প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জন্মদিনৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে

प्रविष्टि तिथि: 16 SEP 2025 11:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছে। "আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ", শ্ৰী মোদীয়ে কয়।  

আজি এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়ঃ

“মোৰ ৭৫ সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত ফোন কৰা আৰু উষ্ম শুভেচ্ছা জনোৱাৰ বাবে মোৰ বন্ধু, ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনালোঁ। আপোনাৰ দৰে ময়ো ভাৰত-যুক্তৰাষ্ট্ৰৰ সৰ্বাংগীন আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন শিখৰত উপনীত কৰাবলৈ সম্পূৰ্ণৰূপে অংগীকাৰবদ্ধ। ইউক্ৰেইনৰ সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ দিশত আমি আপোনাৰ পদক্ষেপক সমৰ্থন কৰিছোঁ।"

@POTUS

@realDonaldTrump

***

MJPS/VJ/SB
 


(रिलीज़ आईडी: 2168323) आगंतुक पटल : 23
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam