প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
যক্ষ্মা আক্ৰান্তৰ উচ্চ হাৰ থকা জিলাসমূহক বিশেষ গুৰুত্ব দি আজি এক বিশেষ ১০০ দিনীয়া অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে
Posted On:
07 DEC 2024 2:38PM by PIB Guwahati
যক্ষ্মা ৰোগৰ বিৰুদ্ধে ভাৰতৰ যুঁজখনক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি যক্ষ্মা আক্ৰান্তৰ উচ্চ হাৰ থকা জিলাসমূহক বিশেষ গুৰুত্ব আৰোপ কৰি এক বিশেষ ১০০ দিনীয়া অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে। তেওঁ নাগৰিকসকলক কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী শ্ৰী জে পি নাড্ডাই লিখা এটা প্ৰবন্ধ পঢ়িবলৈও আহ্বান জনায়।
‘এক্স’-ত কৰা এটা ‘পোষ্ট’ত শ্ৰী মোদীয়ে কয়:
"যক্ষ্মা ৰোগৰ বিৰুদ্ধে আমাৰ যুঁজ শক্তিশালী কৰা হৈছে!
যক্ষ্মা ৰোগক পৰাস্ত কৰিবলৈ এক সামূহিক মনোভাৱৰ দ্বাৰা চালিত, যক্ষ্মা আক্ৰান্তৰ উচ্চ হাৰ থকা জিলাসমূহক গুৰুত্ব দি আজিৰ পৰা এক বিশেষ ১০০ দিনীয়া অভিযান আৰম্ভ হৈছে। ভাৰতে বহুমুখী প্ৰকাৰে যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজ দি আছে:
(১) ৰোগীসকললৈ আগবঢ়োৱা সহযোগিতা দুগুণ কৰা
(২) জন অংশীদাৰিত্ব
(৩) নতুন ঔষধ
(৪) প্ৰযুক্তি আৰু উন্নত ৰোগ-নিৰ্ণয় সঁজুলিৰ ব্যৱহাৰ।
আহক আমি সকলোৱে একত্ৰিত হওঁ আৰু যক্ষ্মা ৰোগক নিৰস্ত কৰিবলৈ কাম কৰোঁ আহক।"
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জে পি নাড্ডাই ‘এক্স’-ত কৰা ‘পোষ্ট’-ৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে:
"স্বাস্থ্য মন্ত্ৰী শ্ৰী জে পি নাড্ডাজীয়ে ভাৰতক যক্ষ্মামুক্ত কৰাৰ বাবে আমি নিৰন্তৰ ভাৱে গ্ৰহণ কৰি থকা পদক্ষেপসমূহৰ এক অন্তৰ্দৃষ্টিপূৰ্ণ প্ৰতিচ্ছৱি দাঙি ধৰিছে। নিশ্চয় পঢ়িব।
@JPNadda"
***
MJPS/SR/KB
(Release ID: 2177977)
Visitor Counter : 6
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam