প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নাইজাৰ অৰ্ডাৰৰ গ্ৰেণ্ড কামাণ্ডাৰ বঁটা গ্ৰহণৰ পাছত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
प्रविष्टि तिथि:
19 NOV 2024 10:26PM by PIB Guwahati
মহামহিম ৰাষ্ট্ৰপতি তিনুবু,
নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় বঁটা অৰ্থাৎ 'গ্ৰেণ্ড কামাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অব দ্য নাইজাৰ' বঁটাৰে মোক সন্মানিত কৰাৰ বাবে নাইজেৰিয়াৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। মই এই সন্মান বিনম্ৰতাৰে আৰু সন্মান সহকাৰে গ্ৰহণ কৰিছো। আৰু, মই এই সন্মান ভাৰতৰ ১.৪ বিলিয়ন জনসাধাৰণ আৰু ভাৰত আৰু নাইজেৰিয়াৰ মাজৰ চিৰস্থায়ী বন্ধুত্বৰ প্ৰতি উৎসৰ্গা কৰিছো। এই সন্মানে ভাৰত আৰু নাইজেৰিয়াৰ মাজত কৌশলগত অংশীদাৰিত্বক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে আমাক অনুপ্ৰাণিত কৰি থাকিব।
বন্ধুসকল,
ভাৰত আৰু নাইজেৰিয়াৰ সম্পৰ্ক পাৰস্পৰিক সহযোগিতা, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ ওপৰত আধাৰিত। দুখন শক্তিশালী গণতন্ত্ৰ আৰু দুখন গতিশীল অৰ্থনীতিৰ দেশ হিচাপে আমি দুয়োখন দেশে জনসাধাৰণৰ কল্যাণৰ বাবে একেলগে কাম কৰি আহিছো। আমাৰ দুয়োখন দেশৰ সামাজিক আৰু সাংস্কৃতিক বৈচিত্ৰেই হ'ল আমাৰ পৰিচয়, আমাৰ শক্তি। নাইজেৰিয়াৰ 'নতুন আশাৰ এজেণ্ডা' আৰু ভাৰতৰ 'বিকাশ ভাৰত ২০৪৭'ৰ মাজত বহুতো মিল আছে। বিগত বৰ্ষত ৰাষ্ট্ৰপতি টিনুবুৰ ভাৰত ভ্ৰমণে আমাৰ সম্পৰ্কত এক নতুন অধ্যায়ৰ সূচনা কৰিলে। আজি আমি আমাৰ পাৰস্পৰিক সহযোগিতাক আৰু অধিক শক্তিশালী আৰু সম্প্ৰসাৰিত কৰাৰ সন্দৰ্ভত এক গভীৰ আলোচনাত মিলিত হৈছো। আমি অৰ্থনীতি, শক্তি, কৃষি, নিৰাপত্তা, ফিনটেক, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু সংস্কৃতিৰ দৰে ক্ষেত্ৰসমূহত সহযোগিতাৰ নতুন সুযোগ চিনাক্ত কৰিছো। ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য অংশীদাৰ হিচাপে নাইজেৰিয়াৰ জনসাধাৰণৰ প্ৰয়োজনীয়তা অনুসৰি দক্ষতা বিকাশ আৰু সামৰ্থ্য নিৰ্মাণত বিশেষ গুৰুত্ব প্ৰদান কৰা হ'ব। নাইজেৰিয়াত বসবাস কৰা ৬০,০০০তকৈও অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আমাৰ সম্পৰ্কত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই ৰাষ্ট্ৰপতি তিনুবু আৰু তেওঁৰ চৰকাৰক তেওঁলোকৰ প্ৰতি যত্নশীল হোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰো।
বন্ধুসকল,
নাইজেৰিয়াই আফ্ৰিকাত গুৰুত্বপূৰ্ণ আৰু ইতিবাচক ভূমিকা পালন কৰিছে। আৰু আফ্ৰিকাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ভাৰতৰ বাবে এক অগ্ৰাধিকাৰ হৈ আহিছে। আমাৰ সকলো প্ৰচেষ্টাৰে, আমি নাইজেৰিয়াৰ দৰে বন্ধুত্বপূৰ্ণ দেশৰ সৈতে কান্ধত কান্ধ মিলাই আগবাঢ়িছো।
আফ্ৰিকাত এটা প্ৰবাদ আছে, 'বন্ধু হ'ল সেইজন যিজনৰ সৈতে আপুনি পথ ভাগ কৰি লয়'। ভাৰত আৰু নাইজেৰিয়াই আমাৰ জনসাধাৰণ আৰু সমগ্ৰ আফ্ৰিকান মহাদেশৰ সমৃদ্ধিৰ বাবে একেলগে আগবাঢ়ি যাব।
ঘনিষ্ঠ সমন্বয়ৰ জৰিয়তে আমি বিশ্বব্যাপী দক্ষিণৰ স্বাৰ্থ আৰু অগ্ৰাধিকাৰক গুৰুত্ব প্ৰদান কৰিম।
মহামহিম,
পুনৰবাৰ, এই সন্মানৰ বাবে মই ১.৪ বিলিয়ন ভাৰতীয়ৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক কৃতজ্ঞতা জনাইছো।
MJPS/SR
(रिलीज़ आईडी: 2178791)
आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam