তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰ, ২০২৫ লৈ ‘স্বচ্ছতা হী সেৱা (এছএইচএছ) ২০২৫’ অভিযান সফলতাৰে সম্পন্ন কৰে
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সমগ্ৰ দেশতে ‘স্বচ্ছতা হী সেৱা’-ৰ ২,৭০০ৰো অধিক কাৰ্যসূচীৰ জৰিয়তে ৫৯,০০০ৰো অধিক অংশগ্ৰহণকাৰীক সন্মিলিত কৰিছিল
‘এদিন এঘণ্টা একেলগে’ আৰু স্বচ্ছ ভাৰত দিৱস: স্বচ্ছতা অভিযানৰ অংশ হিচাপে ঝাড়ু লৈ ৰাজপথলৈ ওলাই আহিল বিষয়া-কৰ্মচাৰী
Posted On:
09 OCT 2025 4:34PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ ‘স্বচ্ছতা হী সেৱা ২০২৫’ অভিযান সফলতাৰে সম্পন্ন কৰি ‘স্বচ্ছতা লক্ষ্য গোট’ (চিটিইউ)সমূহৰ চাফাই, স্বচ্ছতা অভিযান, ঘৰে ঘৰে কাম-কাজ, সজাগতা অভিযান, পেইন্টিং প্ৰতিযোগিতা, স্বচ্ছতা আদি বিভিন্ন বিষয়বস্তুৰ অধীনত ২,৭৬৬টা কাৰ্যসূচীৰ আয়োজন কৰে ৰেলী আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী যেনে কবিতা আবৃত্তি, ৰাজপথৰ নাটক আৰু শ্লোগান লিখা ইত্যাদিত ৫৯,১২২ গৰাকী লোকে অংশগ্ৰহণ কৰে।
‘স্বচ্ছতা হী সেৱা ২০২৫’-ৰ অধীনত চাফাই কৰা মুঠ স্থানৰ সংখ্যা হৈছে ১৫৮৮টা, ৰূপান্তৰিত মুঠ চিটিইউ-ৰ সংখ্যা হৈছে ৮২৪টা আৰু স্বচ্ছ সেউজ উৎসৱ আৰু স্বচ্ছ মিত্ৰ সুৰক্ষা শিবিৰ-ৰ অধীনত স্বচ্ছতাৰ গুৰুত্ব ব্যাখ্যাৰ বাবে আয়োজন কৰা মুঠ কাৰ্যসূচী আছিল ক্ৰমে ১৯৮, ৪৯ আৰু ১০৭টা।
২৫ ছেপ্টেম্বৰত ‘এদিন এঘণ্টা একেলগে’ আৰু ২ অক্টোবৰত ‘স্বচ্ছ ভাৰত দিৱস’ উপলক্ষে মন্ত্ৰালয়ৰ উদ্যোগত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়, য’ত বিষয়া-কৰ্মচাৰীসকলে ঝাড়ু লৈ আগবাঢ়ি আহি পথসমূহ পৰিষ্কাৰ কৰি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা বিয়পাই দিয়ে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে সকলো মিডিয়া ইউনিট-ৰ মূৰব্বী আৰু তেওঁলোকৰ ন’ডেল বিষয়াসকলৰ সৈতে প্ৰস্তুতি আৰু কাৰ্যকৰীকৰণ পৰ্যায়ৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি প্ৰচাৰ কাৰ্যসূচীসমূহৰ সঠিক ৰূপায়ণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে।

দিল্লীৰ শাস্ত্ৰী ভৱনৰ মুখ্য সচিবালয়ত ‘এদিন, এঘণ্টা, একেলগে’ কাৰ্যসূচীৰ নেতৃত্ব দিয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে নতুন দিল্লীৰ শাস্ত্ৰী ভৱনৰ মুখ্য সচিবালয়ত "এদিন, এঘণ্টা, একেলগে" পদক্ষেপৰ অধীনত শ্ৰমদান কাৰ্যসূচীৰ নেতৃত্ব দি মন্ত্ৰালয়ৰ সংবাদ মাধ্যমৰ গোটসমূহৰ বিষয়া-কৰ্মচাৰীসকলক স্বচ্ছতা হী সেৱা অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা যোগায়। সংবাদ মাধ্যমৰ বিভিন্ন গোট আৰু সংযুক্ত সংস্থাসমূহেও দেশজুৰি এক ধাৰাবাহিক স্বচ্ছতা আৰু সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰে।

আই আই এম চি অমৰাৱতী-ৰ উদ্যোগত স্বচ্ছতা সমাৱেশ
আই আই এম চি আমৰাৱতীয়ে আয়োজন কৰে স্বচ্ছতা সমাৱেশ, আনহাতে ডি পি ডি-ৰ বিষয়াসকলে নতুন দিল্লীত চাফাই অভিযান চলায়। ডিডিকে মুম্বাই-য়ে দাদৰত বীচ্ছ চাফাই অভিযানৰ আয়োজন কৰিছিল, আৰু একেধৰণৰ পদক্ষেপ অল ইণ্ডিয়া ৰেডিঅ’ আমেথি, অল ইণ্ডিয়া ৰেডিঅ’ ইম্ফল, এনএফডিচি মুম্বাই, আৰু অন্যান্য মিডিয়া ইউনিটসমূহেও কাৰ্যসূচী গ্ৰহণ কৰিছিল। আই আই এম চি কোট্টায়ামে স্বচ্ছতা, সংস্কৃতি, আৰু বহনক্ষমতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই নিজৰ চৌহদৰ প্ৰৱেশদ্বাৰত জৈৱিক ফুলৰ এক সজীৱ ‘ৰংগোলী’ তৈয়াৰ কৰি ‘স্বচ্ছতা হী সেৱা’ উদযাপন কৰে।

আই আই এম চি কোট্টায়ম চৌহদৰ প্ৰৱেশদ্বাৰত স্বচ্ছতা হী সেৱা – স্বচ্ছতা, সংস্কৃতি আৰু বহনক্ষমতাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি – জৈৱিক ফুলৰ সজীৱ ৰংগোলীৰে উদযাপন কৰা হয়।
ডিডিকে মুম্বাই-ৰ উদ্যোগত দাদৰ বীচ্ছত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযানৰ আয়োজন কৰা হয়।
আন আন গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ ভিতৰত আছিল চিবিএফচি দিল্লী-ৰ স্বচ্ছতা অভিযান, ভাৰতীয় প্ৰেছ কাউন্সিল-ৰ স্বচ্ছতা সমাৱেশ, আইআইএমচি দিল্লী-ৰ ঘৰে ঘৰে সজাগতা অভিযান, ডিডিকে পাটনা-ৰ ৰাজপথৰ নাটক, অল ইণ্ডিয়া ৰেডিঅ’ আহমেদাবাদ-ৰ স্বচ্ছতা উৎসৱ, ডিডিকে দিল্লী-ৰ উদ্যোগত স্বাস্থ্য শিবিৰ। মন্ত্ৰালয়ে ছপা, ডিজিটেল, আৰু ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে এই কাৰ্য্যকলাপসমূহৰ ব্যাপক প্ৰচাৰো নিশ্চিত কৰিছিল, যাৰ ফলত জনসচেতনতা আৰু অভিযানত অংশগ্ৰহণ বৃদ্ধি পাইছিল।
***************
पीके/केसी/डीवी/KB
(Release ID: 2177112)
Visitor Counter : 13