প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
চৰকাৰী কাৰ্যসূচীৰ সময়চোৱাত লাভ কৰা উপহাৰৰ অনলাইন নিলামত অংশগ্ৰহণ কৰিবলৈ নাগৰিকসকললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান
পোষ্ট কৰা হৈছে:
24 SEP 2025 1:09PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন চৰকাৰী কাৰ্যসূচী তথা কাম-কাজৰ সময়চোৱাত লাভ কৰা উপহাৰৰ বিশেষ সংগ্ৰহৰ এক অনলাইন নিলাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। এই উপাৰ্জনে গংগা নদীৰ সংৰক্ষণ আৰু পুনৰুজ্জীৱিত কৰণৰ বাবে গৃহীত নমামি গংগে শীৰ্ষক দেশৰ ধ্বজাবাহী কাৰ্যসূচীত অৰিহণা যোগাব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে নাগৰিকসকলক নিলামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰে।
এক্স-ৰ এটা পোষ্টত তেওঁ লিখেঃ
"বিগত কিছুদিনত, বিভিন্ন কাৰ্যসূচীৰ সময়ত মই লাভ কৰা উপহাৰসমূহৰ অনলাইন নিলাম চলি আছে। এই নিলামত ভাৰতৰ সংস্কৃতি আৰু সৃষ্টিশীলতা প্ৰতিস্ফূত হোৱা বিভিন্ন আকৰ্ষণীয় সামগ্ৰী সামৰি লোৱা হৈছে। নিলামৰ পৰা সংগৃহীত উপাৰ্জন ‘নমামি গংগে’ৰ হকে ব্যৱহাৰ কৰা হ’ব।নিলামত অংশগ্ৰহণ কৰক।
pmmementosgovin "
***
MJPS/SR/DD
(ৰিলিজ আই ডি : 2172571)
অতিথি কক্ষ : 20
ত এই ৰিলিজটো পঢ়ক:
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam