প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
শ্ৰী প্ৰণৱ মুখাৰ্জীৰ সৈতে মোৰ সম্পৰ্কৰ কথা মই সদায় আন্তৰিকতাৰে সুঁৱৰিম: প্ৰধানমন্ত্ৰী
পোষ্ট কৰা হৈছে:
11 DEC 2024 9:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে তেওঁ শ্ৰী প্ৰণৱ মুখাৰ্জীৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ কথা সদায় আন্তৰিকতাৰে সুঁৱৰিব। শ্ৰী প্ৰণৱ মুখাৰ্জীৰ সৈতে হোৱা বাৰ্তালাপৰ বহুবোৰ স্মৃতি সোঁৱৰোৱাৰ বাবে শৰ্মিষ্ঠা মুখাৰ্জীজীক ধন্যবাদ জ্ঞাপন কৰি শ্ৰী মোদীয়ে শ্ৰী মুখাৰ্জীৰ অন্তৰ্দৃষ্টি আৰু প্ৰজ্ঞাক অতুলনীয় বুলি প্ৰশংসা কৰে।
‘মোদী ষ্টৰী হেণ্ডেল’-য়ে ‘এক্স’-ত কৰা এটা পোষ্টৰ সঁহাৰি দি প্ৰধানমন্ত্ৰীয়ে লিখিছে:
"প্ৰণৱ বাবুৰ সৈতে হোৱা বাৰ্তালাপৰ কেবাটাও স্মৃতি সোঁৱৰাই দিয়াৰ বাবে শৰ্মিষ্ঠা জীক ধন্যবাদ জনাইছোঁ। মই সদায় তেওঁৰ সৈতে থকা মোৰ সম্পৰ্কৰ কথা আন্তৰিকতাৰে সুঁৱৰিম। তেওঁৰ অন্তৰ্দৃষ্টি আৰু প্ৰজ্ঞা নিতান্তই অতুলনীয় আছিল।
@Sharmistha_GK"
***
MJPS/SR/KB
(ৰিলিজ আই ডি : 2177980)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam