বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মল সীতাৰমণে ৪ অক্টোবৰ, ২০২৫ তাৰিখে গুজৰাটৰ গান্ধীনগৰৰ পৰা বিত্তীয় খণ্ডৰ দাবীহীন সম্পত্তি বিষয়ক দেশজোৰা সজাগতা অভিযান – “আপ কা পুঁজি আপকা অধিকাৰ ” (“আপোনাৰ ধন, আপোনাৰ অধিকাৰ”) আৰম্ভ কৰিব

प्रविष्टि तिथि: 01 OCT 2025 1:24PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ বিত্তীয় সেৱা বিভাগে ভাৰতীয় ৰিজাৰ্ভ বেংক (আৰ বি আই), ভাৰতীয় বীমা নিয়ন্ত্ৰক আৰু উন্নয়ন প্ৰাধিকৰণ (আই আৰ ডি এ আই), ভাৰতীয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড (ছেবি) আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ বিনিয়োগকাৰী শিক্ষা তথা  সুৰক্ষা পুঁজি কৰ্তৃপক্ষ (আই ই পি এফ এ)ৰ সমন্বয়ত তিনিমাহৰ বাবে বিত্তীয় খণ্ডৰ দাবীহীন সম্পত্তি বিষয়ক দেশজোৰা সজাগতা অভিযান (অক্টোবৰ–ডিচেম্বৰ, ২০২৫)“আপ কা পুঁজি আপ কা অধিকাৰ ” (“আপোনাৰ ধন, আপোনাৰ অধিকাৰ”) শীৰ্ষক অভিযান আৰম্ভ কৰিব।

 ৪ অক্টোবৰ ২০২৫ তাৰিখে গুজৰাটৰ গান্ধীনগৰৰ পৰা এই অভিযানৰ শুভাৰম্ভণি কৰিব কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে।

 

বীমা পলিচিৰ দাবী, বেংকত থোৱা  জমা, লভ্যাংশ, শ্বেয়াৰ, আৰু মিউচুৱেল ফাণ্ডৰ উপাৰ্জনকে আদি বিত্তীয় সম্পত্তিসমূহ সজাগতাৰ অভাৱ বা সঠিকভাবে আপডেট নকৰা  পুৰণি একাউণ্টৰ  বাবে প্ৰায়ে দাবী নকৰাকৈয়ে থাকি যায় । এই অভিযানৰ সময়ত নাগৰিকসকলক তেওঁলোকৰ দাবী নকৰা সম্পত্তি কেনেকৈ বিচাৰিব লাগে, কেনেকৈ ৰেকৰ্ড আপডেট কৰিব লাগে আৰু দাবীৰ পদ্ধতি সম্পূৰ্ণ কৰিব লাগে সেই বিষয়ে স্থানীয়ভাৱে পৰামৰ্শ আগবঢ়োৱা হ’ব। এই অভিযানত ডিজিটেল সঁজুলি আৰু ষ্টেপ বাই ষ্টেপ প্ৰদৰ্শনো প্ৰদৰ্শন কৰা হ’ব।

নাগৰিকে সঞ্চয় কৰা প্ৰতিটো টকা যাতে তেওঁলোকে, বা তেওঁলোকৰ আইনী উত্তৰাধিকাৰী তথা  মনোনীত ব্যক্তিসকলে সঠিকভাৱে দাবী কৰিব পাৰে, তাৰ বাবে ভাৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। এই অভিযানে মানুহক সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰিব, সজাগতা সৃষ্টিত সহায় কৰিব আৰু প্ৰতিখন  ঘৰতে আৰ্থিক অন্তৰ্ভুক্তি শক্তিশালী কৰি তুলিব । ই নাগৰিকসকলক তেওঁলোকৰ দাবী নকৰাকৈ থকা  ধনৰ বিষয়ে  কেনেকৈ অনুসন্ধান কৰিব লাগে  আৰু সেয়া দাবী কৰিব লাগে  সেই বিষয়ত স্পষ্ট তথ্য প্ৰদান কৰি তেওঁলোকক শক্তিশালী কৰিব বিচাৰে। এয়া নিজ নিজ পুঁজি নিয়ন্ত্ৰকসকলে বিকশিত কৰা ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ (এছঅ’পি) আৰু ফ্ৰিকুৱেণ্টলি আস্কড প্ৰশ্ন (এফএকিউ)ৰ দ্বাৰা সমৰ্থিত, যাতে প্ৰক্ৰিয়াটো সহজ আৰু স্বচ্ছ হয়।

অভিযানৰ সময়ত বেংক, বীমা কোম্পানী, মিউচুৱেল ফাণ্ড, পেঞ্চন প্ৰতিষ্ঠানৰ ষ্টলসমূহৰ সৈতে এক বিশেষ বিত্তীয় অন্তৰ্ভুক্তিৰ প্ৰদৰ্শনীও আয়োজন কৰা হ’ব।

 NB/AD/DM


(रिलीज़ आईडी: 2174238) आगंतुक पटल : 40
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Punjabi , Gujarati , Telugu , Kannada