প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২৩ জানুৱাৰীত লালকিল্লাত পৰাক্ৰম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে

কাৰ্যসূচীত নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজৰ উত্তৰাধিকাৰীসকলক স্মৰণ কৰা হ'ব

গণৰাজ্য দিৱসৰ প্ৰতীকপট আৰু সাংস্কৃতিক প্ৰদৰ্শনীৰ জৰিয়তে দেশৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শন কৰা ভাৰত পৰ্বও উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 22 JAN 2024 5:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৩ জানুৱাৰীৰ সন্ধিয়া ৬:৩০ বজাত লালকিল্লাত পৰাক্ৰম দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

 

স্বাধীনতা সংগ্ৰামত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা দীপ্তিমানসকলৰ অৱদানক উপযুক্তভাৱে সন্মান জনোৱাৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰা হয়। এইবাৰ লালকিল্লাত এক বহুমুখী উৎসৱ অনুষ্ঠিত হ’ব, য’ত একেলগে ঐতিহাসিক প্ৰতিফলন আৰু সজীৱ সাংস্কৃতিক প্ৰকাশ পৰিস্ফুট হ’ব। এই কাৰ্যসূচীয়ে নেতাজী সুভাষ চন্দ্ৰ বসু আৰু আজাদ হিন্দ ফৌজৰ ​​উত্তৰাধিকাৰীসকলক প্ৰোজ্জ্বল কৰি তুলিব। দৰ্শকে আৰ্কাইভ প্ৰদৰ্শনী, বিৰল ফটোগ্ৰাফৰ প্ৰদৰ্শন আৰু নেতাজী আৰু আজাদ হিন্দ ফৌজৰ ​​উল্লেখযোগ্য যাত্ৰাৰ বিশদ বিৱৰণ দিয়া নথি-পত্ৰৰ জৰিয়তে এক অভিজ্ঞতা লোৱাৰ  সুযোগ পাব। এই কাৰ্যসূচী ৩১ জানুৱাৰীলৈকে চলি থাকিব।

 

এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ২৩ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ আয়োজন হ’বলগীয়া ভাৰত পৰ্বৰো শুভাৰম্ভ কৰিব। ইয়াত ২৬টা মন্ত্ৰালয় আৰু বিভাগৰ প্ৰচেষ্টা, নাগৰিককেন্দ্ৰিক পদক্ষেপ, স্থানীয়, বৈচিত্ৰময় পৰ্যটন আকৰ্ষণৰ পোষকতা আদিৰ ওপৰত আলোকপাত কৰি গণৰাজ্য দিৱসৰ প্ৰতীকপচ আৰু সাংস্কৃতিক প্ৰদৰ্শনেৰে দেশৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শন কৰা হ’ব। লালকিল্লাৰ সন্মুখৰ ৰাম লীলা ময়দান আৰু মাধৱ দাস পাৰ্কত এই অনুষ্ঠান অনুষ্ঠিত হ’ব।

 

***

DS/LP/AK/DB


(रिलीज़ आईडी: 2178142) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Kannada , English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Malayalam