গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে চত্তীশগড়ৰ জগদলপুৰত বাষ্টাৰ দশেৰা উৎসৱত অংশগ্ৰহণ কৰে

৭৫ দিনীয়া বাষ্টাৰ দশেৰা উৎসৱ কেৱল জনজাতীয় সমাজ, ছত্তীশগড়, বা ভাৰতৰ বাবেই তাৎপৰ্যপূৰ্ণ নহয়, বিশ্বৰ সৰ্ববৃহৎ সাংস্কৃতিক উৎসৱ

বছৰ বছৰ ধৰি একাংশ লোকে নক্সালবাদ উন্নয়নৰ বাবে যুঁজ বুলি ভ্ৰান্ত ধাৰণা বিয়পাই আহিছে যদিও বাষ্টাৰৰ উন্নয়নৰ পৰা বঞ্চিত হোৱাৰ মূল কাৰণ পিছে নক্সালবাদেই

প্ৰধানমন্ত্ৰী মোদীৰ হৈ মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰিছো যে ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত নক্সালবাদীয়ে আৰু বাষ্টাৰৰ বিকাশ বা জনসাধাৰণৰ অধিকাৰত বাধা দিব নোৱাৰিব

বিপথে পৰিচালিত যুৱক-যুৱতীসকলক অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিত যোগদান কৰিবলৈ, বাষ্টাৰৰ উন্নয়নৰ অংশীদাৰ হ’বলৈ বাষ্টাৰৰ ৰাইজক আহ্বান জনাইছো

কেন্দ্ৰ আৰু ছত্তীশগড় চৰকাৰ বাষ্টাৰ আৰু নক্সাল প্ৰভাৱান্বিত সকলো অঞ্চলৰ উন্নয়নৰ বাবে সম্পূৰ্ণ দায়বদ্ধ

কোনোবাই যদি অস্ত্ৰৰে বাষ্টাৰৰ শান্তি বিঘ্নিত কৰাৰ চেষ্টা কৰে তেন্তে আমাৰ সশস্ত্ৰ বাহিনী আৰু আৰক্ষীয়ে উপযুক্ত সঁহাৰি দিব

বাষ্টাৰ দশেৰা, বাষ্টাৰ অলিম্পিক, ইয়াৰ খাদ্য, সাজ-পোছাক, শিল্প, বাদ্যযন্ত্ৰ কেৱল বাষ্টাৰতে নহয়, সমগ্ৰ বিশ্বতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে

১৮৭৪ চনৰ পৰা মুৰিয়া দৰবাৰত সক্ৰিয় অংশগ্ৰ

Posted On: 04 OCT 2025 6:28PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি ছত্তীশগড়ৰ জগদলপুৰত আয়োজিত বাষ্টাৰ দশেৰা উৎসৱত অংশগ্ৰহণ কৰে। ভাষণ প্ৰদানৰ  পূৰ্বে শ্ৰী শ্বাহে প্ৰখ্যাত দন্তেশ্বৰী মন্দিৰত উপস্থিত হৈ প্ৰাৰ্থনা কৰে। বাষ্টাৰ দশেৰা মহোৎসৱত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী শ্ৰী বিষ্ণু দেও ছাই আৰু উপ-মুখ্যমন্ত্ৰী ড° বিজয় শৰ্মাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

1.JPG

ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে বিশ্বৰ সৰ্ববৃহৎ আৰু অনন্য উৎসৱ ৭৫ দিনীয়া বাষ্টাৰ দশেৰা কেৱল জনজাতীয় সমাজ, বাস্তৰ, ছত্তীশগড়, বা ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বাবেও এক সাংস্কৃতিক অনুষ্ঠান। শ্ৰী শ্বাহে উল্লেখ কৰে যে দন্তেশ্বৰী মন্দিৰত প্ৰাৰ্থনাৰ সময়ত তেওঁ ২০২৬ চনৰ ৩১ মাৰ্চৰ ভিতৰত বাষ্টাৰ অঞ্চলটোক নক্সালৰ হিংসাৰ পৰা মুক্ত কৰাৰ শক্তি আহৰণৰ বাবে নিৰাপত্তা বাহিনীৰ বাবে আশীৰ্বাদ বিচাৰিছে।নক্সালবাদ  উন্নয়নৰ সংগ্ৰামৰ বাবে  উদ্ভৱ হোৱা বুলি বহুতে দিল্লীত প্ৰচাৰ কৰা ভুল ধাৰণাক তেওঁ নুই কৰি কয় যে বাষ্টাৰৰ প্ৰগতিৰ পৰা বঞ্চিত হোৱাৰ নক্সালবাদ নিজেই  প্ৰধান কাৰণ । তেওঁ আলোকপাত কৰে যে দেশৰ প্ৰতিখন গাঁৱতে এতিয়া বিদ্যুৎ, খোৱাপানী, পথ, শৌচাগাৰ, ৫ লাখ টকা পৰ্যন্ত স্বাস্থ্য বীমা  আৰু বিনামূলীয়া শস্য বিতৰণৰ সুবিধা আছে যদিও প্ৰতি কুইণ্টলত চাউলৰ ক্ৰয় মূল্য  ৩,১০০ টকাৰে  প্ৰগতিৰ দৌৰত বাষ্টাৰ পিছ পৰি আছে।

2.JPG

গৃহমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ হৈ আশ্বাস দিয়ে যে ২০২৬ চনৰ ৩১ মাৰ্চৰ পিছত নক্সালবাদীয়ে আৰু বাষ্টাৰৰ উন্নয়ন বা ইয়াৰ জনসাধাৰণৰ অধিকাৰত বাধা দিব নোৱাৰিব। শ্ৰী শ্বাহে কয় যে বাষ্টাৰৰ স্থানীয় যুৱকসকলে নক্সালবাদৰ দ্বাৰা  বিপথে পৰিচালিত হৈছে । এই বিপথে পৰিচালিত যুৱক-যুৱতীসকলক অস্ত্ৰ-শস্ত্ৰ এৰি মূলসুঁতিৰ সৈতে যোগ দি অঞ্চলটোৰ উন্নয়নত অৰিহণা যোগাবলৈ তেওঁ বাষ্টাৰবাসীক আহ্বান জনায়।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ আটাইতকৈ ফলপ্ৰসূ আত্মসমৰ্পণ নীতি প্ৰণয়ন কৰাৰ বাবে ছত্তীশগড় চৰকাৰক প্ৰশংসা কৰি উল্লেখ কৰে যে কেৱল বিগত এমাহত ৫০০ৰো অধিক লোকে আত্মসমৰ্পণ কৰিছে। তেওঁ নক্সালবাদীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই ঘোষণা কৰে যে যিখন গাঁও সম্পূৰ্ণৰূপে নক্সালবাদৰ পৰা মুক্ত হ’ব, সেইখন গাঁৱে উন্নয়নৰ বাবে ছত্তীশগড় চৰকাৰৰ পৰা ১ কোটি টকা লাভ কৰিব। শ্ৰী শ্বাহে কয় যে নক্সালবাদে কোনো লাভ কঢ়িয়াই অনা নাই আৰু বিপদহে  কঢ়িয়াই আনিছে।3.JPG

শ্ৰী শ্বাহে উল্লেখ কৰে যে কেন্দ্ৰ আৰু ছত্তীশগড় দুয়োখন চৰকাৰেই ফলপ্ৰসূ নীতি গ্ৰহণ কৰি বাষ্টাৰ আৰু অন্যান্য নক্সাল প্ৰভাৱান্বিত অঞ্চলৰ উন্নয়নৰ বাবে সম্পূৰ্ণৰূপে দায়বদ্ধ । বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে ছত্তীশগড়ৰ উন্নয়নৰ বাবে প্ৰায় ৪.৪০ লাখ কোটি টকা আগবঢ়াইছে। ৰাজ্যখন অভূতপূৰ্ব গতিৰে আগবাঢ়িছে, উদ্যোগ স্থাপন, শিক্ষানুষ্ঠান নিৰ্মাণ, স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণ, ক্ষুদ্ৰ উদ্যোগৰ প্ৰসাৰ ঘটিছে।

