নৌ-পৰিবহন মন্ত্ৰালয়
“বিস্তীৰ্ণ পাৰৰে”: ব্ৰহ্মপুত্ৰইদি সাংগীতিক যাত্ৰাৰে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন
Posted On:
07 SEP 2025 8:41PM by PIB Guwahati
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ (MoPSW) উদ্যোগত ভাৰতৰ অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে (IWAI) কাইলৈ ডিব্ৰুগড়ৰ গুইজানত ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে “বিস্তীৰ্ণ পাৰৰেঃ শদিয়াৰ পৰা ধুবুৰীলৈ এক সাংগীতিক যাত্ৰা”-ৰ শুভাৰম্ভ কৰিব।
ব্ৰহ্মপুত্ৰইদি ডঃ হাজৰিকাৰ অন্যতম চিৰ-পৰিচিত গীতেৰে নামকৰণ কৰা উক্ত অনন্য সাংস্কৃতিক যাত্ৰা সম্পন্ন হ’ব আৰু সংগীত তথা উদযাপনৰ জৰিয়তে সমাজসমূহক একত্ৰিতকৰণৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। কাইলৈ পুৱা গুইজানৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ ঘটিব।
এই উপলক্ষে ডিব্ৰুগড়ৰ বগীবিলত অনুষ্ঠিতব্য মুকলি সভাত ডঃ হাজৰিকাৰ সৃষ্টিশীল উত্তৰাধিকাৰক সন্মান জনোৱাৰ লগতে যুৱ-সমাজক অনুপ্ৰাণিতকৰণৰ অৰ্থে এক বিস্তৃত কাৰ্য্যসূচীৰ আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰত আছে চিত্ৰাংকন প্ৰতিযোগিতা, ডঃ হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ আধাৰত কুইজ প্ৰতিযোগিতা, মৰাণ, মটক, চাহ জনজাতি, সোণোৱাল কছাৰী, দেউৰী আৰু গোৰ্খা জনগোষ্ঠীৰ পৰম্পৰাৰাজিক থূপাই প্ৰদৰ্শনেৰে দলীয় নৃত্য প্ৰদৰ্শন। এই অনুষ্ঠানসমূহত ভূপেন দাই তেওঁৰ সংগীতত জীৱন্তভাৱে চিত্ৰিত কৰা অসমৰ সাংস্কৃতিক মোহনীয়তাৰ বৈচিত্ৰ্য প্ৰতিফলিত হ’ব।
এই অনুষ্ঠানৰ তাৎপৰ্য্যৰ বৰ্ধনেৰে ইয়াত ভাৰতৰ সংগীত জগতৰ ভালে কেইগৰাকী বিশিষ্ট শিল্পীৰ ভিডিঅ’ শ্ৰদ্ধাঞ্জলি প্ৰদৰ্শন কৰা হ’ব। তেওঁলোক হৈছে ভায়লিনবাদক সুনীতা ভূঞা খাউণ্ড, সংগীত পৰিচালক ধ্ৰুবজ্যোতি ফুকন, অমৃত প্ৰীতম, লোহিত গগৈ আৰু চৈয়দ সাদুল্লাকে প্ৰমুখ্য কৰি স্বনামধন্য শিল্পী ৰমেন চৌধুৰী, সমৰ হাজৰিকা, ভক্তিমূলক গায়ক অনুপ জালোটা। তেওঁলোকে গীতৰ জৰিয়তে ভাৰতীয় সংগীতৰ প্ৰতি ভূপেন দাৰ অতুলনীয় অৱদান আৰু শিল্পৰ জৰিয়তে সীমা অতিক্ৰমৰ তেওঁৰ গুণকে উদযাপন কৰিব।
ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী এনে উদযাপনতে সীমিত নহয়— বৰঞ্চ এয়া হৈছে এগৰাকী সাংস্কৃতিক মহীৰূহৰ সামূহিক স্মৃতি, যাৰ কণ্ঠত ব্ৰহ্মপুত্ৰই প্ৰাণ পাইছিল। “সুধাকণ্ঠ” নামেৰে পৰিচিত ডঃ হাজৰিকাৰ বাবে নদীখনি আছিল গভীৰ প্ৰেৰণাৰ উৎস। তেওঁৰ যাউতিযুগীয়া গীত বিস্তীৰ্ণ পাৰৰে-ত কেৱল ব্ৰহ্মপুত্ৰৰ বিশালতাখিনি প্ৰতিফলিত হোৱাই নহয়, বৰঞ্চ ইয়াৰ পাৰত বসবাস কৰা ৰাইজৰ সংগ্ৰাম, আকাংক্ষা আৰু ঐক্যৰ প্ৰতিধ্বনিও অনুৰণিত হৈছে।
শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰৱাহমান ব্ৰহ্মপুত্ৰ অসমৰ বাৰে-বৰণীয়া নৃগোষ্ঠীয়, সাংস্কৃতিক আৰু ভাষিক জনগোষ্ঠীসমূহক একত্ৰিতকৰণেৰে সুদীৰ্ঘদিন ধৰি অসমৰ আয়ুসৰেখা হৈ আহিছে। ডঃ হাজৰিকাই নদীখনক মানৱ জাতিৰ বাবে এক ৰূপকলৈ ৰূপান্তৰিত কৰিছিল— ইয়াৰ বিশালতাই তেওঁৰ সমতা, বন্ধুত্ব আৰু ন্যায়ৰ সৰ্বজনীন বাৰ্তাকে প্ৰতিফলিত কৰে। তেওঁৰ সংগীতৰ জৰিয়তে নদীখন ইয়াৰ বিশালতাতকৈয়ো অধিক হৈ পৰিছিল; ই সাংস্কৃতিক সংহতি আৰু বিশ্বজনীন সমন্বয়ৰ প্ৰতীক হৈ পৰিছিল।
প্ৰাধিকৰণে এই নদী যাত্ৰাৰ জৰিয়তে ডঃ হাজৰিকালৈ কেৱল শ্ৰদ্ধাঞ্জলি জ্ঞাপনেই নহয়, বৰঞ্চ সমগ্ৰ ব্ৰহ্মপুত্ৰইদি তেওঁৰ পদাংক অনুসৰণ, সমাজসমূহক সংযোগ কৰা আৰু তেওঁৰ বাৰ্তাক বিলাই দিয়াৰ প্ৰয়াস কৰিছে। বিস্তীৰ্ণ পাৰৰে সেয়ে এক শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিৰ সজীৱ যাত্ৰা উভয়েই হৈ পৰিব।
এই উদযাপনৰ অংশ হিচাপে সমগ্ৰ অসমতে চাৰিটা গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ আয়োজন কৰা হৈছেঃ
• বগীবিল, ডিব্ৰুগড় – ৮ ছেপ্টেম্বৰ
• শিলঘাট, তেজপুৰ – ১১ ছেপ্টেম্বৰ
• পাণ্ডু, গুৱাহাটী – ১৫ ছেপ্টেম্বৰ (পৰৱৰ্তী সময়ত জনোৱা হ’ব)
• আইডব্লিউএআই জেটি, যোগীঘোপা – ১৮ ছেপ্টেম্বৰ (পৰৱৰ্তী সময়ত জনোৱা হ’ব)
কাইলৈ সহস্ৰাধিক লোক আৰু ডঃ হাজৰিকাৰ অনুৰাগীসকল বগীবিলত সমবেত হৈ এই ঐতিহাসিক সাংস্কৃতিক যাত্ৰাক শতবাৰ্ষিকী উদযাপনৰ এক স্মৰণীয় আৰম্ভণি কৰি তুলিব।
এই পদক্ষেপ সন্দৰ্ভত বক্তব্য প্ৰদানেৰে আইডব্লিউএআই-ৰ সঞ্চালক প্ৰবীণ বৰাই কয় যে এই যাত্ৰাত ডঃ হাজৰিকাৰ সংগীতৰ কালজয়ী মনোভাৱৰ অনুৰণন ঘটিব। “ভূপেন দাৰ সৃষ্টিৰাজি কেৱল গীতৰ মাজতে সীমাবদ্ধ নাছিল; বৰঞ্চ তেওঁৰ সংগীত আছিল মানৱতা, ঐক্য আৰু ন্যায়ৰ মূৰ্ত প্ৰকাশ। তেওঁৰ সংগীতে মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ জন-জীৱনৰ হৰ্ষ-বিষাদক সামৰি অসমৰ সাংস্কৃতিক সমৃদ্ধিক বিশ্ব মঞ্চলৈ কঢ়িয়াই নিছিল”, শ্ৰী বৰাই এইদৰে কয়।
এই কাৰ্য্যসূচীত ডঃ হাজৰিকাৰ চিৰসেউজ গীতসমূহৰ পৰিবেশন, লোক কলা উপস্থাপন আৰু তেওঁৰ শিল্পক অনুপ্ৰাণিত কৰা জনগোষ্ঠীসমূহৰ সাংস্কৃতিক ৰং-ৰূপ থলীতে প্ৰদৰ্শন কৰা হ’ব। সীমনা জুৰি সমন্বয়ৰ বাৰ্তাবাহকগৰাকীৰ দৃষ্টিভংগীক প্ৰতিধ্বনিতকৰণেৰে দলটোৱে সমগ্ৰ নদীয়েদি যাত্ৰা কৰিব।
“সু-বিশাল ব্ৰহ্মপুত্ৰৰ দৰেই ভূপেন দাৰ সংগীতেও শান্তি আৰু ভ্ৰাতৃত্ববোধৰ এক সৰ্বজনীন বাৰ্তা বোঁৱাইছিল। তেওঁৰ শতবাৰ্ষিকীত আমি কেৱল তেওঁৰ উত্তৰাধিকাৰেই নহয়, বৰঞ্চ তেওঁ গঢ়ি থৈ যোৱা সামূহিক সাংস্কৃতিক পৰিচয়কো উদযাপনৰ প্ৰয়াস কৰিছোঁ”, শ্ৰী প্ৰবীণ বৰাই লগতে কয়।
২০১৯-ত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নেৰে সন্মানিত ডঃ হাজৰিকাই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। বিস্তীৰ্ণ পাৰৰে-ৰ জৰিয়তে শতবাৰ্ষিকী উদযাপনে অসম, ভাৰত আৰু বিশ্বক তেওঁৰ সাংস্কৃতিক সমন্বয়ৰ অতুলনীয় ভূমিকাৰ প্ৰতি উদ্বুদ্ধ কৰিব।
*****
SR/GDH/PN/HK/SB
(Release ID: 2164537)
Visitor Counter : 2