গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আহমেদাবাদত ডায়েল ১১২-ৰ অধীনত জনৰক্ষক প্ৰকল্প উদ্বোধন কৰে

বিগত ১১ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল নীতিক বাস্তৱত পৰিণত কৰিছে

ডায়েল ১১২ হৈছে অভ্যন্তৰীণ সুৰক্ষা, নাগৰিকৰ অধিকাৰক সুৰক্ষিতকৰণ, আইন-শৃংখলা আৰু দ্ৰুত জৰুৰীকালীন সেৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী পদক্ষেপ

মুখ্যমন্ত্রী হিচাপে মোদীয়ে গুজৰাটৰ সীমান্তসমূহক অভেদ্য কৰি তুলিছিল

পূৰ্বে একাধিক ট’ল-ফ্ৰী নম্বৰে জনতাক বিভ্ৰান্ত কৰিছিল যদিও এতিয়া মাত্ৰ ১১২ নম্বৰত ডায়েল কৰিলেই নিৰাপত্তা সম্পৰ্কীয় সকলো সেৱা তৎক্ষণাত উপলব্ধ হ’ব

এতিয়া গুজৰাটত জনসেৱাৰ বাবে ডায়েল ১১২ জন ৰক্ষক পিচিআৰ ভেন মোতায়েন কৰা হ’ব

গুজৰাটে সীমান্তৱৰ্তী আৰু অভ্যন্তৰীণ নিৰাপত্তাক সুদৃঢ়কৰণৰ লগতে সন্ত্ৰাসবাদ, নিচাযুক্ত দ্ৰব্য আৰু চাইবাৰ অপৰাধ ফলপ্ৰসূভাৱে ৰোধ কৰিছে

গুজৰাট পুলিচ হাউছিং ব’ৰ্ডে আৰক্ষী, গৃহৰক্ষী আৰু কাৰাগাৰৰ কৰ্মচাৰীসকলৰ কাম-কাজ আৰু আৱাসৰ বাবে ২১৭ কোটি টকা মূল্যৰ ভিন্ন প্ৰকল্প নিৰ্মাণ কৰিছে

মানছা থানাৰ বিআইএছ প্ৰমাণপত্ৰ মোৰ বাবে সন্তোষৰ কথাঃ শ্বাহ

অপাৰেচন সিন্দূৰৰ জৰিয়তে ভাৰতে ইয়াৰ নাগৰিক আৰু সীমান্ত সুৰক্ষাৰ প্ৰতি সম্পূৰ্ণ দায়বদ্ধতাৰ এক শক্তিশালী ব

Posted On: 31 AUG 2025 10:25PM by PIB Guwahati

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি গুজৰাটৰ আহমেদাবাদত ডায়েল ১১২-ৰ অধীনত শুভাৰম্ভ হোৱা জনৰক্ষক প্ৰকল্প উদ্বোধন কৰে। এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱীকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ইয়াত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ‘১১২ জনৰক্ষক’ প্ৰকল্পৰ ৰূপত গুজৰাটৰ সুৰক্ষা নিশ্চিতকৰণৰ বাবে এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ‘১১২ জনৰক্ষক’ প্ৰকল্প উদ্বোধনৰ সমান্তৰালকৈ গুজৰাট পুলিচ হাউছিং কৰ্পৰেচনে ২১৭ কোটি টকা ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা গৃহ আৰু কাৰ্য্যালয় উদ্বোধনৰ লগতে ১০০০ খন আৰক্ষী বাহনো মুকলি কৰা হৈছে। শ্ৰী শ্বাহে কয় যে তেওঁৰ বাবে বিশেষভাৱে সন্তোষৰ কথাটো হ’ল মানছা থানাই বিআইএছ প্ৰমাণপত্ৰ লাভ কৰিছে। তেওঁ কয় যে তেওঁ মানছাত জন্মগ্ৰহণ কৰিছিল, তাতেই ডাঙৰ-দীঘল হৈছিল আৰু তাৰ পৰাই গুজৰাটৰ ৰাজনীতিত আৰু দেশৰ ৰাজনীতিত অৰিহণা যোগাবলৈ সুযোগ লাভ কৰিছে, গতিকে মানছা থানাই বিআইএছ প্ৰমাণপত্ৰ লাভ কৰাটো তেওঁৰ বাবে সন্তোষৰ কথা।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ডায়েল ১১২ হৈছে অভ্যন্তৰীণ সুৰক্ষা, নাগৰিকৰ অধিকাৰক সুৰক্ষিতকৰণ, আইন-শৃংখলা আৰু দ্ৰুত জৰুৰীকালীন সেৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ দূৰদৰ্শী পদক্ষেপ। তেওঁ সন্তোষ প্ৰকাশেৰে কয় যে আজি গুজৰাটে ‘ডায়েল ১১২ জনৰক্ষক’-ৰ মানচিত্ৰত নিজৰ স্থান লাভ কৰিছে। তেওঁ কয় যে এতিয়ালৈকে আৰক্ষীৰ বাবে ১০০, এম্বুলেন্সৰ বাবে ১০৮, অগ্নিনিৰ্বাপক বাহিনীৰ বাবে ১০১, মহিলা হেল্পলাইনৰ বাবে ১৮১, শিশু হেল্পলাইনৰ বাবে ১০৯৮, দুৰ্য্যোগৰ বাবে ১০৭০ আৰু ১০৭৭ আদি ভিন্ন ট’ল ফ্ৰী নম্বৰে ৰাইজক বিভ্ৰান্ত কৰি তুলিছে। ইয়াৰ বিপৰীতে এতিয়া জনতাই দুৰ্য্যোগ ব্যৱস্থাপনা, শিশু হেল্পলাইন, মহিলা হেল্পলাইন, অগ্নিনিৰ্বাপক বাহিনীৰ সেৱা, এম্বুলেন্স আৰু আৰক্ষীৰ সহায়ৰ দৰে যিকোনো ধৰণৰ সুৰক্ষা সম্পৰ্কীয় সেৱা অতি কম সময়ৰ ভিতৰতে মাত্ৰ এটা নম্বৰ ১১২-ত ডায়েল কৰিলেই লাভ কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে অত্যাধুনিক চফ্টৱেৰেৰে পৰিচালিত এক অতি উন্নত নিয়ন্ত্ৰণ কক্ষৰ জৰিয়তে সকলো ধৰণৰ সেৱাৰ সমন্বয় সাধন কৰা হ’ব আৰু জিপিএছ সজ্জিত বাহনসমূহে বৈজ্ঞানিক ব্যৱস্থাৰ অধীনত কাম কৰিব। তেওঁ কয় যে এই বাহনসমূহে ফোন কৰা ব্যক্তিজনৰ অৱস্থান সম্পৰ্কে জ্ঞাত হৈ নিকটৱৰ্তী আৰক্ষী, এম্বুলেন্স বা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনলৈ তথ্য প্ৰেৰণৰ ব্যৱস্থা কৰিব। শ্ৰী শ্বাহে কয় যে এয়া গুজৰাট চৰকাৰে নিউ এজ স্মাৰ্ট পুলিচিং চিষ্টেমৰ দিশত গ্ৰহণ কৰা এক গুৰুত্বপূৰ্ণ পদক্ষেপ। এই প্ৰকল্পটো আহমেদাবাদৰ ৰাজ্যিক জৰুৰীকালীন সঁহাৰি কেন্দ্ৰৰ জৰিয়তে পৰিচালিত হ’ব, ই কেন্দ্ৰীয়ভাৱে পৰিচালিত হ’ব আৰু ২৪ x ৭ জুৰি উপলব্ধ হ’ব। এক সংহত ব্যৱস্থাৰ জৰিয়তে সকলো ধৰণৰ সেৱাৰ সৈতে সংযুক্ত হ’ব। আজিৰ পৰাই মুঠ ১০০০ খন বাহন থকা ডায়েল ১১২ জনৰক্ষক পিচিআৰ ভেন জনসাধাৰণৰ সেৱাত নিয়োগ কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে। ১১২ প্ৰকল্প পৰিচালনাৰ বাবে গুজৰাট চৰকাৰে বছৰি ৯২ কোটি টকা ব্যয় কৰিব। এই বাহনসমূহ লাইট বাৰ, পাব্লিক এড্ৰেছ চিষ্টেম, এমডিটি বেতাঁৰ চেট, লোকেচন ট্ৰেকাৰ আদি সকলো আধুনিক সুবিধাৰে সমৃদ্ধ। ইয়াৰ লগতে এই সুবিধাসমূহৰ ফলপ্ৰসূ ব্যৱহাৰৰ বাবে প্ৰশিক্ষিত কৰ্মচাৰীৰো ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ ভাৰততে স্মাৰ্ট পুলিচিঙৰ আহ্বান জনাইছে। এই উন্নত প্ৰযুক্তিৰে গুজৰাটে উৎকৃষ্টভাৱে ইয়াৰ ৰূপায়ণ কৰিছে।

