তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ৰ দৃষ্টিভংগীয়ে প্ৰতিৰক্ষা, মহাকাশ, ইলেক্ট্ৰনিক্সৰ দৰে সামাজিক উন্নয়নৰ আন বহুতো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিছে: উপ-ৰাষ্ট্ৰপতি
ৰাষ্ট্ৰ প্ৰথম, ভাৰত প্ৰথম-ৰ ভাৱনাই আমাৰ উন্নয়নী যাত্ৰাক পথ প্ৰদৰ্শন কৰে; এই ভাৱনা ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ বুকুত প্ৰতিধ্বনিত হোৱাটো নিতান্তই হৃদয়স্পৰ্শীঃ উপ-ৰাষ্ট্ৰপতি
শক্তিশালী ৰাষ্ট্ৰ কেৱল ক্ষমতাৰ আধাৰতে নহয় বৰং চৰিত্ৰ তথা ঐক্যৰ আধাৰতোহে গঢ় লৈ উঠে: উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণন
প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিক জনসাধাৰণৰ সেৱাৰ মাধ্যম কৰি তুলিলে আৰু শাসন ব্যৱস্থাত সমাৱেশী দৃষ্টিভংগীৰে এক পৰিৱৰ্তন সাধন কৰিলে: অশ্বিনী বৈষ্ণৱ
প্ৰধানমন্ত্ৰীৰ নেতৃ্ত্ব এক প্ৰেৰণা কাৰণ তেওঁ সমাজ, সেৱা তথা ৰাষ্ট্ৰক আত্মস্বাৰ্থৰ উৰ্ধ্বত ৰাখে: অশ্বিনী বৈষ্ণৱ
Posted On:
22 SEP 2025 6:41PM by PIB Guwahati
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনে আজি ২০২২ চনৰ জুন মাহৰ পৰা ২০২৩ চনৰ মে’ মাহলৈ আৰু ২০২৩ চনৰ জুন মাহৰ পৰা ২০২৪ চনৰ মে’ মাহলৈকে ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰা ভাষণৰ নিৰ্বাচিত সংগ্ৰহৰ চতুৰ্থ আৰু পঞ্চমটো খণ্ড উন্মোচন কৰে। ‘সব কা সাথ, সব কা বিকাশ, সব কা প্ৰয়াস’ শীৰ্ষক সংকলনকেইটা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰকাশন বিভাগে প্ৰকাশ কৰি উলিয়াইছে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী নেতৃত্বত আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীয়ে প্ৰতিৰক্ষা, মহাকাশ, ইলেক্ট্ৰনিকছ আৰু সামাজিক উন্নয়নৰ আন কেবাটাও গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰতক আত্মনিৰ্ভৰশীল কৰি তুলিছে। তেওঁ গুৰুত্ব প্ৰদান কৰি কয় যে শক্তিশালী ৰাষ্ট্ৰ কেৱল ক্ষমতাৰ আধাৰত নহয় বৰঞ্চ চৰিত্ৰ আৰু ঐক্যৰ আধাৰতোহে গঢ় লৈ উঠে।

উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আলোকপাত কৰে যে মাতৃভাষাত গুণগত শিক্ষা, বিশুদ্ধ খোৱাপানী, অনাময় ব্যৱস্থা, সুলভ স্বাস্থ্যসেৱা, দৰিদ্ৰতা নিৰ্মূলকৰণ, স্বচ্ছ শক্তি, জলবায়ুৰ ব্যৱস্থা হৈছে ১৪০ কোটি ভাৰতীয়ৰ জীৱনত ইতিবাচক পৰিৱৰ্তনৰ শক্তিশালী আহিলা। তেওঁ আৰু উল্লেখ কৰে যে বিগত ১১টা বছৰত গ্ৰহণ কৰা উন্নয়নমূলক ব্যৱস্থাসমূহে ২৫ কোটিতকৈয়ো অধিক লোকক দৰিদ্ৰতাৰ পৰা ওলাই আহি মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিবলৈ সক্ষম কৰিছে। তেওঁ লগতে কয়, ‘ঘৰত যেতিয়া শৌচাগাৰ নিৰ্মাণ কৰা হয় তেতিয়া ই ‘মানুহ’ অৰ্থাৎ ঘৰৰ মনটোক মৰ্যাদা প্ৰদান কৰে। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু ইয়াৰ মিডিয়া ইউনিট প্ৰকাশন বিভাগৰ দলটোক সংকলন দুটা প্ৰকাশ কৰি উলিওৱাৰ বাবে অভিনন্দন জনায়।
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে’লৱে, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনীতিত নিস্বাৰ্থ সেৱাই মানুহৰ জীৱনলৈ ৰূপান্তৰণশীল পৰিৱৰ্তন আনিছে। তেওঁ পৰ্যবেক্ষণ কৰে যে প্ৰধানমন্ত্ৰীয়ে ৰাজনীতিক জনসাধাৰণৰ সেৱাৰ মাধ্যম হিচাপে গঢ়ি তুলিছে আৰু শাসন ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁৰ সমাৱেশী দৃষ্টিভংগীৰে এক পাৰ্থক্যৰ সৃষ্টি কৰিছে। তেওঁ আৰু কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বই এক প্ৰেৰণা, কিয়নো তেওঁ সমাজ, সেৱা আৰু ৰাষ্ট্ৰক আত্মস্বাৰ্থৰ উৰ্ধ্বত ৰাখে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বিগত সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰি অহা ৰূপান্তৰণশীল দৃষ্টিভংগী বুজিবলৈ এই নতুন সংকলনে গৱেষক পণ্ডিতসকলৰ বাবে এক মূল্যৱান সম্পদ হিচাপে কাম কৰিব।

ৰাজ্যসভাৰ উপ-সভাপতি শ্ৰীযুত হৰিবংশে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰী মোদীক বিশ্বৰ অন্যতম শ্ৰেষ্ঠ বাৰ্তাবাহক বুলি অভিহিত কৰি উল্লেখ কৰে যে তেওঁ মানুহৰ সৈতে সংযোগ স্থাপনৰ বাবে প্ৰতিখন আঁচনিৰ নামকৰণতো সৰ্বোচ্চ সাৱধানতা অৱলম্বন কৰে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে কয় যে সংকলনৰ এই খণ্ডসমূহে প্ৰধানমন্ত্ৰীৰ শাসন আৰ্হি সন্দৰ্ভত প্ৰামাণিক প্ৰসংগ সামগ্ৰী প্ৰদান কৰিব। তেওঁ লগতে কয় যে এই খণ্ডসমূহে ভাৰতৰ উন্নয়নী যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ নথিপত্ৰ হিচাপে থিয় দিব, যিয়ে পাঠকসকলক চৰকাৰৰ সমাৱেশী আৰু সংস্কাৰমুখী কাৰ্যসূচীৰ এক বিস্তৃত দৃষ্টিভংগী আগবঢ়াব।

‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ সম্পৰ্কীয় সংকলন
‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ হৈছে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীৰ নিৰ্বাচিত ভাষণৰ সংকলন। ৰাষ্ট্ৰ-নিৰ্মাণৰ বাবে বিশাল জনতাক উদ্বেলিত কৰি এগৰাকী প্ৰধানমন্ত্ৰীয়ে সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ধৰণটোক এই খণ্ডকেইটাই আন সকলোতকৈ বেছিকৈয়ে উজ্জ্বল কৰি তুলিছে। তেওঁৰ সম্বোধন বা তেওঁৰ ভাষণসমূহ প্ৰেৰণাদায়ক হোৱাৰ উপৰিও ভুল বা অভাৱ দূৰ কৰাত সহায় কৰে।
ভাষণৰ সংকলন হৈছে মূলতঃ সময়ৰ প্ৰতিফলন। নেতৃত্বৰ বছৰবোৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ স্পষ্টতা, দৃঢ়তা আৰু জনসাধাৰণৰ সৈতে গভীৰভাৱে সংযোগ স্থাপনৰ জৰিয়তে ৰাষ্ট্ৰখনৰ জনসাধাৰণৰ মাজত নিজকে প্ৰিয় কৰি তুলিছে। এই সংকলনসমূহত ভাৰতৰ উন্নয়ন কাহিনীৰ বিভিন্ন দিশ স্পৰ্শ কৰা বক্তৃতাৰ এক বিস্তৃত বৰ্ণালী অন্তৰ্ভুক্ত কৰা হৈছে।
চতুৰ্থ খণ্ড (জুন ২০২২-মে' ২০২৩)
প্ৰথম খণ্ডত প্ৰধানমন্ত্ৰীয়ে ২০২২ চনৰ জুন-২০২৩ চনৰ মে’ মাহৰ ভিতৰত বিভিন্ন অনুষ্ঠানত প্ৰদান কৰা ভাষণসমূহ সন্নিবিষ্ট কৰা হৈছে, য’ত তেওঁৰ নেতৃত্বত ভাৰতৰ পৰিৱৰ্তন আৰু উথ্থানৰ যাত্ৰাক আলোকপাত কৰা হৈছে। এই খণ্ডটোত মুঠ ৮৮টা ভাষণ নিৰ্বাচিত কৰি ১১টা খণ্ডত ভাগ কৰা হৈছে য’ত প্ৰধানমন্ত্ৰীয়ে ২০৪৭ চনৰ ভিতৰত শক্তিশালী, সমৃদ্ধিশালী আৰু বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক স্পষ্ট পথমানচিত্ৰৰ ৰূপৰেখা দাঙি ধৰাৰ লগতে বিষয়, সংস্কাৰ, প্ৰত্যাহ্বান আৰু সুযোগ সন্দৰ্ভত নিজৰ দৃষ্টিভংগী সহভাগ কৰিছে।
