প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 09 OCT 2025 9:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি ঐতিহাসিক গাজাৰ শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে অভিনন্দন জনায়।

তেওঁলোকৰ কথা-বতৰাৰ সময়ত দুয়োগৰাকী নেতাই চলি থকা বাণিজ্যিক আলোচনাত লাভ কৰা অগ্ৰগতিৰো পৰ্যালোচনা কৰে। দ্বিপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে অনাগত দিনকেইটাত ঘনিষ্ঠ যোগাযোগত থাকিবলৈ সন্মত হয়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়;

'মোৰ বন্ধু ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতি ঐতিহাসিক গাজা শান্তি পৰিকল্পনাৰ সফলতাৰ বাবে অভিনন্দন জনালোঁ।লগতে বাণিজ্যিক আলোচনাত লাভ কৰা অগ্ৰগতিৰ পৰ্যালোচনা কৰিলোঁ।অনাগত দিনকেইটাত ঘনিষ্ঠভাৱে যোগাযোগ থকাৰ বাবে সন্মতি জনালোঁ।

@POTUS

@realDonaldTrump”

 

 

***

MJPS/ST/DB


(रिलीज़ आईडी: 2177167) आगंतुक पटल : 25
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada