প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

চৰকাৰী কাৰ্যসূচীৰ সময়চোৱাত লাভ কৰা উপহাৰৰ অনলাইন নিলামত অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান

Posted On: 24 SEP 2025 1:09PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা কাম-কাজৰ সময়চোৱাত লাভ কৰা উপহাৰৰ বিশেষ সংগ্ৰহৰ এক অনলাইন নিলাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে এই উপাৰ্জনে গংগা নদীৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰণৰ বাবে গৃহীত নমামি গংগে শীৰ্ষক দেশৰ ধ্বজাবাহী কাৰ্যসূচীত অৰিহণা যোগাব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে নাগৰিকসকলক নিলামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে  

 

এক্স-ৰ এটা পোষ্টত তেওঁ লিখেঃ

 

"বিগত কিছুদিন, বিভিন্ন কাৰ্যসূচীৰ সময়ত মই লাভ কৰা উপহাৰসমূহৰ অনলাইন নিলাম চলি আছে এই নিলামত ভাৰতৰ সংস্কৃতি আৰু সৃষ্টিশীলতা প্ৰতিস্ফূত হোৱা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী সামৰি লোৱা হৈছে। নিলামৰ পৰা সংগৃহীত উপাৰ্জন নমামি গংগেৰ হকে ব্যৱহাৰ কৰা হব।নিলামত অংশগ্ৰহণ কৰক।

pmmementosgovin "

 

 

***

MJPS/SR/DD


(Release ID: 2172571) Visitor Counter : 2