4.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আকৰ্ষণীয় আত্মসমৰ্পণ নীতিৰ অধীনত নক্সালবাদীক আত্মসমৰ্পণৰ  বাবে পুনৰ আহ্বান জনায়। অৱশ্যে তেওঁ লগতে সকীয়াই দিয়ে যে হিংসাৰ জৰিয়তে বাষ্টাৰৰ শান্তি বিঘ্নিত কৰাৰ যিকোনো প্ৰচেষ্টা সশস্ত্ৰ বাহিনী, চি আৰ পি এফ আৰু ছত্তীশগড় আৰক্ষীৰ  কঠোৰ সঁহাৰিৰ সন্মুখীন হ’ব। তেওঁ দৃঢ়তাৰে কয় যে ২০২৬ চনৰ ৩১ মাৰ্চ তাৰিখে দেশৰ পৰা নক্সালবাদ সম্পূৰ্ণৰূপে নিৰ্মূল হ’ব বুলি তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এইবাৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জনজাতীয় লোকে বাষ্টাৰ অলিম্পিকত অংশগ্ৰহণ কৰিব। তেওঁ কয় যে বাষ্টাৰৰ পাণ্ডুম উৎসৱ, খাদ্য, সাজ-পোছাক, শিল্প, বাদ্যযন্ত্ৰ কেৱল বাষ্টাৰতে নহয় বিশ্বজুৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্প হৈছে কেৱল ভাৰতৰ বাবেই নহয় সমগ্ৰ বিশ্বৰ বাবে যুগ যুগ ধৰি আমাৰ সংস্কৃতি, ভাষা, খাদ্য, বস্ত্ৰ, বাদ্যযন্ত্ৰ আদি সংৰক্ষণ কৰা। এই সংকল্প পূৰণৰ বাবে ছত্তীশগড় চৰকাৰ আৰু ভাৰত চৰকাৰ সম্পূৰ্ণৰূপে দায়বদ্ধ।

5.JPG

 

শ্ৰী অমিত শ্বাহে লগতে আলোকপাত কৰে যে ১৮৭৪ চনৰ পৰা সক্ৰিয় অংশগ্ৰহণ, ন্যায়িক ব্যৱস্থা, জনজাতীয় সংস্কৃতিৰ সংৰক্ষণ, আৰু ৰাজহুৱা আলোচনাৰ পৰম্পৰাৰে গঠিত মুৰিয়া দৰবাৰ বিশ্ব ঐতিহ্যতকৈ কম নহয়। তেওঁ কয় যে মুৰিয়া দৰবাৰ সমগ্ৰ দেশৰ বাবে প্ৰেৰণা আৰু জ্ঞানৰ উৎস।

 

 

স্বদেশী জাগৰণ মঞ্চৰ উদ্যোগত আয়োজিত স্বদেশী মেলাৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘদিন ধৰি স্বদেশী (থলুৱা সামগ্ৰী)ৰ গুৰুত্বৰ বিষয়ে  আলোকপাত  কৰি আহিছে। স্বদেশী জাগৰণ মঞ্চই বহু বছৰ ধৰি স্বদেশীক গণ আন্দোলন হিচাপে প্ৰচাৰ কৰি আহিছে। এতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতি ঘৰে ঘৰে কেৱল ভাৰতত প্ৰস্তুত কৰা  সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ আহ্বান জনাইছে। তেওঁ প্ৰতিজন ব্যৱসায়ীক তেওঁলোকৰ দোকান বা শ্বপিং মলত যাতে বিদেশী সামগ্ৰী মজুত ৰখা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। শ্ৰী শ্বাহে উল্লেখ কৰে যে ভাৰতৰ ১৪০ কোটি জনসংখ্যাই যদি স্বদেশীৰ প্ৰতিশ্ৰুতি আঁকোৱালি লয় তেন্তে ভাৰতক বিশ্বৰ শীৰ্ষ অৰ্থনৈতিক শক্তি হোৱাৰ পৰা কোনেও বাধা দিব নোৱাৰে।

6.JPG

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে ছত্তীশগড়কে ধৰি সমগ্ৰ দেশৰ মাতৃ-ভগ্নীসকলক ৩৯৫টা বস্তুৰ ক্ষেত্ৰত  যথেষ্ট পৰিমাণৰ জি এছ টি ৰেহাই প্ৰদান কৰি যথেষ্ট সকাহ দিছে। প্ৰায় সকলো খাদ্য আৰু পানীয় সামগ্ৰী  কৰমুক্ত কৰা হৈছে আৰু দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰীৰ ক্ষেত্ৰত  মাত্ৰ পাঁচ শতাংশ কৰ আৰোপ কৰা হৈছে। তেওঁ কয় যে ইমান ব্যাপক কৰ হ্ৰাস দেশত আগতে কেতিয়াও দেখা পোৱা যোৱা নাছিল। স্বদেশী মূল্যবোধ গ্ৰহণ কৰিলে দেশৰ অৰ্থনীতিয়ে অভূতপূৰ্ব গতি লাভ কৰিব। শ্ৰী শ্বাহে উল্লেখ কৰে যে ৩০০ৰো অধিক স্বদেশী কোম্পানীয়ে বাষ্টাৰ দশেৰা  মহোৎসৱত অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে স্বদেশী ৱাকথন স্বদেশী মনোভাৱক এক নতুন পৰিচয় দিয়াৰ এক ফলপ্ৰসূ মাধ্যমত পৰিণত হৈছে আৰু দেশজুৰি আয়োজন কৰা স্বদেশী  মেলাসমূহে এই আন্দোলনক আৰু অধিক ত্বৰান্বিত কৰিছে।

