প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

লোথালস্থিত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 20 SEP 2025 9:56PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোথালত ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। "এবাৰ সম্পূৰ্ণ হ'লে এইটো হৈ পৰিব বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সংগ্ৰহালয়। ই ভাৰতৰ প্ৰাচীন সামুদ্ৰিক পৰম্পৰা প্ৰদৰ্শন কৰাৰ লগতে পৰ্যটন, গৱেষণা, শিক্ষা আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে কাম কৰিব", শ্ৰী মোদীয়ে কয়।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

"লোথালত থকা ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হৈছে। সম্পূৰ্ণ হ'লে এইটো বিশ্বৰ সৰ্ববৃহৎ সামুদ্ৰিক সংগ্ৰহালয় হিচাপে পৰিগণিত হ'ব। ই পৰ্যটন, গৱেষণা, শিক্ষা আৰু দক্ষতা বিকাশৰ কেন্দ্ৰ হিচাপে কাম কৰাৰ লগতে ভাৰতৰ প্ৰাচীন সামুদ্ৰিক পৰম্পৰা প্ৰদৰ্শন কৰিব।"

***

MJPS/VJ/DB


 


(ৰিলিজ আই ডি : 2169138) অতিথি কক্ষ : 21