কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত কৃষিত ব্যৱহৃত যন্ত্ৰপাতিৰ জিএছটি সংস্কাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন

ফাৰ্ম মেকানাইজেচন সংস্থাসমূহৰ প্ৰতিনিধিবৰ্গই জিএছটিৰ হাৰ হ্ৰাসক আদৰণি জনাইছে

“জিএছটি সংস্কাৰৰ পিছত কৃষি যন্ত্ৰপাতি আৰু ট্ৰেক্টৰ সুলভ হৈ পৰিছে, ইয়াৰ ফলশ্ৰুতিত কৃষকসকলে বৃহৎ সকাহ পাইছে” – শ্ৰী শিৱৰাজ সিং

“কৃষক ৰাইজে সুবিধাসমূহ পোনপটীয়াকৈ লাভ কৰাটো নিশ্চিতকৰণৰ অৰ্থে নিৰ্মাতাসকলে মধ্যভোগী দূৰ কৰিব লাগিব” – শ্ৰী চৌহান

“৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ‘বিকশিত কৃষি সংকল্প অভিযান’-ৰ সময়তো কৃষকসকলক জিএছটি সংস্কাৰ সম্পৰ্কে অৱগত কৰা হ’ব” – কেন্দ্ৰীয় কৃষি মন্ত্ৰীজনে কয়

Posted On: 19 SEP 2025 3:48PM by PIB Guwahati

কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ অধ্যক্ষতাত আজি নতুন দিল্লীত কৃষিকাৰ্য্যত ব্যৱহৃত যন্ত্ৰপাতিৰ বাবে শেহতীয়া জিএছটি (সামগ্ৰী আৰু সেৱা কৰ) সংস্কাৰ সাধন কাৰ্য্য সম্পৰ্কে আলোচনা কৰিবলৈ এখনি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ট্ৰেক্টৰ এণ্ড মেকানাইজেচন এছ’চিয়েচন (TMA), কৃষি যন্ত্ৰপাতি নিৰ্মাতা সংস্থা (AMMA), অল ইণ্ডিয়া কম্বাইন মেনুফেকচাৰ্ছ এছ’চিয়েচন (AICMA) আৰু পাৱাৰ টিলাৰ এছ’চিয়েচন অৱ ইণ্ডিয়া (PTAI) আদিৰ প্ৰতিনিধিসকলে কায়িকভাৱে আৰু ভাৰ্চুৱেল মাধ্যম, উভয় ধৰণে অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত শ্ৰী চৌহানে সংবাদ মাধ্যমত জিএছটি হাৰ হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপনৰ লগতে আলোচনাৰ সবিশেষ ব্যক্ত কৰে। তেওঁ কয় যে কৃষি যন্ত্ৰপাতিৰ জিএছটি পূৰ্বে ১২% আৰু ১৮% আছিল। কিন্তু এই হাৰ এতিয়া ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ৫%-লৈ হ্ৰাস কৰা হৈছে। এনে হ্ৰাসৰ ব্যৱস্থাই কৃষকসকলক পোনপটীয়াভাৱে লাভান্বিত কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে কৃষক ৰাইজৰ আয় বৃদ্ধি নিশ্চিতকৰণৰ সংকল্প গ্ৰহণ কৰিছে। ইয়াৰ বাবে উৎপাদনশীলতা বৃদ্ধি আৰু ব্যয় হ্ৰাস, উভয়েই প্ৰয়োজনীয় আৰু উভয়ৰে বাবেই মেকানাইজেচন অতিশয় গুৰুত্বপূৰ্ণ।

 

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ বৈঠকত মেচিন নিৰ্মাতা সংস্থাসমূহৰ সকলো প্ৰতিনিধিকে ২২ ছেপ্টেম্বৰৰ পৰা কাৰ্য্যকৰী হ’বলগীয়া হ্ৰাস পোৱা জিএছটি হাৰৰ জৰিয়তে সম্পূৰ্ণ স্বচ্ছতাৰে কৃষকসকলক প্ৰত্যক্ষভাৱে উপকৃত কৰিবলৈ কোৱা হৈছে। শ্ৰী চৌহানে কয় যে জিএছটিৰ হাৰ হ্ৰাস কাৰ্য্য এটি গুৰুত্বপূৰ্ণ পদক্ষেপ, ইয়াৰ ব্যাপক প্ৰভাৱ পৰিব। পিছত যথেষ্ট মূল্য হ্ৰাসৰ কথা উল্লেখেৰে তেওঁ কয়ঃ

  • এতিয়া ৩৫ এইচপি ট্ৰেক্টৰ এখনৰ মূল্য ৪১,০০০ টকা হ্ৰাস পাব
  • এতিয়া ৪৫ এইচপি ট্ৰেক্টৰ এখনৰ মূল্য ৪৫,০০০ টকা হ্ৰাস পাব
  • এতিয়া ৫০ এইচপি ট্ৰেক্টৰ এখনৰ মূল্য ৫৩,০০০ টকা হ্ৰাস পাব
  • এতিয়া ৭৫ এইচপি ট্ৰেক্টৰ এখনৰ মূল্য ৬৩,০০০ টকা হ্ৰাস পাব

