প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাইলা ওডিংগাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

পোষ্ট কৰা হৈছে: 15 OCT 2025 2:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ‘মোৰ মৰমৰ বন্ধু আৰু কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰিয় বন্ধু আছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দিনৰ পৰাই মই তেওঁক ঘনিষ্ঠভাৱে চিনি পোৱাৰ সৌভাগ্য লাভ কৰিছিলো আৰু আমাৰ সম্পৰ্ক বছৰ বছৰ ধৰি অব্যাহত আছিল’, শ্ৰী মোদীয়ে কয়। শ্ৰী মোদীয়ে লগতে কয় যে শ্ৰী ৰাইলা ওডিংগাৰ ভাৰত, আমাৰ সংস্কৃতি, মূল্যবোধ আৰু প্ৰাচীন জ্ঞানৰ প্ৰতি বিশেষ আন্তৰিকতা আছিল, যি ভাৰত-কেনিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাত প্ৰতিফলিত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ

‘মোৰ মৰমৰ বন্ধু আৰু কেনিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীযুত ৰাইলা ওডিংগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰিয় বন্ধু আছিল। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা দিনৰ পৰাই মই তেওঁক ঘনিষ্ঠভাৱে চিনি পোৱাৰ সৌভাগ্য লাভ কৰিছিলো আৰু আমাৰ সম্পৰ্ক বছৰ বছৰ ধৰি অব্যাহত আছিল। ভাৰত, আমাৰ সংস্কৃতি, মূল্যবোধ আৰু প্ৰাচীন জ্ঞানৰ প্ৰতি তেওঁৰ বিশেষ আন্তৰিকতা আছিল। ভাৰত-কেনিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টাত এইটো প্ৰতিফলিত হৈছিল। তেওঁ বিশেষকৈ আয়ুৰ্বেদ আৰু ভাৰতৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰশংসা কৰিছিল, যিয়ে তেওঁৰ কন্যাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ ইতিবাচক প্ৰভাৱ প্ৰত্যক্ষ কৰিছিল। এই দুখৰ সময়ত মই তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু কেনিয়াৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছো।’

 

MJPS/VJ/MK


(ৰিলিজ আই ডি : 2179392) অতিথি কক্ষ : 31