নৌ-পৰিবহন মন্ত্ৰালয়
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইত অনুষ্ঠিতব্য ভাৰত সামুদ্ৰিক সন্মিলনত অংশগ্ৰহণেৰে গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামত ভাষণ প্ৰদান কৰিব”: সৰ্বানন্দ সোণোৱাল
"২০২৭-ৰ ভিতৰত ২৫০ কোটি টকা বিনিয়োগ সাপেক্ষে ব্ৰহ্মপুত্ৰত দুখন বিলাসী ক্ৰুজ জাহাজ চলিব": সৰ্বানন্দ সোণোৱাল
১০০ খনৰো অধিক দেশ আৰু এক লাখৰো অধিক অংশীদাৰে ভাগ ল’বলগীয়া ভাৰত সামুদ্ৰিক সপ্তাহ সন্দৰ্ভত সোণোৱালে কয়, “এয়া ভাৰতৰ সামুদ্ৰিক শক্তিক বিশ্বৰ সন্মুখত প্ৰদৰ্শনৰ এক ঐতিহাসিক সুযোগ”
“আমাৰ লক্ষ্য হৈছে ২০৪৭-ৰ ভিতৰত ১০,০০০ এমএমটি এক্সিম কাৰ্গ’ আৰু অভ্যন্তৰীণ জলপথৰ জৰিয়তে ৫০০ এমএমটি সৰবৰাহ কৰা”: সৰ্বানন্দ সোণোৱাল
Posted On:
02 SEP 2025 7:17PM by PIB Guwahati
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ দপ্তৰৰ (MoPSW) মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭–৩১ অক্টোবৰত মুম্বাইত অনুষ্ঠিতব্য ‘ভাৰত সামুদ্ৰিক সপ্তাহ’-ত অংশগ্ৰহণেৰে গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামত মূল ভাষণ প্ৰদান কৰিব বুলি ঘোষণা কৰে।
গুৱাহাটীত অনুষ্ঠিত ৱাটাৰ ভয়েজ নৰ্থ ইষ্ট, ২০২৫ সন্মিলনত ভাষণ প্ৰদানেৰে সোণোৱালে এই কাৰ্য্যসূচীক “ভাৰতৰ সামুদ্ৰিক শক্তিক বিশ্বৰ সন্মুখত প্ৰদৰ্শনৰ এক ঐতিহাসিক সুযোগ” বুলি অভিহিত কৰে। ইয়াত ১০০ খনৰো অধিক দেশ আৰু এক লাখৰো অধিক অংশীদাৰে ভাগ ল’ব বুলি আশা কৰা হৈছে। সৰ্বানন্দ সোণোৱালে কয় যে ইয়াত প্ৰধানমন্ত্ৰীগৰাকীৰ অংশগ্ৰহণে ভাৰতৰ বিশ্ব সামুদ্ৰিক নেতৃত্বক পুনৰ দৃঢ় কৰিব, যি সময়ত এই খণ্ডৰ অভূতপূৰ্ব ৰূপান্তৰ ঘটিছে।
সৰ্বানন্দ সোণোৱালে কয়, “ভাৰত সামুদ্ৰিক সপ্তাহ কেৱল ধাৰণাৰাজিৰ আলোচনা কাৰ্য্যই নহয়, বৰঞ্চ ইয়াত আত্মবিশ্বাসৰো মিলন ঘটিব।“ তেওঁ আৰু কয়, “প্ৰধানমন্ত্ৰী মোদীয়ে আমাৰ সামুদ্ৰিক দৃষ্টিভংগীক যিদৰে পথ-প্ৰদৰ্শন কৰিছে, ইয়াৰ ফলশ্ৰুতিত বিশ্বই এতিয়া ভাৰতক এক বিশ্বাসযোগ্য অংশীদাৰ আৰু বৰ্ধমান সামুদ্ৰিক শক্তি হিচাপে গণ্য কৰে। গ্ল’বেল মেৰিটাইম চিইঅ’ ফ’ৰামত তেখেতৰ অংশগ্ৰহণে বিশ্ব উদ্যোগৰ নেতৃবৃন্দক ভাৰতৰ বিকাশৰ এই যাত্ৰাত বিনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিব।”
