প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
থিৰু দিল্লী গণেশৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
10 NOV 2024 5:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চলচ্চিত্ৰ জগতৰ বৰ্ণময় ব্যক্তিত্ব থিৰু দিল্লী গণেশৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে কয় যে অনবদ্য অভিনয় দক্ষতাৰে সমৃদ্ধ থিৰু গণেশে যিকোনো চৰিত্ৰ এনেদৰে ৰূপায়ণ কৰিছিল যে প্ৰজন্মৰ পিছত প্ৰজন্মৰ দৰ্শকে তেওঁৰ অভিনয় শৈলীক স্মৰণ কৰিব।
এক্সৰ এটা পোষ্টত তেওঁ লিখে-
“চলচ্চিত্ৰ জগত বৰ্ণময় ব্যক্তিত্ব থিৰু দিল্লী গণেশ জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁ অনবদ্য অভিনয় দক্ষতাৰে সমৃদ্ধ আছিল। তেওঁ ৰূপায়ণ কৰা প্ৰতিটো চৰিত্ৰত তেওঁৰ গাম্ভীৰ্যতা আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি দৰ্শকৰ সৈতে সংযোগ স্থাপনৰ ক্ষমতাৰ বাবে তেওঁক আন্তৰিকতাৰে স্মৰণ কৰিব। থিয়েটাৰৰ প্ৰতিও তেওঁৰ আকৰ্ষণ আছিল। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধ সকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2177989)
অতিথি কক্ষ : 26
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam