গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰাইজে সন্মুখীন হোৱা কষ্ট লাঘৱ কৰাৰ ক্ষেত্ৰত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে

কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশত গৃহ মন্ত্ৰালয়ে হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাবে আন্তঃমন্ত্ৰালয় কেন্দ্ৰীয় দল (আইএমচিটি) গঠন কৰি অতিবৃষ্টি, বানপানী, আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰে

এই কেন্দ্ৰীয় দলসমূহে অহা সপ্তাহৰ আৰম্ভণিতে বান/ভূমিস্খলন প্ৰভাৱিত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰ জিলাসমূহ পৰিদৰ্শন কৰিব

ৰাজ্য চৰকাৰে কৰা পৰিস্থিতি আৰু সাহায্যমূলক কাম থিতাতে মূল্যায়ন কৰিব আইএমচিটিয়ে

Posted On: 31 AUG 2025 7:46PM by PIB Guwahati

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী জীৰ নেতৃত্বত কেন্দ্রীয় চৰকাৰে প্রাকৃতিক দুর্যোগৰ বাবে জনসাধাৰণে সন্মুখীন হোৱা কষ্ট লাঘৱ কৰিবলৈ ক্ষতিগ্রস্ত ৰাজ্যসমূহৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিছে৷

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ নিৰ্দেশত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ অতিবৃষ্টি, আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত হোৱা ক্ষতিৰ মূল্যায়নৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল গঠন কৰিছে। এই কেন্দ্ৰীয় দলসমূহে থিতাতে পৰিস্থিতি পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰে চলাই থকা সাহায্য কামৰ মূল্যায়ন কৰিব।

কেন্দ্ৰীয় দলসমূহে অহা সপ্তাহৰ আৰম্ভণিতে বান/ভূমিস্খলন ক্ষতিগ্ৰস্ত হিমাচল প্ৰদেশ, উত্তৰাখণ্ড, পঞ্জাৱ আৰু জম্মু-কাশ্মীৰ জিলাসমূহ পৰিদৰ্শন কৰিব, যিবোৰ জিলা চলিত বাৰিষাত অতিপাত বৰষুণ, আকস্মিক বানপানী, ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনৰ ফলত গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। এটা আইএমচিটি আৰু এটা বহুখণ্ডীয় দলে ইতিমধ্যে হিমাচল প্ৰদেশ ভ্ৰমণ কৰিছে।

এই কেন্দ্ৰীয় দলসমূহৰ নেতৃত্বত থাকিব গৃহ পৰিক্ৰমা মন্ত্ৰালয়/ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ জ্যেষ্ঠ যুটীয়া সচিব পৰ্যায়ৰ বিষয়া আৰু ইয়াত ব্যয় মন্ত্ৰালয়/বিভাগ, কৃষি আৰু কৃষক কল্যাণ, জল শক্তি, শক্তি, পথ পৰিবহণ আৰু ঘাইপথ, গ্ৰামোন্নয়নৰ জ্যেষ্ঠ বিষয়াসকল থাকিব।

গৃহমন্ত্ৰালয়ে এই ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে যোগাযোগ কৰি আছে আৰু এনডিআৰএফ, সেনা আৰু বায়ুসেনাৰ হেলিকপ্টাৰ নিয়োগকে ধৰি প্ৰয়োজনীয় লজিষ্টিক সহায় আগবঢ়াইছে, যিয়ে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰু অত্যাৱশ্যকীয় সেৱাসমূহ পুনৰুদ্ধাৰত সহায় কৰিছে।

২০১৯ চনৰ আগষ্ট মাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা অহা স্মাৰকপত্ৰলৈ অপেক্ষা নকৰাকৈ, বৃহৎ দুৰ্যোগৰ লগে লগে দৃহ মন্ত্ৰালয়ে আইএমচিটি গঠন কৰে, যাতে ক্ষয়-ক্ষতিৰ চৰজমিন মূল্যায়ন কৰিব পাৰে।

আইএমচিটিৰ দ্বাৰা ক্ষতিৰ মূল্যায়নৰ পিছত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠিত পদ্ধতি অনুসৰি এনডিআৰএফৰ পৰা ৰাজ্যসমূহক অতিৰিক্ত আৰ্থিক সাহায্য প্ৰদান কৰে। ৰাজ্যৰ দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলক তাৎক্ষণিক সাহায্য প্ৰদানৰ বাবে ২০২৫-২৬ বিত্তীয় বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ২৪খন ৰাজ্যলৈ এছডিআৰএফত ১০,৪৯৮.৮০ কোটি টকা, এনডিআৰএফৰ পৰা ১২খন ৰাজ্যলৈ ১,৯৮৮.৯১ কোটি টকা, ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা ২০খন ৰাজ্যলৈ ৩,২৭৪.৯০ কোটি টকা আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজি (এনডিএমএফ)ৰ পৰা ০৯খন ৰাজ্যলৈ ৩৭২.০৯ কোটি টকা মুকলি কৰি দিছে।

*****

RK/VV/RR/PR/PS/DB


(Release ID: 2162558) Visitor Counter : 6