গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুৰুগ্ৰামৰ মানেসৰত এনএছজি-ৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্য্যসূচী সম্বোধন; বিশেষ অপাৰেচন প্ৰশিক্ষণ কেন্দ্ৰ চৌহদৰ ভূমি পূজন কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে ‘শূন্য সহনশীল’ নীতি গ্ৰহণ কৰিছে

এনএছজি-ৰ জোৱানসকলৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত জয়লাভৰ দৃঢ়, সাহসী আৰু কৌশলগত পদ্ধতি ভাৰতৰ নিৰাপত্তা ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে

বিশেষ অপাৰেচন প্ৰশিক্ষণ কেন্দ্ৰত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে বিশেষ কমাণ্ডোসকলক অত্যাধুনিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব

মুম্বাই, চেন্নাই, কলকাতা, হায়দৰাবাদ, আহমেদাবাদ আৰু জম্মুত এনএছজি হাব স্থাপনৰ পিছত অযোধ্যাত নতুন এনএছজি হাব স্থাপন কৰা হৈছে

চাৰ্জিকেল ষ্ট্ৰাইকেই হওঁক, এয়াৰ ষ্ট্ৰাইকেই হওঁক, অপাৰেচন সিন্দূৰেই হওঁক, অপাৰেচন মহাদেৱেই হওঁক, আমাৰ নিৰাপত্তা সংস্থাই প্ৰমাণ কৰি দেখুৱাইছে যে সন্ত্ৰাসবাদী যি স্থানতেই লুকাই নাথাকক কিয়, সিহঁতক বিচাৰি উলিয়াই শাস্তি প্ৰদান কৰিব

২০১৯-ৰ পিছত ইউএপিএ আইন, এনআইএ আইন, পিএমএলএ-ৰ সংশোধন, সন্ত্ৰাসবাদৰ পুঁজিৰ বিৰুদ্ধে ব্যৱস্থা, পিএফআই-ৰ ওপৰত নিষেধাজ্ঞা তথা এমএচি, চিচিটিএনএছ আৰু নেটগ্ৰিড স্থাপন কাৰ্য্যই সন্ত্ৰাসবাদৰ ওপৰত তীব্ৰ আঘাত হানিছে

পোন-প্ৰথমবাৰৰ বাবে তিনি নতুন ফৌজদাৰী আইনে সন্ত্ৰাসবাদৰ সংজ্ঞা দিছে, আদালতত সন্ত্ৰাসবাদী সাৰি যোৱা সুৰুঙাসমূহৰ সৈতে মোকাবিলা কৰিছে

Posted On: 14 OCT 2025 5:40PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে গুৰুগ্ৰামৰ মানেসৰত ৰাষ্ট্ৰীয় নিৰাপত্তা বাহিনীৰ (NSG) ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে সমবেতসকলক সম্বোধন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে এনএছজি চৌহদত বিশেষ অপাৰেচন প্ৰশিক্ষণ কেন্দ্ৰ (S.O.T.C.)-ৰ ভূমি পূজনো কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহ সচিব, ইন্টেলিজেন্স ব্যুৰ’-ৰ সঞ্চালক, এনএছজি-ৰ সঞ্চালক প্ৰধানকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে সৰ্বত্ৰ, সৰ্বোত্তম আৰু সুৰক্ষাৰ তিনি নীতিৰ লগতে সমৰ্পণ, সাহস আৰু ৰাষ্ট্ৰভক্তিক স্বকীয় গুণ হিচাপে লৈ এনএছজি-এ দেশত সন্ত্ৰাসবাদৰ বিৰুদ্ধে চাৰি দশক ধৰি এক উল্লেখযোগ্য যুদ্ধ চলাই আহিছে। তেওঁ কয় যে দেশৰ প্ৰতিজন নাগৰিকে অনুভৱ কৰে যে আমাৰ নিৰাপত্তা অতি নিৰাপদ হাতত আছে আৰু তেওঁলোকেই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন আগবঢ়াই নিছে। শ্ৰী শ্বাহে কয় যে এনএছজি-ৰ জোৱানসকলৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত জয়লাভৰ দৃঢ়, সাহসী আৰু কৌশলগত পদ্ধতি ভাৰতৰ নিৰাপত্তা ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে আজি বিশেষ অপাৰেচন প্ৰশিক্ষণ কেন্দ্ৰ (S.O.T.C.)-ৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ কয় যে ৮ একৰ মাটিত ১৪১ কোটি টকা ব্যয়সাপেক্ষে কেন্দ্ৰটো স্থাপন কৰা হৈছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়া বিশেষ কমাণ্ডোসকলক ইয়াত অত্যাধুনিক প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কেন্দ্ৰটোত কেৱল এনএছজি-ৰ জোৱানসকলকেই নহয়, বৰঞ্চ সমগ্ৰ দেশতে আৰক্ষী বাহিনীত স্থাপন কৰা সন্ত্ৰাসবাদ বিৰোধী ইউনিটকো সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজৰ বাবে প্ৰস্তুত কৰিবলৈ অত্যাধুনিক প্ৰযুক্তিৰে প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। শ্ৰী শ্বাহে কয় যে ভাৰতৰ দৰে বিশাল দেশ এখনত কেৱল কেন্দ্ৰীয় চৰকাৰে সন্ত্ৰাসবাদৰে মোকাবিলা কৰিব নোৱাৰে; বৰঞ্চ সকলো ৰাজ্য চৰকাৰ, ৰাজ্যিক আৰক্ষী বাহিনীৰ বিশেষ ইউনিট, এনএছজি আৰু সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (CAPF)-এ দেশৰ সুৰক্ষা নিশ্চিত কৰিবলৈ একেলগে কাম কৰিব লাগিব। তেওঁ লগতে কয় যে এই কেন্দ্ৰই অনাগত দিনত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ৰাষ্ট্ৰৰ যুঁজখনক তীব্ৰ কৰি তুলিব আৰু আমাৰ বাহিনীক চিৰসাজু কৰি ৰাখিব।

