প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
২৬ ছেপ্টেম্বৰত বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীয়ে
Posted On:
25 SEP 2025 6:44PM by PIB Guwahati
আঁচনিখনৰ লক্ষ্য হৈছে আত্মনিয়োগ আৰু জীৱিকাৰ সুযোগৰ জৰিয়তে মহিলাসকলক সবলীকৰণ কৰা
আঁচনিখনৰ অধীনত ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব
প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰত ৭৫ লাখ মহিলাক ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব
লগতে প্ৰতিগৰাকী মহিলাক ১০,০০০ টকাকৈ, অতিৰিক্ত আৰ্থিক সহায় হিচাবে পৰৱৰ্তী সময়ত ২ লাখ টকাকৈ আগবঢ়াব
পোষ্ট কৰা হৈছে:25 SEP 2025 6:44PM by PIB Delhi
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ ছেপ্টেম্বৰৰ দিনৰ ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিহাৰৰ মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনা মুকলি কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে পোনপটীয়াকৈ সমগ্ৰ বিহাৰৰ ৭৫ লাখ মহিলাৰ বেংক একাউণ্টত ১০,০০০ টকাকৈ মুঠ ৭৫০০ কোটি টকা হস্তান্তৰ কৰিব ।
বিহাৰ চৰকাৰৰ উদ্যোগত মহিলাসকলক আত্মনিৰ্ভৰ কৰি তোলাৰ লগতে স্ব-নিয়োজন তথা জীৱিকাৰ সুবিধা প্ৰদানৰ জৰিয়তে মহিলা সৱলীকৰণৰ প্ৰসাৰৰ লক্ষ্যৰে এই আঁচনিখন গ্ৰহণ কৰা হৈছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালৰ পৰা এগৰাকী মহিলাক আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব, যাৰ ফলত তেওঁলোকে নিজৰ পছন্দৰ কৰ্মসংস্থাপন বা জীৱিকাৰ সন্ধান কৰিব পাৰিব। ইয়াৰ ফলত মহিলাসকলৰ অৰ্থনৈতিক স্বাধীনতা আৰু সামাজিক সবলীকৰণৰ বাট প্ৰশস্ত হ'ব।
এই আঁচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীয়ে প্ৰাৰম্ভিক অনুদান হিচাবে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে লাভ কৰিব ১০,০০০ টকা। পৰৱৰ্তী পৰ্যায়ত ২ লাখ টকা পৰ্যন্ত অতিৰিক্ত আৰ্থিক সহায় লাভৰো সম্ভাৱনা আছে। । কৃষি, পশুপালন, হস্তশিল্প, টেইলৰিং, বয়ন আৰু অন্যান্য ক্ষুদ্ৰ উদ্যোগকে ধৰি হিতাধিকাৰীৰ পছন্দৰ ক্ষেত্ৰত এই সাহায্য ব্যৱহাৰ কৰিব পাৰিব।
আঁচনিখন সামাজিকভাবে পৰিচালিত হ’ব, য’ত আৰ্থিক সহায়ৰ লগতে আত্মসহায়ক গোটৰ সৈতে জড়িত সমল ব্যক্তিসকলে তেওঁলোকৰ প্ৰচেষ্টাক সহায় কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰিব। তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ৰাজ্যত গ্ৰামীণ হাট-বজাৰসমূহ অধিক উন্নত কৰা হ’ব।
মুখ্যমন্ত্ৰী মহিলা ৰোজগাৰ যোজনাৰ আৰম্ভণিতে ৰাজ্যখনৰ একাধিক প্ৰশাসনিক পৰ্যায়ত —জিলা, ব্লক, ক্লাষ্টাৰ আৰু গাঁৱত—ৰাজ্যজোৰা কাৰ্যসূচী অনুষ্ঠিত হ’ব আৰু ১ কোটিৰো অধিক মহিলাই এই কাৰ্যসূচীৰ সাক্ষী হ’ব।
***
MJPS/SR
(Release ID: 2171720)
Visitor Counter : 4
Read this release in:
Bengali
,
Gujarati
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Punjabi
,
Odia
,
Telugu
,
Kannada
,
Malayalam