যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিব এছিয়াৰ প্ৰিমিয়াৰ টেলিকম এণ্ড টেক ইভেণ্ট আই এম চি ২০২৫
নতুন দিল্লীৰ যশোভূমি সন্মিলন কেন্দ্ৰত ৮-১১ অক্টোবৰত অনুষ্ঠিত হ’ব আই এম চি ২০২৫
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই যশোভূমিত ইণ্ডিয়া ম'বাইল কংগ্ৰেছ ২০২৫ৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে
‘পৰিবৰ্তনৰ বাবে উদ্ভাৱন’ বিষয়বস্তুৰে আই এম চি ২০২৫-এ টেলিকম আৰু ডিজিটেল প্ৰযুক্তিত স্বনিৰ্ভৰশীলতা আৰু আত্মনিৰ্ভৰ ভাৰতক সবল কৰি তুলিব
৬জি পৰিবেশতন্ত্ৰ, চাইবাৰ সুৰক্ষা, উপগ্ৰহ যোগাযোগ, কৃত্ৰিম বুদ্ধিমত্তা আৰু ইণ্টাৰনেট অৱ থিংছ তথা টেলিকম নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া হ’ব
১ লাখ ৫০ হাজাৰৰো অধিক দৰ্শনাৰ্থী, ৭,০০০ৰো অধিক আন্তৰ্জাতিক প্ৰতিনিধি, ৪০০ৰো অধিক প্ৰদৰ্শনীত অংশগ্ৰহণকাৰীৰ উপস্থিতি আশা কৰা হৈছে
কৃত্ৰিম বুদ্ধিমত্তা, চাইবাৰ সুৰক্ষা আৰু অন্যান্য বিষয়ৰ লগতে ৫জিত ১,৬০০ তকৈও অধিক নতুন প্ৰযুক্তি নিদৰ্শন
পৰিবৰ্তনশীল প্ৰযুক্তি সন্দৰ্ভত শতাধিক অধিৱেশন আৰু ৮ শতাধিক বক্তা
ভাৰতৰ ডিজিটেল দৃষ্টিভংগী আৰু আন্তৰ্জাতিক নেতৃত্ব ত্বৰান্বিত কৰিবলৈ ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৫
Posted On:
06 OCT 2025 4:05PM by PIB Guwahati
কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই আজি ২০২৫ চনৰ ৮ অক্টোবৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা উদ্বোধনৰ পূৰ্বে চূড়ান্ত প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ দ্বাৰকাৰ যশোভূমিৰ ইণ্ডিয়া ম’বাইল কংগ্ৰেছ (আই এম চি) ২০২৫ৰ স্থান পৰিদৰ্শন কৰে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই নতুন দিল্লীৰ শিৱাজী ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি বিমানবন্দৰ মেট্ৰ’ৰ জৰিয়তে অনুষ্ঠানস্থলীলৈ যাত্ৰা কৰাৰ লগতে উভতি আহে।
ভ্ৰমণৰ সময়ত, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰদৰ্শনী ক্ষেত্ৰখন বিশদভাৱে পৰিদৰ্শন কৰাৰ লগতে অংশগ্ৰহণকাৰী ষ্টাৰ্টআপ তথা প্ৰদৰ্শনীত অংশগ্ৰহণকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে আৰু দূৰসংযোগ বিভাগ (ডিঅ’টি), চেলুলাৰ অপাৰেটৰ এছ’চিয়েচন অৱ ইণ্ডিয়া (চিঅ’এআই) তথা অংশীদাৰ সংস্থাসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। তেওঁ সংবাদ মাধ্যমকো সম্বোধন কৰি আইএমচি ২০২৫ৰ পৰিসৰ, লক্ষ্য আৰু আন্তৰ্জাতিক গুৰুত্বৰ বিষয়ে উল্লেখ কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে আইএমচি ২০২৫-এ সংযোগৰ ক্ষেত্ৰত এক নতুন দৃষ্টান্তৰ সূচনা কৰিব, য’ত দূৰসংযোগ ভাৰতৰ লগতে দেশখনক বিশ্বৰ সৈতে সংযোগ কৰাৰ বাবে ৫জি, কৃত্ৰিম বুদ্ধিমত্তা, এম এল, আই অ’ টি আৰু উপগ্ৰহ যোগাযোগৰ দৰে প্ৰযুক্তিৰ বাবে প্ৰধান আহিলা হৈ উঠিব। প্ৰযুক্তিগত সবলীকৰণৰ এই দৃষ্টিভংগীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত এঘাৰ বছৰত সাৱধানে প্ৰস্তুত কৰা এক কৌশল বুলি অভিহিত কৰি তেওঁ কয় যে এই দৃষ্টিভংগীৰ লক্ষ্য হৈছে বিশ্বৰ প্ৰগতি ত্বৰান্বিত কৰাৰ সামৰ্থ্য ৰখা আত্মনিৰ্ভৰশীল, সবল আৰু উদ্ভাৱনীমূলক ভাৰত গঢ়ি তোলাৰ কল্পনা কৰা।
