প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

प्रविष्टि तिथि: 12 OCT 2025 9:10AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজমাতা বিজয়াৰাজে সিন্ধিয়াক জন্ম বাৰ্ষিকীত আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীয়ে সমাজসেৱাৰ বাবে কৰা আজীৱন প্ৰচেষ্টা সদায় স্মৰণীয় হৈ থাকিব।

শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিজয়াৰাজে সিন্ধিয়া জী ভাৰতৰ সাংস্কৃতিক শিপাৰ প্ৰতি গভীৰভাবে আবেগিক আছিল। ভাৰতৰ পৰম্পৰা আৰু মূল্যবোধ সংৰক্ষণৰ বাবে তেওঁৰ আজীৱন দায়বদ্ধতাক প্ৰতিফলিত কৰি তেওঁ দেশৰ সাংস্কৃতিক ঐতিহ্যক সুৰক্ষিত আৰু জনপ্ৰিয় কৰাৰ বাবে ধাৰাবাহিকভাৱে কাম কৰিছিল।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-

"ৰাজমাতা বিজয়াৰাজে সিন্ধিয়া জীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। সমাজসেৱাৰ বাবে তেখেতে গ্ৰহণ কৰা প্ৰচেষ্টা কেতিয়াও পাহৰিব নোৱাৰা। জনসংঘ আৰু বিজেপিক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। বিজয়াৰাজে সিন্ধিয়া জীয়ে আমাৰ সাংস্কৃতিক শিপাৰ প্ৰতি আবেগিক আছিল আৰু সদায় ইয়াক সুৰক্ষিত কৰাৰ লগতে জনপ্ৰিয় কৰি তোলাৰ বাবেও কাম কৰিছিল।"

 

***

MJPS/ST/DM


(रिलीज़ आईडी: 2178099) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam