গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে ৰাজস্থানৰ যোধপুৰত 'শ্ৰী পৰশমল বোহৰা কলেজ অব ভিজুৱেলী ইম্পায়াৰড 'ৰ ভৱনৰ লগতে শিক্ষাৰ্থীৰ বাবে হোষ্টেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে সক্ষম লোকসকলক ‘ দিব্যাংগ ’ আখ্যা দি বিশ্বৰ দৃষ্টিভংগী সলনি কৰিলে।
‘ দিব্যাংগ ’ শব্দৰ প্ৰৱৰ্তন কৰি মোদীজীয়ে সকলো বিশেষভাৱে সক্ষম ব্যক্তিৰ মাজত আত্মসন্মান, নতুন পৰিচয়, আত্মনিৰ্ভৰশীল হোৱাৰ সপোনক জাগ্ৰত কৰিলে
যেতিয়া সমাজে বিশেষভাৱে সক্ষম ব্যক্তিসকলক কৰুণাৰ পাত্ৰ হিচাপে নহয়, ঈশ্বৰত্বৰ প্ৰতীক হিচাপে চাবলৈ আৰম্ভ কৰে, তেতিয়াই তেওঁলোকৰ কল্যাণৰ বাবে প্ৰকৃত কাম আৰম্ভ হয়
শ্ৰী পৰশমল বোহৰা অন্ধ মহাবিদ্যালয়ে বিশেষভাৱে সক্ষম ব্যক্তিক গ্ৰহণ কৰি আৰু তেওঁলোকৰ ভিতৰত থকা অনন্য শক্তিক চিনাক্তকৰণেৰে তেওঁলোকক আগুৱাই নিয়াত মানুহক নিৰন্তৰভাৱে অনুপ্ৰাণিত কৰি আহিছে
মোদী চৰকাৰে ‘ দিব্যাংগ ’ৰ দক্ষতাক স্বীকৃতি দি সঠিক মঞ্চ প্ৰদানৰ বাবে কাম কৰিছে
যদি সমাজ, চৰকাৰ, স্বেচ্ছাসেৱী সংগঠনসমূহে দিব্যাংগসকলৰ কল্যাণৰ বাবে একেলগে কাম কৰে, তেন্তে একোৱেই অসম্ভৱ নহয়
সুগম্য ভাৰত অভিযানৰ অধীনত মোদী চৰকাৰে ১৩১৪টা কেন্দ্ৰীয় চৰকাৰৰ ভৱন আৰু ৯০টা বিমানবন্দৰ বিশেষভাৱে সক্ষম লোকৰ বাবে উপলব্ধ কৰিছে
স্বাধীনতাৰ লাভৰ পিছত ২০১৪ চনলৈকে কেন্দ্ৰীয় চৰকাৰে মাত্
Posted On:
21 SEP 2025 7:27PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি ৰাজস্থানৰ যোধপুৰত 'শ্ৰী পৰশমল বোহৰা কলেজ অব ভিজুৱেলী ইম্পায়াৰড 'ৰ ভৱনৰ লগতে শিক্ষাৰ্থীৰ বাবে হোষ্টেলৰ আধাৰশিলা স্থাপন কৰে
। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী ভজনলাল শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতৰ লগতে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে যেতিয়া এজন ব্যক্তিয়ে সেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰে, বিশেষকৈ বিশেষভাবে সক্ষম লোকৰ বাবে, তেতিয়া সেই জীৱনে আন অগণন লোকক অনুপ্ৰাণিত কৰে। তেওঁ কয় যে ঈশ্বৰে বিশেষভাবে সক্ষম লোকসকলক অনন্য শক্তি প্ৰদান কৰিছে আৰু এই শক্তিসমূহক চিনি পাই তেওঁলোকৰ জীৱন সৰল কৰাৰ প্ৰচেষ্টাক সুশীলা জীৰ জীৱনৰ জৰিয়তে হাজাৰ হাজাৰ লোকে আঁকোৱালি লৈছে।
শ্ৰী অমিত শ্বাহে কয় যে তিনিটা প্ৰকল্প, যাৰ মূল্য প্ৰায় ১৫ কোটি টকা, আজি সেইবোৰৰ আধাৰশিলা স্থাপন কৰা হয়। তেওঁ আস্থা প্ৰকাশ কৰে যে প্ৰতিষ্ঠানটোৰ ট্ৰেক ৰেকৰ্ডৰ ভিত্তিত তিনিওটা প্ৰকল্প সময়মতে সম্পূৰ্ণ হ’ব, যাৰ ফলত শ শ শিশুৰ জীৱনলৈ নতুন পোহৰ আহিব। তেওঁ আলোকপাত কৰে যে সুশীলা জীয়ে পাঁচখন বিদ্যালয়, দুখন মহাবিদ্যালয়, বিনামূলীয়া হোষ্টেল, খাদ্য, অডিঅ’ বুক, ৰেকৰ্ডিং কৰা বক্তৃতা, ব্ৰেইল প্ৰিণ্টিং প্ৰেছ, স্ক্ৰীণ ৰিডাৰ, কম্পিউটাৰ লেব আৰু পুথিভঁৰালৰ জৰিয়তে শ শ দৃষ্টিশক্তিহীন ছাত্ৰ-ছাত্ৰীৰ জীৱনত জ্ঞান আৰু দৃষ্টিশক্তিৰ পোহৰ বিয়পাইছে।