শ্ৰী অমিত শ্বাহে কয় যে ১৯৮৪-ৰ পৰা এনএছজি-এ অপাৰেচন অশ্বমেধ, অপাৰেচন বজ্ৰ শক্তি আৰু অপাৰেচন ঢাংগুৰ দৰে অভিযানৰ লগতে অক্ষৰধাম আক্ৰমণ আৰু মুম্বাইত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়তো সাহস আৰু সামৰ্থ্যৰে ৰাষ্ট্ৰখনক ৰক্ষাৰে সৰ্বত্ৰ, সৰ্বোত্তম আৰু সুৰক্ষাৰ তিনি নীতিক মূৰ্ত কৰি তুলিছে। এনএছজি-ৰ সাহস আৰু নিষ্ঠাক লৈ সমগ্ৰ ৰাষ্ট্ৰই গৌৰৱ অনুভৱ কৰে বুলিও তেওঁ কয়। শ্ৰী শ্বাহে ঘোষণা কৰে যে অনাগত দিনত মোদী চৰকাৰে এনএছজি-ৰ কাম-কাজত উল্লেখযোগ্য ৰূপান্তৰ সাধন কৰিব। তেওঁ কয় যে মুম্বাই, চেন্নাই, কলকাতা, হায়দৰাবাদ, আহমেদাবাদ আৰু জম্মুত ইতিমধ্যে ছটা এনএছজি হাব স্থাপন কৰা হৈছে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অযোধ্যাত এতিয়া নতুন এনএছজি হাব স্থাপন কৰা হৈছে। এই হাবত থকা কমাণ্ডোসকল নিজৰ জ’নত হঠাতে হোৱা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ সবল সঁহাৰি দিবলৈ সদায় সাজু আৰু উপলব্ধ থাকিব। শ্ৰী শ্বাহে কয় যে এনএছজি-ৰ মুখ্য কাৰ্য্যালয়ে সমগ্ৰ দেশতে এনএছজি-ৰ জোৱান আৰু ৰাজ্যিক আৰক্ষী বাহিনীৰ সন্ত্ৰাসবাদ বিৰোধী ইউনিটসমূহক প্ৰশিক্ষণ প্ৰদান, উত্তম পদ্ধতিসমূহৰ আদান-প্ৰদান আৰু বাহিনীসমূহৰ উপযুক্ততা নিশ্চিতকৰণত অহৰহভাৱে মনোনিৱেশ কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে। তেওঁ কয় যে ২০১৯-ৰ পৰা মোদী চৰকাৰে দেশখনক সন্ত্ৰাসবাদীৰ ভাবুকিৰ পৰা ৰক্ষাৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি আহিছে। তেওঁ কয় মোদী চৰকাৰে অবৈধ কাৰ্য্যকলাপ প্ৰতিৰোধ আইন (UAPA) আৰু ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আইন সংশোধনেৰে ধন সৰবৰাহ প্ৰতিৰোধন আইন (PMLA) আৰু বলবৎকাৰী সঞ্চালকালয় (ED)-ক সক্ৰিয়কৰণেৰে সন্ত্ৰাসবাদৰ পুঁজিৰ বৈজ্ঞানিক তদন্তৰ ব্যৱস্থা স্থাপন কৰিলে। শ্ৰী শ্বাহে লগতে কয় যে চৰকাৰে পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়া (PFI)-ক নিষিদ্ধ কৰিলে, মাল্টি এজেন্সী চেন্টাৰ (MAC)-ক সুদৃঢ় কৰিলে, ক্ৰাইম এণ্ড ক্রিমিনেল ট্ৰেকিং নেটৱৰ্ক এণ্ড চিষ্টেমছ (CCTNS) আৰু নেচনেল ইনটেলিজেন্স গ্ৰীড (CCTNS)-ৰ জৰিয়তে সমগ্ৰ দেশৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে তথ্যৰ বিনিময় আৰম্ভ কৰা হৈছে। একেদৰে পোন-প্ৰথমবাৰৰ বাবে সুৰুঙাসমূহৰ সৈতে মোকাবিলাৰ বাবে তিনি নতুন ফৌজদাৰী আইনত সন্ত্ৰাসবাদৰ সংজ্ঞা নিৰ্ধাৰণ কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে ৫৭-ৰো অধিক ব্যক্তি আৰু সংগঠনক সন্ত্ৰাসবাদী সংগঠন আৰু সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হৈছে। সিহঁতৰ কাৰ্য্যকলাপৰ ওপৰত সফল নিয়ন্ত্ৰণ সম্ভৱ হৈছে। তেওঁ কয় যে মোদী চৰকাৰে ৩৭০ নং অনুচ্ছেদ বাতিল কৰা, চাৰ্জিকেল ষ্ট্ৰাইক, এয়াৰ ষ্ট্ৰাইক আৰু অপাৰেচন সিন্দূৰৰ দৰে পদক্ষেপৰ জৰিয়তে সন্ত্ৰাসবাদীৰ নেটৱৰ্কৰ মূলত তীব্ৰ আঘাত হানিছে। তেওঁ কয় যে আমাৰ নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদীক গভীৰতাৰ পৰাও বিচাৰি উলিয়াই শাস্তি দিব বুলি প্ৰমাণ কৰিছে। এতিয়া সন্ত্রাসবাদীয়ে বিশ্বৰ ক’তো লুকাই থাকি সাৰি যাব নোৱাৰে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতত আক্ৰমণৰ পৰিকল্পনা কৰা পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ মুখ্য কাৰ্য্যালয়ৰ লগতে সিহঁতৰ প্ৰশিক্ষণ শিবিৰ আৰু লঞ্চ পেড ধ্বংস কৰা হৈছে। তেওঁ আৰু কয় যে অপাৰেচন মহাদেৱে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ দোষীক নিধন কৰিলে, ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত ৰাষ্ট্ৰৰ আস্থা বৃদ্ধি পালে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে বিগত চাৰিটা দশকত এনএছজি-ৰ জোৱানসকলে সমগ্ৰ দেশৰ ৭৭০-ৰো অধিক গুৰুত্বপূৰ্ণ স্থানত গোপন অভিযান চলাইছে আৰু সম্ভাৱ্য সন্ত্ৰাসবাদী আক্ৰমণক প্ৰতিহতকৰণৰ বাবে কৌশলগত পৰিকল্পনাৰে এটা ডাটা বেংক গঠন কৰিছে। তদুপৰি এনএছজি-এ চিকিৎসালয়, ধৰ্মীয় স্থান, আন-আন গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান, জলপথ, ভাৰতৰ সংসদৰ নিৰাপত্তাৰ বাবে নিখুঁত পৰিকল্পনা কৰিছে। শ্ৰী শ্বাহে কয় যে মহাকুম্ভই হওঁক, পুৰীৰ ৰথ যাত্ৰাই হওঁক বা যিকোনো ধৰ্মীয় অনুষ্ঠানেই হওঁক, এনএছজি সাহস, নিষ্ঠা আৰু নিৰাপত্তাৰ প্ৰতীক হৈ পৰিছে। তেওঁ কয় যে অনাগত দিনত মোদী চৰকাৰে এনএছজি-ক অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত কৰাই নহয়, বৰঞ্চ ইয়াৰ কাম-কাজতো উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিব। তেওঁ আস্থা প্ৰকাশেৰে কয় যে এনএছজি-এ চাৰি দশকৰ উত্তৰাধিকাৰক আগন্তুক বহু বছৰলৈকে অক্ষুণ্ণ ৰাখিব।

শ্ৰী অমিত শ্বাহে লগতে কয় যে ২০১৯-ৰ পৰা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPF) জোৱানসকলে গছপুলি ৰোপণ অভিযানৰ অংশ হিচাপে ৬.৫ কোটিৰো অধিক গছপুলি ৰোপণেৰে দেশৰ সেউজ আৱৰণৰ সংৰক্ষণৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। তেওঁ কয় যে চিএপিএফ-ৰ জোৱানসকলে নিজৰ সন্তানৰ দৰেই এই গছ-গছনিবোৰক লালন-পালনেৰে পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিছে।

****

RK/AK/PS/PR/SB
 


(Release ID: 2179348) Visitor Counter : 5