প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
হিন্দী দিৱসৰ শুভেচ্ছা জনাই সকলো ভাৰতীয় ভাষা সমৃদ্ধিৰ আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে
Posted On:
14 SEP 2025 11:00AM by PIB Guwahati
হিন্দী দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ভাৰতৰ পৰিচয় আৰু মূল্যবোধৰ জীৱন্ত ঐতিহ্য হিচাপে হিন্দীক সাংস্কৃতিক আৰু আৱেগিক তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলক সকলো ভাৰতীয় ভাষাক সমৃদ্ধিশালী কৰি ভৱিষ্যত প্ৰজন্মলৈ গৌৰৱেৰে আগবঢ়াই দিয়াৰ দিশত সামূহিকভাৱে কাম কৰিবলৈ আহ্বান জনায়।
এটা এক্স পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“হিন্দী দিৱসত আপোনালোক সকলোলৈ অফুৰন্ত শুভেচ্ছা জনালোঁ।হিন্দী কেৱল যোগাযোগৰ মাধ্যম নহয়, আমাৰ পৰিচয় আৰু সংস্কৃতিৰ এক জীৱন্ত ঐতিহ্য।এই উপলক্ষে আমি সকলোৱে হিন্দীকে ধৰি সকলো ভাৰতীয় ভাষাক সমৃদ্ধ কৰাৰ প্ৰতিশ্ৰুতিৰে ভৱিষ্যত প্ৰজন্মলৈ গৌৰৱেৰে আগবঢ়াই দিওঁ।বিশ্বৰ মঞ্চত হিন্দীৰ ক্ৰমবৰ্ধমান সন্মান আমাৰ সকলোৰে বাবে গৌৰৱ আৰু প্ৰেৰণাৰ বিষয়।”
https://x.com/narendramodi/status/1967093426220134434
***
MJPS/SR/DB
(Release ID: 2166592)
Visitor Counter : 2