ABF00629.JPG

শ্ৰী অমিত শ্বাহে কয় যে ৭৫ দিনীয়া বাষ্টাৰ দশেৰা  সকলোৰে বাবে গৌৰৱ, পৰিচয়, আৰু সন্মানৰ বিষয়। তেওঁ কয় যে চতুৰ্দশ শতিকাৰ পৰা আৰম্ভ হোৱা এই ৰথ শোভাযাত্ৰাৰ ফলত অঞ্চলটোত সাংস্কৃতিক জাগৰণৰ সূচনা হয়। শ্ৰী শ্বাহে উল্লেখ কৰে যে বাষ্টাৰ দশেৰা  আৰু মুৰিয়া দৰবাৰে জনজাতীয় জনগোষ্ঠীসমূহক একত্ৰিত কৰি সমগ্ৰ বাষ্টাৰ অঞ্চলক একত্ৰিত কৰাৰ  কাম কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে আদিবাসীক সন্মান জনোৱাৰ বাবে কেইবাখনো আঁচনি আৰম্ভ কৰিছে। প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে জনজাতীয় সম্প্ৰদায়ৰ এগৰাকী কন্যা শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি হিচাপে দেশৰ সৰ্বোচ্চ পদবীত অধিষ্ঠিত কৰিছে, এয়া অতি গৌৰৱৰ বিষয়। তেওঁ কয় যে মহামহিম দ্ৰৌপদী মুৰ্মুৱে যেতিয়া বিশ্ব নেতাসকলক সাক্ষাৎ কৰে তেতিয়া ই কেৱল জনজাতীয় সমাজেই নহয়, সকলো ভাৰতীয়ৰে মন গৌৰৱেৰে ভৰাই তোলে। ওড়িশাৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী কন্যাক সৰ্বোচ্চ গণতান্ত্ৰিক পদবীলৈ উন্নীত কৰাটো সকলোৰে বাবে গৌৰৱৰ বিষয়। শ্ৰী শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তীক জনজাতি গৌৰৱ বছৰ হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নক্সালবাদ এৰি আত্মসমৰ্পণ কৰাসকলৰ বাবে আৰু বাষ্টাৰ  সংমণ্ডলৰ সাতখন জিলাত নক্সালৰ হিংসাত নিহত হোৱাসকলৰ পৰিয়ালৰ বাবেও ১৫ হাজাৰৰো অধিক পি এম আবাসৰ ঘৰত অনুমোদন জনাইছে।

শ্ৰী অমিত শ্বাহে উল্লেখ কৰে যে নাৰায়ণপুৰ জিলাৰ পৰা শ্ৰী পুণ্ডী ৰাম মাণ্ডৱী আৰু শ্ৰী হেমচান্দ মাঞ্জী আৰু কংকাৰৰ পৰা শ্ৰী অজয় ​​কুমাৰ মাণ্ডৱীক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে। বাষ্টাৰ দশেৰা  মহোৎসৱ উপলক্ষে ছত্তীশগড়ৰ ৭০ লাখ মাতৃক ৬০৭ কোটি টকা প্ৰদান কৰি ‘মহতাৰী বন্দন যোজনা’ৰ ২০ সংখ্যক কিস্তি বিতৰণ কৰা হয়। বাষ্টাৰ আৰু সুৰগুজা সংমণ্ডলৰ ২৫০খন গাঁৱক সামৰি  মুখ্যমন্ত্ৰী গ্ৰাম্য বাছ আঁচনিও আৰম্ভ কৰা হয়।

 RK/VV/PS/PR/DM


(Release ID: 2175171) Visitor Counter : 2