এই বছৰৰ ইণ্ডিয়া ম’বাইল কংগ্ৰেছত ১৫০ খনৰো অধিক দেশৰ পৰা অহা ১.৫ লাখতকৈও অধিক দৰ্শনাৰ্থী, ৭ হাজাৰ প্ৰতিনিধি আৰু অংশগ্ৰহণকাৰীৰ লগতে যশোভূমিৰ ৪.৫ লাখ বৰ্গফুটৰ বিস্তৃত এলেকাত ৪০০ অংশগ্ৰহণকাৰীয়ে প্ৰদৰ্শনীত ভাগ ল’ব। আইএমচিএ ৰাষ্ট্ৰীয় মঞ্চৰ পৰিধি নেওচি ‘ডিজিটেল ডমেইনত ভাৰতৰ বৰ্ধিত সামৰ্থ্য আৰু নেতৃত্বক প্ৰতিফলিত কৰা এক এছিয়ান আৰু গোলকীয় প্ৰযুক্তি কংগ্ৰেছ’ হিচাপে বিকশিত হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই মন্তব্য কৰে।
ইয়াৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আইএমচি ২০২৫ত ছখন মুখ্য আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হ’ব, য’ত প্ৰত্যেকেই ডিজিটেল উদ্ভাৱনৰ সীমাসমূহক প্ৰতিনিধিত্ব কৰিব। ইয়াৰ ভিতৰত আছেঃ
- আন্তঃৰাষ্ট্ৰীয় ভাৰত ৬জি সিম্পোজিয়াম, যি ভাৰত ৬জি মিত্ৰতাৰ জৰিয়তে ৬জি গৱেষণাত ভাৰতৰ নেতৃত্ব প্ৰদৰ্শন কৰিব;
· নেটৱৰ্ক আৰু সেৱাত কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিবৰ্তনশীল প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰা আন্তঃৰাষ্ট্ৰীয় কৃত্ৰিম বুদ্ধিমত্তা সন্মিলন;
· ১.২ বিলিয়নৰো অধিক টেলিকম ব্যৱহাৰকাৰীক সুৰক্ষিত কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰা চাইবাৰ সুৰক্ষা সন্মিলন;
· ছেটকম সন্মিলন, যি ভাৰতত উপগ্ৰহ ভিত্তিক যোগাযোগ সেৱাৰ নতুন যুগ সন্দৰ্ভত আলোচনা কৰিব;
· আইএমচি অভিলাসী কাৰ্যসূচীয়ে প্ৰায় ৫০০ টা ষ্টাৰ্টআপ আৰু ৩০০ টা উদ্যোগ পুঁজিপতি, ব্যক্তিগত ইকুইটি বিনিয়োগকাৰী আৰু উদ্যোগৰ নেতৃবৰ্গক একত্ৰিত কৰে; আৰু
- বিশ্ব ষ্টাৰ্টআপ বিশ্বকাপ-ভাৰত সংস্কৰণ, য'ত ১৫ গৰাকী চূড়ান্ত প্ৰতিযোগীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক নিযুত ডলাৰ বিনিয়োগৰ সুযোগৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই অনুষ্ঠানসমূহে একেলগে আইএমচি ২০২৫ক ধাৰণা, প্ৰযুক্তি আৰু বিনিয়োগৰ এক আন্তৰ্জাতিক সমন্বয়স্থল হিচাপে প্ৰতিষ্ঠা কৰে, যি ভাৰতৰ টেলিকম আৰু ডিজিটেল বিকাশৰ কাহিনীক সংজ্ঞায়িত কৰা উদ্ভাৱনৰ মনোভাৱক মূর্ত কৰে।
টেলিকম খণ্ডত ভাৰতৰ সাফল্যৰ বিষয়ে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে দেশখনে আজি বিশ্বৰ শীৰ্ষ তিনিখন ডিজিটেল ৰাষ্ট্ৰৰ ভিতৰত থিয় দিছে, য’ত ১.২ বিলিয়ন মোবাইল গ্ৰাহক, ৯৭০ মিলিয়ন ইণ্টাৰনেট ব্যৱহাৰকাৰী আৰু বিশ্বৰ আটাইতকৈ দ্ৰুত ৫জি ৰোলআউট মাত্ৰ ২২ মাহত লাভ কৰাৰ তথ্য আছে।
"আমাৰ শক্তি হৈছে ভাৰতত শৈলী প্ৰস্তুত কৰা, ভাৰতত সমাধান কৰা আৰু ভাৰতত পৰিসৰ বৃদ্ধি কৰাৰ আমাৰ সামৰ্থ্য। আইএমচি ২০২৫-এ প্ৰযুক্তিগত আত্মনিৰ্ভৰশীলতা আৰু উদ্ভাৱনৰ এই যাত্ৰা উদযাপন কৰিব", তেওঁ উল্লেখ কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰি সামৰণি মাৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ৮ অক্টোবৰত পুৱা ৯.৩০ বজাত দ্বাৰকাৰ যশোভূমিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ ২০২৫ উদ্বোধন কৰিব। "মাননীয় প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতৰ টেলিকম খণ্ড উদ্ভাৱন, সংযোগ আৰু অন্তৰ্ভুক্তিৰ পথপ্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰিছে আইএমচি ২০২৫ বিশ্বৰ সন্মুখত ভাৰতৰ ডিজিটেল ৰূপান্তৰৰ প্ৰতিফলন হিচাপে পৰিগণিত হ’ব", তেওঁ কয়।
****
Samrat/Allen/DD
(Release ID: 2175397)
Visitor Counter : 6