ইয়াত মন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে এক বৃহৎ উন্নয়নৰ কথাও সদৰী কৰেঃ ব্ৰহ্মপুত্ৰ নদীত চালনাৰ বাবে ২৫০ কোটি টকাৰ সংযুক্ত বিনিয়োগেৰে দুখন বিলাসী ক্ৰুজ জাহাজ নিৰ্মাণ কৰা হৈছে। বৰ্তমান কলকাতাৰ হাওৰাস্থিত হুগলী কোচিন শ্বীপয়াৰ্ডত জাহাজ দুখন নিৰ্মাণ কৰি থকা হৈছে। ২০২৭-ত ক্ৰুজ ভাৰত অভিযানৰ অধীনত জাহাজ দুখনৰ শুভাৰম্ভণিয়ে অসমৰ নদী পৰ্যটনক এক নতুন মাত্ৰা প্ৰদান কৰিব।
সামুদ্ৰিক সংস্কাৰ আৰু ৰূপান্তৰ সাধন
সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ২০১৪-ৰ পৰা ভাৰতৰ সামুদ্ৰিক বাতাবৰণক এক নতুন ৰূপ প্ৰদান কৰা হৈছে। সাগৰমালা, মেৰিটাইম ইণ্ডিয়া ভিজন (MIV)-২০৩০ আৰু মেৰিটাইম অমৃত কাল ভিজন (MAKV)-২০৪৭ ৰ দৰে ধ্বজাবাহী পদক্ষেপৰাজিয়ে বন্দৰ, জাহাজ আৰু অভ্যন্তৰীণ জলপথৰ ৰূপান্তৰ ঘটাইছে।
সৰ্বানন্দ সোণোৱালে কয় যে সম্প্ৰতি বন্দৰৰ ক্ষমতা প্ৰায় দুগুণ হৈছে, কাৰ্গ’ সৰবৰাহৰ পৰিমাণ ১,৬০০ নিযুত মেট্ৰিক টন হৈছে আৰু বন্দৰসমূহত টাৰ্ণএৰাউণ্ড সময় ২২ ঘন্টালৈ হ্ৰাস পাইছে।
সোণোৱালে কয়, “২০১৪-ত পাঁচটা কাৰ্য্যক্ষম জলপথৰ পৰা আজি আমাৰ ৩০ টা জলপথ আছে।“ তেওঁ আৰু কয়, “অভ্যন্তৰীণ জলপথসমূহত কাৰ্গ’ৰ সৰবৰাহ ২০১৩-১৪ ত ১৮ নিযুত টনৰ পৰা যোৱা বছৰ ১৪৫ নিযুত টনলৈ বৃদ্ধি পাইছে। এয়া কেৱল পৰিসংখ্যাই নহয়, বৰঞ্চ ৰূপান্তৰৰ একো-একোটা মাইলৰ খুঁটি।”
মন্ত্ৰীগৰাকীয়ে হৰিৎ সাগৰ নীতি আৰু হৰিৎ নৌকা পদক্ষেপৰ অধীনত অব্যাহত সেউজ পৰিৱৰ্তনত গুৰুত্ব আৰোপ কৰে। এই পন্থাই স্বচ্ছ ইন্ধন, নবীকৰণযোগ্য শক্তি আৰু পৰিবেশ-অনুকূল অভ্যন্তৰীণ জাহাজক প্ৰসাৰিত কৰে। তেওঁ ২০২৪-ৰ ডিচেম্বৰত শুভাৰম্ভ হোৱা জলবাহক আঁচনি সন্দৰ্ভতো আলোকপাত কৰে। ইয়াৰ অধীনত ভাৰত-বাংলাদেশ প্ৰট’কল পথৰ জৰিয়তে ৰাষ্ট্ৰীয় জলপথ ১, ২ আৰু ১৬-ত ৩০০ কিমি-ৰো অধিক দূৰত্বত কাৰ্গ’ৰ সৰবৰাহক প্ৰৰোচনা যোগায়।
সৰ্বানন্দ সোণোৱালে কয়, “জলবাহক আঁচনি আৰু ফিক্সড ডে’ নিৰ্ধাৰিত ছেইলিঙৰ জৰিয়তে আমি কেৱল কাৰ্গ’ সৰবৰাহেই নহয়, বৰঞ্চ আমি আত্মবিশ্বাসৰো বৰ্ধন ঘটাইছোঁ। আমি উদ্যোগটোৰ সুলভতা আৰু বহনক্ষমতা নিশ্চিত কৰিছোঁ।”
বিকাশৰ কেন্দ্ৰ উত্তৰ-পূব
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামুদ্ৰিক ৰোডমেপত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকাত বিশেষ গুৰুত্ব আৰোপ কৰে। অঞ্চলটোৰ অভ্যন্তৰীণ জলপথসমূহৰ আন্তঃগাঁথনিত ১,০০০ কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে, ইয়াৰে ৩০০ কোটি টকা মূল্যৰ প্ৰকল্প সম্পূৰ্ণ হৈছে আৰু বাকীখিনি সম্পূৰ্ণ হোৱাৰ উপক্ৰম হৈছে।
সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত আমি উত্তৰ-পূবৰ অপৰিসীম সামুদ্ৰিক সম্ভাৱনাক মুকলি কৰিছোঁ। পাণ্ডুত ২৩৯ কোটি টকাৰ অঞ্চলটোৰ ভিতৰতে প্ৰথমটো জাহাজ মেৰামতিৰ সুবিধা ২০২৬-ৰ ভিতৰত সাজু হ’ব। ২০২৫-ৰ ছেপ্টেম্বৰৰ ভিতৰত ১৮০ কোটি টকাৰ সমৰ্পিত এপ্ৰ’চ পথে প্ৰত্যক্ষভাৱে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথক পাণ্ডু বন্দৰৰ সৈতে সংযোগ কৰিব। ক্ৰুজ পৰ্যটনক উদ্দীপনা যোগাবলৈ আমি গুইজান, নিমাতী, বিশ্বনাথ ঘাট আৰু শিলঘাটত নতুন পৰ্যটন জেটীত ২৯৯ কোটি টকা বিনিয়োগ কৰিছোঁ। ডিব্ৰুগড়ত ৫,০০০ সামুদ্ৰিক পেছাদাৰীক প্ৰশিক্ষণ প্ৰদান কৰিবলৈ ১৮৮ কোটি টকা ব্যয় সাপেক্ষে আঞ্চলিক উৎকৰ্ষ কেন্দ্ৰ স্থাপন কৰা হৈছে, যিয়ে আমাৰ যুৱক-যুৱতীসকলক ভাৰতৰ সামুদ্ৰিক বিকাশ যাত্ৰাৰ নেতৃত্ব প্ৰদান কৰিবলৈ সাজু কৰি তুলিছে।“
সোণোৱালে কয়, “ব্ৰহ্মপুত্ৰ কেৱল এখন নদী নহয়, বৰঞ্চ আমাৰ আয়ুসৰেখা। আধুনিক ক্ৰুজ টাৰ্মিনেল, জাহাজ মেৰামতিৰ সুবিধা আৰু দক্ষতা কেন্দ্ৰ স্থাপনেৰে আমি নদীখনৰ সম্পূৰ্ণ সম্ভাৱনা মুকলি কৰিছোঁ।“
ক্ৰুজ ভাৰত মিছন আৰু পৰ্যটনক উদ্দীপনা
২০২৪-ত শুভাৰম্ভ হোৱা ক্ৰুজ ভাৰত অভিযানৰ লক্ষ্য হৈছে ২০২৯-ৰ ভিতৰত যাত্ৰীৰ সংখ্যা দুগুণ কৰাৰ সমান্তৰালকৈ ১০০ নদী ক্ৰুজ টাৰ্মিনেল, ১০ সাগৰীয় ক্ৰুজ টাৰ্মিনেল আৰু পাঁচ মেৰিনা স্থাপন কৰা। আজি কেৱল ব্ৰহ্মপুত্ৰতে ১৪ খনকে ধৰি ৰাষ্ট্ৰীয় জলপথত ২৫ খন নদী ক্ৰুজ জাহাজ কাৰ্য্যক্ষম হৈ আছে।
