তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
থাইলেণ্ডত অনুষ্ঠিত ‘২৩ সংখ্যক সাধাৰণ সন্মিলন’ত ‘এআইবিডি-ৰ কাৰ্যবাহী পৰিষদ’ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে ভাৰত
‘এআইবিডি-ৰ কাৰ্যবাহী পৰিষদ’-ৰ অধ্যক্ষ হিচাপে ভাৰতৰ নিৰ্বাচনে পাঁচ দশকজোৰা বিশ্বাসযোগ্য অংশীদাৰিত্ব আৰু সহযোগাত্মক সংবাদ মাধ্যমৰ বিকাশৰ প্ৰতি দায়বদ্ধতাক আলোকপাত কৰিছে
Posted On:
22 AUG 2025 5:44PM by PIB Guwahati
এক উল্লেখযোগ্য সাফল্যত ভাৰতে ২০২৫ চনৰ ১৯ আগষ্টৰ পৰা ২১ আগষ্টলৈ থাইলেণ্ডৰ ফুকেটত অনুষ্ঠিত ‘২৩ সংখ্যক এআইবিডি সাধাৰণ সন্মিলন’ৰ সময়ত সৰ্বাধিক ভোট লাভ কৰি ‘এছিয়া-পেচিফিক ইনষ্টিটিউট ফৰ ব্ৰডকাষ্টিং ডেভেলপমেণ্ট’-ৰ ‘কাৰ্যবাহী পৰিষদ’ৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে।
এয়া এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। স্মৰ্তব্য যে শেষবাৰৰ বাবে ২০১৬ চনত ‘এআইবিডি’-ৰ ‘কাৰ্যবাহী পৰিষদ’-ৰ অধ্যক্ষৰ পদত অধিষ্ঠিত হৈছিল ভাৰত। শেহতীয়াভাৱে অনুষ্ঠিত নিৰ্বাচনত লাভ কৰা সাফল্যই ‘এআইবিডি’-ৰ অভ্যন্তৰত ভাৰতৰ নেতৃত্বৰ ভূমিকা আৰু অধিক শক্তিশালী হোৱাৰ কথাকে প্ৰতীয়মান কৰিছে। উল্লেখ্য, ‘এআইবিডি সাধাৰণ সন্মিলন’ৰ অধ্যক্ষ হিচাপে ভাৰতৰ বৰ্তমানৰ কাৰ্যকাল ২০২৫ চনৰ আগষ্ট মাহলৈকে চলি আছে।
এই উপলক্ষে প্ৰসাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ‘এআইবিডি জিচি’-ৰ সভাপতি শ্ৰী গৌৰৱ দ্বিবেদীয়ে সকলো সদস্য দেশ আৰু সংগঠনক তেওঁলোকে প্ৰদৰ্শন কৰা আস্থা আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ হৈ ভাষণ দি তেওঁ কয়-
"ভাৰতৰ নেতৃত্বৰ প্ৰতি ৰখা আস্থাক আমি গভীৰভাৱে মূল্য দিওঁ। যোৱা পাঁচটা দশকত আমি ‘এআইবিডি’-ৰ ভিতৰত বিভিন্ন পৰ্যায়ত এটা দল হিচাপে কাম কৰিছোঁ, আৰু আমি ভৱিষ্যতেও ‘এআইবিডি’-ৰ কাৰ্যসূচী আৰু পদক্ষেপসমূহৰ আয়োজনত সামূহিকভাৱে আৰু দ্বিপাক্ষিক অংশীদাৰিত্বৰে এই সহযোগিতা অব্যাহত ৰাখিবলৈ আগ্ৰহী।"
আনহাতে, নৱনিৰ্বাচিত সকলো বিষয়ববীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ‘এআইবিডি’-ক অধিক উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁলোকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
এআইবিডি-ৰ বিষয়ে
১৯৭৭ চনত ইউনেস্ক’ৰ তত্বাৱধানত প্ৰতিষ্ঠা হোৱা ‘এছিয়া-পেচিফিক ইনষ্টিটিউট ফৰ ব্ৰডকাষ্টিং ডেভেলপমেণ্ট’ (এআইবিডি) হৈছে এক অনন্য আঞ্চলিক আন্তঃচৰকাৰী সংস্থা। বৰ্তমান ইয়াত ৪৫খন দেশৰ ৯২টাৰো অধিক সদস্য সংগঠন আছে, য'ত আছে:
• ৪৮ টা ৰাষ্ট্ৰীয় সম্প্ৰচাৰক প্ৰতিনিধিত্ব কৰা ২৬ গৰাকী চৰকাৰী সদস্য
• এছিয়া-পেচিফিক, ইউৰোপ, আফ্ৰিকা, আৰব ৰাষ্ট্ৰ, আৰু উত্তৰ আমেৰিকাক সামৰি লোৱা ২৮খন দেশ আৰু অঞ্চলৰ পৰা ৪৪ গৰাকী সংযুক্ত সদস্য
ভাৰত হৈছে ‘এআইবিডি’-ৰ প্ৰতিষ্ঠাপক সদস্য, আৰু ‘প্ৰসাৰ ভাৰতী,’ ভাৰতৰ জনসেৱা সম্প্ৰচাৰক সংস্থাটোৱে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক প্ৰতিনিধিত্ব কৰে।
২৩ সংখ্যক এআইবিডি সাধাৰণ সন্মিলন (জিচি ২০২৫) সম্পৰ্কে
থাইলেণ্ডৰ ফুকেটত শ্ৰী গৌৰৱ দ্বিবেদীৰ অধ্যক্ষতাত ‘এআইবিডি’-ৰ ‘২৩ সংখ্যক সাধাৰণ সন্মিলন’ আৰু সংশ্লিষ্ট সভাসমূহৰ সফল সামৰণি পৰে। এই সন্মিলনত ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক একত্ৰিত কৰা হয় আৰু নীতি বিনিময় আৰু সমল বিনিময়ৰ জৰিয়তে সমগ্ৰ এছিয়া-পেচিফিক অঞ্চলত এক সজীৱ আৰু সহযোগিতামূলক সংবাদ মাধ্যমৰ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰা হয়। চলিত বৰ্ষৰ বিষয়বস্তু আছিল “মানুহ,শান্তি আৰু সমৃদ্ধিৰ বাবে সংবাদ মাধ্যম”।
এই সন্মানীয় নিযুক্তিয়ে পুনৰবাৰ সম্প্ৰচাৰৰ ক্ষেত্ৰত ভাৰতৰ নেতৃত্বৰ ওপৰত বিশ্বজোৰা আস্থাক উজ্জ্বল কৰি তুলিছে আৰু বিশ্বজুৰি সংবাদ মাধ্যমৰ বিকাশ গঢ় দিয়াত ভাৰতৰ বাবে আৰু অধিক কৌশলগত আৰু প্ৰভাৱশালী ভূমিকা গ্ৰহণ কৰাৰ মঞ্চ তৈয়াৰ কৰিছে।
*****
Dharmendra Tewari/ Navin Sreejith/KB
(Release ID: 2160011)