প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰতিজন নাগৰিকৰ বাবে সুলভ আৰু সহজে উপলব্ধ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ অটল প্ৰতিশ্ৰুতিৰ কথা পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 04 SEP 2025 8:27PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰতিজন নাগৰিকৰ বাবে সুলভ আৰু সহজে উপলব্ধ  স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে চৰকাৰৰ অটল দায়বদ্ধতাৰ কথা  পুনৰবাৰ  দৃঢ়তাৰে প্ৰকাশ  কৰে। জন ঔষধি কেন্দ্ৰ আৰু আয়ুষ্মান ভাৰতৰ দৰে পৰিৱৰ্তনশীল পদক্ষেপক আধাৰ কৰি  চৰকাৰে এতিয়া #নেক্সটজেন জিএছটি  সংস্কাৰৰ অধীনত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে।

 

এক্সত  ড০ সুমিত শ্বাহৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে কয়-

 

“প্ৰতিজন ভাৰতীয়ৰ বাবে সুলভ স্বাস্থ্যসেৱা সদায় আমাৰ অভিযান হৈ আহিছে।

 

জন ঔষধি কেন্দ্ৰৰ পৰা আয়ুষ্মান ভাৰতলৈকে আৰু এতিয়া ৩৩টা জীৱন ৰক্ষাকাৰী ঔষধৰ ক্ষেত্ৰত শূন্য কৰকে ধৰি অত্যাৱশ্যকীয় স্বাস্থ্য সামগ্ৰীত জি এছ টি হ্ৰাস পোৱাৰ লগে লগে আমি গুণগত স্বাস্থ্যসেৱা সকলোৰে বাবে অধিক সুলভ আৰু সহজে উপলব্ধ  কৰি তোলাৰ যাত্ৰা অব্যাহত ৰাখিছো।

 

#NextGenGST”

 

 

***

MJPS/SR/DM  


(Release ID: 2164076) Visitor Counter : 2