শিতানসমূহ হ’ল, i) আজাদী কা অমৃত মহোৎসৱ, ii) বিশ্বৰ নেতৃত্বত ভাৰত, iii) গণতন্ত্ৰৰ মাতৃ, iv) আত্মনিৰ্ভৰ ভাৰত: গৌৰৱান্বিত নাগৰিক, v) জনসাধাৰণৰ বাবে চৰকাৰ, vi) সামৰ্থ্যবান ভাৰত: সক্ষম নাগৰিক, vii) সুৰক্ষিত ৰাষ্ট্ৰ: আনন্দিত নাগৰিক, viii) আমাৰ ঐতিহ্য: আমাৰ গৌৰৱ, ix) ভাৰতৰ গৌৰৱ, x) ইণ্ডিয়া অন দ্য মুভ, xi) মান কী বাত
এই সংকলনৰ আন আন খণ্ডসমূহে ভাৰতৰ উত্থান, আত্মনিৰ্ভৰ ভাৰত, সৱল ভাৰত, ভাৰতৰ গৌৰৱ– সদায় নতুন ভাৰতৰ আকাংক্ষাৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে।
৫ম খণ্ড (জুন ২০২৩-মে' ২০২৪)
এই খণ্ডটোত (জুন ২০২৩-মে’ ২০২৪) মাননীয় প্ৰধানমন্ত্ৰীয়ে বিভিন্ন অনুষ্ঠানত দিয়া ভাষণসমূহ সংকলন কৰিছে— যিবোৰ মুহূৰ্তই ৰাষ্ট্ৰক অনুপ্ৰাণিত কৰিছে আৰু সমগ্ৰ বিশ্বতে প্ৰতিধ্বনিত কৰিছে। এই সংকলনত ৰাষ্ট্ৰৰ জীৱনৰ বিভিন্ন দিশসমূহক উজ্জ্বল কৰি তোলা বহুতো ভাষণ সন্নিবিষ্ট কৰা হৈছে।
এই খণ্ডটোত ১১টা বিস্তৃত খণ্ডত সংগঠিত ৯১টা ভাষণ আছে, যিয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ পঞ্চম বছৰৰ উল্লেখযোগ্য সাফল্যসমূহক প্ৰতিনিধিত্ব কৰে। ইয়াৰ ভিতৰত আছে: ১.জি২০ – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত, ২.ভাৰতৰ সংসদ, ৩.বিকশিত ভাৰত @ ২০৪৭, ৪.সৰ্বজনহিতায় – জনসাধাৰণৰ বাবে শাসন, ৫.ভাৰত আৰু বিশ্ব, ৬.ভৱিষ্যতৰ বিনিয়োগ, ৭.কাশী – ভাৰতৰ সাৰতত্ব, ৮.ভাৰত – নিৰাপদ, সুৰক্ষিত, আৰু... আত্মবিশ্বাসী, ৯.আমাৰ ঐতিহ্য – আমাৰ গৌৰৱ, ১০.সৱল নাৰী, সমৃদ্ধিশালী ভাৰত, ১১.মান কী বাত।
এই খণ্ডৰ ভাষণসমূহত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ সৱলীকৰণ, ইয়াৰ সম্প্ৰসাৰিত বিশ্বজোৰা ভূমিকা, আৰু মহিলা আৰু যুৱক-যুৱতীসকলৰ গুৰুত্বৰ বিষয়ে চিন্তা ব্যক্ত কৰে। এই সংকলনত স্বাস্থ্য, বিজ্ঞান, ঐতিহ্য, অৰ্থনীতি, আন্তঃগাঁথনি, আৰু বৈদেশিক পৰিক্ৰমা আদি বিষয়বস্তু সন্দৰ্ঊত আলোচনা কৰা হৈছে। ইয়াত নীতি, শাসন আৰু আন্তঃৰাষ্ট্ৰীয় সংযোগৰ সন্দৰ্ভত তেওঁৰ পৰ্যবেক্ষণসমূহো আলোকপাত কৰা হৈছে।
এই ভাষণ সংকলনত তেওঁৰ সমাৱেশী উন্নয়ন, জাতীয় প্ৰগতি, আৰু সামূহিক দায়বদ্ধতাৰ দৃষ্টিভংগী (জন অংশীদাৰিত্ব) প্ৰদৰ্শন কৰা হৈছে, যিয়ে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকসকলক আগবাঢ়ি আহি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰিবলৈ অনুপ্ৰাণিত আৰু প্ৰেৰণা যোগায়।
ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ সচিব শ্ৰী অমিত খাৰে, প্ৰকাশন বিভাগৰ প্ৰধান সঞ্চালক প্ৰধান শ্ৰী ভূপেন্দ্ৰ কাইন্থোলা, প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰোৰ প্ৰধান সঞ্চালক প্ৰধান শ্ৰী ধীৰেন্দ্ৰ ওঝা, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া ইউনিটৰ বিষয়া আৰু কৰ্মচাৰীসকল এই অনুষ্ঠানত উপস্থিত আছিল।
*****
Dharmendra Tewari/ Navin Sreejith/KB
(Release ID: 2169904)