প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, মেজৰ ধ্যানচান্দৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ

प्रविष्टि तिथि: 29 AUG 2025 8:39AM by PIB Guwahati

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীয়ে কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ  সন্মানাৰ্থে প্ৰতি বছৰে ২৯ আগষ্টত উদযাপিত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। ভাৰতৰ বিকশিত ক্ৰীড়া প্ৰেক্ষাপটৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া আৰু সু-স্বাস্থ্যৰ সংস্কৃতি গঢ়ি তোলা, এথলীটসকলৰ বাবে প্ৰতিষ্ঠানিক সমৰ্থন শক্তিশালী কৰা আৰু সমগ্ৰ দেশতে আধুনিক প্ৰশিক্ষণ আৰু প্ৰতিযোগিতাৰ পৰিৱেশ সম্প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ নিষ্ঠাৰ বিষয়ে দোহাৰে।

আজি এক্সত প্ৰকাশিত এক বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়:

“ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে শুভেচ্ছা জনাইছো! এই বিশেষ উপলক্ষত উৎকৃষ্টতাৰে প্ৰজন্মৰ পাছত প্ৰজন্ম অনুপ্ৰাণিত কৰি অহা মেজৰ ধ্যানচান্দ মহাশয়ৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছো। 

যোৱা দশকত ভাৰতৰ ক্ৰীড়া দৃশ্যপটত এক উল্লেখযোগ্য পৰিৱৰ্তন ঘটিছে।  যুৱ প্ৰতিভাক  উৎসাহিত কৰাৰ উদ্দেশ্যে আয়োজিত তৃণমূল পৰ্য্যায়ৰ কাৰ্যসূচীৰ পৰা আৰম্ভ কৰি বিশ্বমানৰ সা-সুবিধা সৃষ্টিলৈকে  আমাৰ দেশত এক  প্ৰাণৱন্ত ক্ৰীড়া পৰিস্থিতিতন্ত্ৰ আমি প্ৰত্যক্ষ কৰিছো। আমাৰ চৰকাৰ এথলীটসকলক সহায় কৰাৰ লগতে আন্তঃগাঁথনি নিৰ্মাণ কৰা তথা ভাৰতক ক্ৰীড়া উৎকৃষ্টতাৰ আন্তৰ্জাতিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।“ 

 

***

MJPS/SR/DD


(रिलीज़ आईडी: 2161762) आगंतुक पटल : 37
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali-TR , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam