হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়
স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু বিচাৰাধীন বিষয় নিষ্পত্তি তথা পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰসাৰিত কৰাৰ বাবে বিশেষ অভিযান ৫.০ত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে
Posted On:
19 SEP 2025 12:42PM by PIB Guwahati
গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে ইয়াৰ সংলগ্ন/ অধীনস্থ কাৰ্যালয়/পিএছইউৰ সহযোগত ২০২৫ চনৰ ২ অক্টোবৰৰ পৰা ২০২৫ চনৰ ৩১ অক্টোবৰলৈ বিশেষ অভিযান ৫.০ৰ বাবে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব, যাৰ উদ্দেশ্য স্বচ্ছতাক প্ৰাতিষ্ঠানিক ৰূপ দিয়া আৰু চৰকাৰী কাৰ্যালয়ত বিচাৰাধীন বিষয় নিষ্পত্তি কৰা। বিশেষ অভিযান ৫.০ যিটো দুটা পৰ্যায়ত আয়োজন কৰা হ’ব-প্ৰস্তুতিমূলক পৰ্যায় (১৫-৩০ ছেপ্টেম্বৰ, ২০২৫) আৰু ৰূপায়ণ পৰ্যায় (২-৩১ অক্টোবৰ, ২০২৫)।
এইবাৰৰ অভিযানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে জাৰি কৰা ই-আৱৰ্জনা ব্যৱস্থাপনা নিয়ম, ২০২২ৰ মানক পৰিচালন পদ্ধতি (এছ অ’ পি) আৰু ই-আৱৰ্জনা ব্যৱস্থাপনা নিয়ম, ২০২২ৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰি ই-আৱৰ্জনাসমূহৰ বৈজ্ঞানিক নিষ্কাসনত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। ই-আৱৰ্জনা নিষ্কাসনৰ সমান্তৰালভাৱে এই অভিযানে সেৱা প্ৰদান, সংসদীয় নিশ্চয়তা, সাংসদ আৰু ৰাজ্য চৰকাৰৰ ৰেফাৰেন্স, আন্তঃমন্ত্ৰালয়ৰ যোগাযোগ, পিএমঅ’ ৰেফাৰেন্স আৰু চিপিজিআৰএমৰ গোচৰৰ সৈতে জড়িত বিচাৰাধীন বিষয়সমূহৰ সময়মতে নিষ্পত্তি নিশ্চিত কৰিব।
স্বচ্ছ ভাৰতৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মন্ত্ৰালয়ে চিপিডব্লিউডি, এনবিচিচি, ডিডিএ আৰু সম্পদ সঞ্চালকালয়কে ধৰি ইয়াৰ মূল জনমুখী সংগঠনসমূহৰ জৰিয়তে স্বচ্ছতা আন্দোলনক আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চৰকাৰী অট্টালিকা আৰু আবাসিক চৌহদৰ নিৰ্মাণ, ৰক্ষণাবেক্ষণ আৰু ইয়াৰ দায়িত্ব অৰ্পণ কৰা এই প্ৰতিষ্ঠানসমূহে পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু বিচাৰাধীন বিষয় হ্ৰাসৰ দৃশ্যমান ফলাফল নিশ্চিত কৰিব।
ৰাজহুৱা সেৱা প্ৰদানৰ কামত নিয়োজিত বা ৰাজহুৱা আন্তঃপৃষ্ঠ থকা ক্ষেত্ৰ আৰু নিলগত থকা কাৰ্যালয়সমূহৰ প্ৰতি বিশেষ গুৰুত্ব দি আন্তৰিকতা আৰু নিষ্ঠাৰে এই অভিযান চলাবলৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় দৃঢ়ভাৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে। এই অভিযানত অভিলেখ ব্যৱস্থাপনা, স্থান অনুকূলন আৰু চৰকাৰী চৌহদ তথা ইয়াৰ আশে-পাশে সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰা আদিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব। এই অভিযান সফল ৰূপায়ণৰ বাবে চিপিডব্লিউডি আৰু এনবিচিচিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব।
***
SK/HS
(Release ID: 2168489)