উদ্যান শস্য আৰু অপতৃণ কাটিবলৈ ব্যৱহাৰ কৰা সৰু ট্ৰেক্টৰৰ ব্যয়ো হ্ৰাস পাব। ৪-শৰীয়া পেডী ট্ৰান্সপ্লান্টাৰৰ মূল্য এতিয়া ১৫,৪০০ টকা হ্ৰাস পাব। একেদৰে প্ৰতি ঘন্টাত ৪-টন ভিন্ন-শস্যৰ বাবে উপযোগী থ্ৰেছাৰৰ মূল্য ১৪,০০০ টকা হ্ৰাস পাব। ১৩-এইচপি পাৱাৰ টিলাৰৰ মূল্যও ১১,৮৭৫ টকা হ্ৰাস পাব।

আৰু মূল্য হ্ৰাস পাবঃ

  • পাৱাৰ ৱেডাৰ (৭.৫ এইচপি): ৫,৪৯৫ টকা ৰাহি
  • ট্ৰেইলাৰ (৫ টন ক্ষমতা): ১০,৫০০ টকা ৰাহি
  • বীজ-সাৰ ড্ৰিল (১১ টন): ৩,২২০ টকা ৰাহি
  • বীজ-সাৰ ড্ৰিল (১৩ টন): ৪,৩৭৫ টকা ৰাহি
  • হাৰ্ভেষ্টাৰ কম্বাইন কাটাৰ বাৰ (১৪ ফুট): ১,৮৭,৫০০ টকা ৰাহি
  • ষ্ট্ৰ’ ৰিপাৰ (৫ ফুট): ২১,৮৭৫ টকা ৰাহি
  • ছুপাৰ ছিডাৰ (৮ ফুট): ১৬,৮৭৫ টকা ৰাহি
  • হেপী ছিডাৰ (১০ টন): ১০,৬২৫ টকা ৰাহি
  • ৰোটাভেটৰ (৬ ফুট): ৭,৮১২ টকা ৰাহি
  • বেলাৰ স্কুৱেৰ (৬ ফুট): ৯৩,৭৫০ টকা ৰাহি
  • মালচাৰ (৮ ফুট): ১১,৫৬২ টকা ৰাহি
  • বায়ুচালিত প্লান্টাৰ (৪-শৰীয়া): ৩২,৮১২ টকা ৰাহি
  • ট্ৰেক্টৰত লগোৱা স্প্ৰেয়াৰ (৪০০-লিটাৰ ক্ষমতা): ৯,৩৭৫ টকা ৰাহি


 

শ্ৰী চৌহানে চৰকাৰে কৃষকসকলৰ মাজত সজাগতা বৃদ্ধিৰ বাবে একাধিক যোগাযোগ মাধ্যমৰ জৰিয়তে এই সুবিধাসমূহৰ সম্পৰ্কে তথ্যৰাজি ব্যাপকভাৱে প্ৰচাৰ কৰিব বুলি কয়।

এতিয়া কম মূল্যত মেচিন লাভ কৰা কাষ্টম হায়াৰিং চেন্টাৰসমূহে কৃষকৰ ব্যয়সাধ্যতা নিশ্চিতকৰণৰ অৰ্থে ভাড়াৰ হাৰ হ্ৰাস কৰিব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

 

৩ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া ৰবি শস্যৰ বাবে আগন্তুক দ্বিতীয় পৰ্য্যায়ৰ ‘বিকশিত কৃষি সংকল্প অভিযান’ৰ সময়তো কৃষকসকলক জিএছটি হাৰ হ্ৰাসৰ সম্পৰ্কে সজাগ কৰা হ’ব। ইয়াৰ ফলশ্ৰুতিত তেওঁলোকে উন্নত কৃষিৰ বাবে এইসমূহৰ সৰ্বোত্তম ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

শ্ৰী চৌহানে কয় যে ফাৰ্ম মেকানাইজেচনক সুদৃঢ়কৰণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ভৱিষ্যতৰ পৰিকল্পনা যুগুতৰ সময়ত নিৰ্মাণকাৰী সংস্থাসমূহৰ পৰামৰ্শৰাজি বিবেচনা কৰা হ’ব। মধ্যভোগীৰ ভূমিকা নোহোৱা কৰি কৃষকে জিএছটি সংস্কাৰৰ সুবিধা প্ৰত্যক্ষভাৱে লাভ কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিনিধিসকলক আহ্বান জনায়।

 

যন্ত্ৰপাতি নিৰ্মাণ কৰা সংস্থাসমূহৰ প্ৰতিনিধিসকলে চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাই মন্ত্ৰীগৰাকীৰ নিৰ্দেশনা নিষ্ঠা-সহকাৰে পালনৰ প্ৰতিশ্ৰুতি প্ৰদান আৰু কৃষক ৰাইজৰ কল্যাণৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাৰ কথা দোহাৰে। সভাৰ অন্তত শ্ৰী চৌহানে অংশগ্ৰহণকাৰীসকলৰ সৈতে গছপুলি ৰোপণ কাৰ্য্যসূচীত ভাগ লৈ কেন্দ্ৰীয় চৰকাৰৰ কৃষকসকলৰ সমৃদ্ধিৰ বাবে কাম কৰি যোৱাৰ সংকল্পক পুনৰাই দৃঢ় কৰে।

এই বৈঠকত কৃষি সচিব ডঃ দেৱেশ চতুৰ্বেদীকে প্ৰমুখ্য কৰি মন্ত্ৰালয়ৰ আন-আন উচ্চপদস্থ বিষয়াসকলেও ভাগ লয়।

জিএছটি হাৰ হ্ৰাসৰ পিছত কৃষি সঁজুলিৰ নতুন মূল্য সম্পৰ্কে জানিবলৈ ইয়াত ক্লিক কৰক

*****

RC/KSR/AR/MK/SB


(Release ID: 2168546)