শ্ৰী অমিত শ্বাহে কয় যে ২০২২ চনত দৃষ্টিহীন লোকৰ বাবে 'শ্ৰী পৰশমল বোহৰা কলেজ অব ভিজুৱেলী ইম্পায়াৰড ৰাজস্থানৰ প্ৰথমখন মহাবিদ্যালয় হিচাপে পৰিগণিত হৈছে।তেওঁ কয় যে বিশেষভাবে সক্ষম লোকসকলৰ বাবে প্ৰকৃত কাম আৰম্ভ হয় তেতিয়া, যেতিয়া তেওঁলোকক কৰুণাৰ পাত্ৰ হিচাপে নহয়, বৰঞ্চ ঈশ্বৰত্বৰ প্ৰতীক হিচাপে চোৱা হয় । তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৫ চনত সমগ্ৰ দেশৰ বাবে প্ৰথমে "দিব্যাংগ" শব্দটো "অক্ষম" শব্দটোৰ ঠাইত ব্যৱহাৰ কৰিছিল।তেওঁ কয় যে এই শব্দটোৱে নিজেই বুজায় যে প্ৰধানমন্ত্ৰী মোদীৰ একক সিদ্ধান্তই ভাৰতৰ জনসাধাৰণৰ, সকলো ৰাজ্য চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিশেষভাবে সক্ষম লোকসকলৰ প্ৰতি থকা দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটাইছে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে “দিব্যাংগ” শব্দটোৰ জৰিয়তে সমগ্ৰ দেশৰ সকলো বিভিন্ন বিশেষভাবে সক্ষম ব্যক্তিৰ মাজত নতুন আত্মসন্মান, পৰিচয় আৰু আত্মনিৰ্ভৰশীলতাৰ আকাংক্ষা জগাই তুলিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে সমগ্ৰ দেশৰ সকলো বিশেষভাবে সক্ষম ব্যক্তিৰ মাজত নিহিত হৈ থকা ক্ৰীড়া প্ৰতিভাৰ বিকাশৰ বাবে এক মঞ্চ প্ৰদান কৰিছে। তেওঁ কয় যে ১৯৬০ চনত বিশ্বজুৰি পেৰা অলিম্পিক গেমছ আৰম্ভ হৈছিল আৰু ২০১২ চনলৈকে ভাৰতে সকলো পেৰা অলিম্পিক গেমছত সৰ্বমুঠ ৮টা পদকহে লাভ কৰিছিল। তেওঁ আলোকপাত কৰে যে যোৱা তিনিখন পেৰা অলিম্পিক গেমছত ভাৰতে ৫২টা পদক লাভ কৰিছে, যিয়ে আমাৰ খেলুৱৈসকলক অধিক কৃতিত্ব লাভৰ বাবে চেষ্টা কৰিবলৈ অনুপ্ৰাণিত কৰিছে। শ্ৰী শ্বাহে এই কথাত গুৰুত্ব আৰোপ কৰে যে যেতিয়া সমাজ, চৰকাৰ আৰু স্বেচ্ছাসেৱী সংগঠনে একেলগে বিশেষভাবে সক্ষম লোকৰ কল্যাণৰ বাবে কাম কৰে, তেতিয়া একোৱেই অসম্ভৱ নহয়। তেওঁ কয় যে পেৰা অলিম্পিকত ৫২টা পদক লাভ কৰাটোৱে প্ৰমাণ কৰে যে আমাৰ বিশেষভাবে সক্ষম ব্যক্তিসকলে যিকোনো কামত জয়ী হ’ব পাৰে, যদিহে তেওঁলোকক সমৰ্থন দিয়া হয়, তেওঁলোকৰ আভ্যন্তৰীণ শক্তিক স্বীকৃতি দিয়া হয়আৰু তেওঁলোকক সঠিক মঞ্চ প্ৰদান কৰা হয়।
শ্ৰী অমিত শ্বাহে লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশেষভাৱে সক্ষম ব্যক্তিৰ সবলীকৰণ বিভাগৰ বাজেটত ২০১৪ চনত ৩৩৮ কোটি টকা আবণ্টনৰ বিপৰীতে আজি সেয়া ১,৩১৩ কোটি টকা হৈছে । তেওঁ লগতে কয় যে মোদী চৰকাৰে বিশেষভাবে সক্ষম ব্যক্তি সকলোৰ বাবে অসংখ্য সা-সুবিধা উপলব্ধ কৰিছে। সুগম্য ভাৰত অভিযানৰ অধীনত ৫৬৩ কোটি টকা ব্যয় কৰি ১,৩১৪টা কেন্দ্ৰীয় চৰকাৰী ভৱন বিশেষভাবে সক্ষম লোকৰ বাবে সুলভ কৰি তোলা হৈছে। একেদৰে আন ১৭৪৮টা অট্টালিকাও সুলভ কৰি তোলা হৈছে। তেওঁ উল্লেখ কৰে যে ৩৫টা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৫৫টা ঘৰুৱা বিমানবন্দৰ বিশেষভাবে সক্ষম ব্যক্তিসকলৰ বাবে সুলভ কৰি তোলা হৈছে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে মাত্ৰ ৭ লাখ লোকক কৃত্ৰিম সহায়ক সঁজুলি যোগান ধৰিছিল যদিও মোদী চৰকাৰৰ দিনত বিগত ১০ বছৰত ৩১ লাখ লোকক কৃত্ৰিম সহায়ক সঁজুলি যোগান ধৰিবলৈ ১৮ হাজাৰ শিবিৰৰ আয়োজন কৰা হৈছে।
RK/VV/PS/PR/DM
(Release ID: 2169513)