 

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গুজৰাট পুলিচ হাউছিং ব’ৰ্ডে আৰক্ষী, গৃহৰক্ষী আৰু কাৰাগাৰৰ কৰ্মচাৰীসকলৰ কাম-কাজ আৰু আৱাসৰ বাবে ২১৭ কোটি টকা মূল্যৰ ভিন্ন প্ৰকল্প নিৰ্মাণ কৰিছে। তেওঁ কয় যে অনাগত দিনসমূহত এই অট্টালিকাসমূহত উপলব্ধ উন্নত সা-সুবিধাসমূহৰ দ্বাৰা আৰক্ষী জোৱান, গৃহৰক্ষী জোৱান আৰু জেলৰ কৰ্মচাৰীসকলে গুজৰাটৰ জনসাধাৰণক অধিক ফলপ্ৰসূভাৱে সেৱা আগবঢ়াব পাৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে গুজৰাট দেশৰ অন্যতম স্পৰ্শকাতৰ সীমান্তৱৰ্তী ৰাজ্য। দেশৰ উত্তৰ সীমান্তৰ পৰা গুজৰাটলৈকে সমগ্ৰ সীমান্ত অঞ্চল বহু দিশত স্পৰ্শকাতৰ। গুজৰাটৰ সাগৰৰ পাৰেই হওঁক, কচ্ছৰ সীমান্তই হওঁক বা বানাস্কান্থাৰ সীমান্তই হওঁক, এই সকলোবোৰ অঞ্চলতে নিৰাপত্তাৰ বিশেষ গুৰুত্ব আছে। তেওঁ কয় যে বিৰোধী দলৰ শাসন কালত গুজৰাটৰ সীমান্তত দেশৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰা একাধিক ঘটনা সংঘটিত হৈছিল। কিন্তু তেওঁৰ দল ক্ষমতালৈ অহাৰ পিছৰে পৰা আৰু বিশেষকৈ শ্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰাই গুজৰাট চৰকাৰে ৰাজ্যখনৰ সীমাক শত্ৰুৰ বাবে অভেদ্য কৰি তুলিবলৈ কাম কৰি আহিছে।

শ্ৰী অমিত শ্বাহে কয় যে সুশাসনৰ দ্বাৰা অনুপ্ৰাণিত নেতৃত্বই যদি শাসনৰ দায়িত্ব লাভ কৰে, তেন্তে কিমান পৰিৱৰ্তন সম্ভৱ তাৰ সৰ্বোত্তম উদাহৰণ হৈছে গুজৰাট। তেওঁ কয় যে আজি গুজৰাটে কেৱল সীমান্ত সুৰক্ষা আৰু অভ্যন্তৰীণ নিৰাপত্তাক সুদৃঢ়কৰণেই নহয়, বৰঞ্চ সন্ত্ৰাসবাদ, নিচাযুক্ত দ্ৰব্য, চাইবাৰ অপৰাধ আদি ভিন্ন অপৰাধো ফলপ্ৰসূভাৱে ৰোধ কৰিছে। তেওঁ কয় যে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে মোদী জীয়ে যি পথ প্ৰশস্ত কৰিছিল, বৰ্তমানৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল আৰু গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী হৰ্ষ সংঘৱী সেই পথেৰেই অগ্ৰসৰ হৈছে। তেওঁ কয় যে আমাৰ চৰকাৰে গুজৰাটক দেশৰ আটাইতকৈ সুৰক্ষিত ৰাজ্য হিচাপে গঢ়ি তোলাত উল্লেখযোগ্য সফলতা লাভ কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ১১ বছৰীয়া কাৰ্য্যকালত ভাৰতৰ অভ্যন্তৰীণ আৰু বহিঃ সুৰক্ষাৰ বাবে কেৱল ভাৰততে নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে ভাৰতৰ সেনা আৰু ইয়াৰ সীমান্তৰ লগত খেলা কৰিব নোৱাৰি বুলি এক দৃঢ়তা প্ৰতিষ্ঠা কৰা হৈছে। তেওঁ কয় যে বিৰোধী দলৰ শাসন কালত দেশৰ ভিন্ন প্ৰান্তত সঘনাই বোমা বিস্ফোৰণ সংঘটিত হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে কোনো সুনিৰ্দিষ্ট প্ৰত্যুত্তৰ জনোৱা নাছিল। তাৰোপৰি ৰাজ্য চৰকাৰসমূহে কিছু ব্যৱস্থা গ্ৰহণ কৰিছিল, ইয়াৰ বিপৰীতে আন কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল। কিন্তু মোদী জী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত যেতিয়াই পাকিস্তানে উৰি, পুলৱামা, পেহেলগামৰ দৰে স্থানত বৃহৎ আক্ৰমণ সংঘটিত কৰিছিল, তেতিয়াই মোদী চৰকাৰে প্ৰতিবাৰেই পাকিস্তানক উপযুক্ত শিক্ষা দিছিল। তেওঁ কয় যে প্ৰথমবাৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ জৰিয়তে, দ্বিতীয়বাৰ বিমান আক্ৰমণৰ জৰিয়তে আৰু তেতিয়াও যেতিয়া কোনো শিক্ষা নলৈছিল, তেতিয়া তৃতীয়বাৰৰ বাবে ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে পাক-অধিকৃত কাশ্মীৰতেই নহয়, বৰঞ্চ পাকিস্তানৰ সীমান্তৰ ভিতৰৰ ১০০ কিমিত অৱস্থিত সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্য্যালয় ধ্বংস কৰা হ’ল। শ্ৰী শ্বাহে কয় যে ভাৰত আত্মৰক্ষাৰ প্ৰতি দায়বদ্ধ আৰু ইয়াৰ নাগৰিক তথা সীমান্তক সুৰক্ষা প্ৰদানৰ বাবে যে যিকোনো পৰিসৰলৈ যাব পাৰে, বিশ্ববাসীক সেই শক্তিশালী বাৰ্তা প্ৰদান কৰিছে। তেওঁ কয় যে ‘অপাৰেচন সিন্দূৰ’-এ সন্ত্ৰাসবাদী কাণ্ডৰ মাষ্টাৰমাইণ্ডবোৰক উচিত শিক্ষা প্ৰদান কৰিছে আৰু পেহেলগামত আক্ৰমণ সংঘটিত কৰা তিনিওটা পাকিস্তানী সন্ত্ৰাসবাদীকে ‘অপাৰেচন মহাদেৱ’-ৰ জৰিয়তে নিৰ্মূল কৰা হৈছিল।

কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে বিগত ১১ বছৰত দেশৰ প্ৰধানমন্ত্ৰী তথা গুজৰাটৰ সু-পুত্ৰ শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে কেৱল নীতিগতভাৱেই নহয়, বৰঞ্চ বাস্তৱত ‘সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীল’ নীতি ৰূপায়ণ কৰিছে। দেশৰ উত্তৰ-পূৰ্বাঞ্চলতেই হওঁক, নক্সাল-প্ৰভাৱিত অঞ্চলতেই হওঁক বা কাশ্মীৰতেই হওঁক, মোদী চৰকাৰে সন্ত্ৰাসবাদী আৰু সশস্ত্ৰ সংগঠনসমূহক যথোচিত শিক্ষা প্ৰদান কৰিছে। উত্তৰ-পূবত ১০ হাজাৰৰো অধিক উগ্ৰবাদীয়ে আত্মসমৰ্পণ কৰিছে। তেওঁ পুনৰবাৰ আস্থা প্ৰকাশেৰে কয় যে ২০২৬-ৰ ৩১ মাৰ্চৰ ভিতৰত দেশৰ পৰা নক্সালবাদৰ সম্পূৰ্ণৰূপে বিলুপ্তি ঘটিব—এয়া মোদী চৰকাৰৰ সংকল্প।

 

ডায়েল ১১২-ৰ অধীনত জনৰক্ষক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে আহমেদাবাদত আয়োজিত ভিন্ন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। তেওঁ গোটা আৰু চান্দলোদিয়া ৱাৰ্ডত নগৰীয়া স্বাস্থ্য কেন্দ্ৰ উদ্বোধনৰ লগতে ৰাণীপ, ষ্টেডিয়াম আৰু ঘাটলোদিয়া ৱাৰ্ডত গছপুলি ৰোপণ কৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদ চহৰৰ কুলদেৱী শ্ৰী ভদ্ৰাকালী মাতাজীৰ প্ৰাচীন মন্দিৰ দৰ্শনেৰে পূজা-অৰ্চনা আগবঢ়োৱাৰ লগতে টৰেন্ট গ্ৰুপ-ইউএনএম ফাউণ্ডেচনে পুনৰ নিৰ্মাণ কৰা ‘চৰ্দাৰ বাউগ’ উদ্বোধন কৰে।

 

*****

RK/VV/RR/PS/PR/SB


(Release ID: 2164438) Visitor Counter : 5