সৰ্বানন্দ সোণোৱালে কয় যে শেহতীয়াকৈ ফৰ্বছে গংগা নদী ক্ৰুজক বিশ্বৰ শীৰ্ষ ১০-ত স্থান প্ৰদান কৰিছে আৰু লগতে কয়, “অসম পৰৱৰ্তী বৈশ্বিক নদী ক্ৰুজ ডেষ্টিনেচন হ’বলৈ সাজু হৈছে।”
ভাৰত সামুদ্ৰিক সপ্তাহ – ১ ট্ৰিলিয়ন টকাৰ সুযোগ
মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত সামুদ্ৰিক সপ্তাহ, ২০২৫-ত জাহাজ নিৰ্মাণ ক্লাষ্টাৰ আৰু বন্দৰ-চালিত যোগাযোগৰ পৰা আৰম্ভ কৰি উপকূলীয় সমাজৰ উন্নয়ন সাধন আৰু পৰিবেশ-অনুকূল লজিষ্টিকলৈকে প্ৰায় ১ ট্ৰিলিয়ন টকা মূল্যৰ বিনিয়োগৰ সুযোগৰ উন্মেষ ঘটিব।
সোণোৱালে কয়, “এয়া ভাৰতৰ বাবে সামুদ্ৰিক পুনৰুত্থানৰ দশক।“ তেওঁ আৰু কয়, “আমাৰ লক্ষ্য হৈছে ২০৪৭-ৰ ভিতৰত ১০,০০০ এমএমটি এক্সিম কাৰ্গ’ আৰু অভ্যন্তৰীণ জলপথৰ জৰিয়তে ৫০০ এমএমটি সৰবৰাহ কৰা। ভাৰত বিশ্বৰ শীৰ্ষ পাঁচ জাহাজ নিৰ্মাণকাৰী ৰাষ্ট্ৰৰ ভিতৰত অন্তৰ্ভুক্ত হ’ব আৰু বিশ্বজুৰি জাহাজ ৰিচাইক্লিঙত ২০% অংশীদাৰিত্ব লাভ কৰিব। এয়া হৈছে সামুদ্ৰিক ভাৰতৰ বাবে আমাৰ অমৃত কালৰ দৃষ্টিভংগী।”
ভাৰতীয় অভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ (IWAI) আৰু ভাৰতীয় বন্দৰ সংস্থা (IPA)-ৰ উদ্যোগত আয়োজিত এই ৱাটাৰ ভয়েজ নৰ্থ-ইষ্ট সন্মিলনত ক্ৰুজ অপাৰেটৰ, কাৰ্গ' জাহাজৰ গৰাকী আৰু ব্যৱসায়ীসকলকে প্ৰমুখ্য কৰি ২৪০-ৰো অধিক অংশীদাৰে ভাগ লয়।
ভাষণৰ সামৰণিত সোণোৱালে অংশীদাৰসকলক মুম্বাইৰ অনুষ্ঠানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কয়, "ভাৰত সামুদ্ৰিক সপ্তাহ, ২০২৫ কেৱল এক অনুষ্ঠান নহয়, বৰঞ্চ এয়া এক অভিযান। এই কাৰ্য্যসূচীয়ে বিশ্বজুৰি প্ৰতিযোগিতামূলক, ডিজিটেলভাৱে সবল, পৰিবেশ বহনক্ষম আৰু সামাজিকভাৱে অন্তৰ্ভুক্ত সামুদ্ৰিক ভাৰত গঢ়ি তোলাৰ পথ প্ৰশস্ত কৰিব। আস্থা, বাণিজ্য আৰু সংযোগৰ এই যাত্ৰাত আমাৰ সৈতে যোগদান কৰিবলৈ মই বিশ্ববাসীক আমন্ত্ৰণ জনাইছোঁ।"



*****
SR/GDH/PN/SB
(Release ID: 2163205)
Visitor Counter : 3