৰকল্পসমূহে ৰে"ল সংযোগ উন্নত কৰিব, মালবাহী ৰেলৰ চলাচল সহজ কৰি তুলিব আৰু অঞ্চলটোত অৰ্থনৈতিক আৰু ঔদ্যোগিক বিকাশত অৰিহণা যোগাব।
DS/TS/KD
(Release ID: 2179994)
Visitor Counter : 7
Read this release in:
Khasi
,
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam