প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
৪ জানুৱাৰীত নতুন দিল্লীত গ্ৰামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
মহোৎসৱৰ বিষয়বস্তু: বিকশিত ভাৰত ২০৪৭ ৰ বাবে এক স্থিতিস্থাপক গ্ৰাম্য ভাৰত নিৰ্মাণ
মহোৎসৱৰ লক্ষ্য হৈছে গ্ৰাম্য ভাৰতৰ উদ্যোগী মনোভাৱ আৰু সাংস্কৃতিক ঐতিহ্যৰ উদযাপন
Posted On:
03 JAN 2025 5:56PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪ জানুৱাৰীৰ পুৱা প্ৰায় ১০:৩০ বজাত, নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্ৰামীণ ভাৰত মহোৎসৱ ২০২৫ উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণো দিব।
গ্ৰাম্য ভাৰতৰ উদ্যোগী মনোভাৱ আৰু সাংস্কৃতিক ঐতিহ্য উদযাপন কৰি অহা ৪ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ‘বিকশিত ভাৰত ২০৪৭ ৰ বাবে এক স্থিতিস্থাপক গ্ৰাম্য ভাৰত নিৰ্মাণ’ আৰু “গাঁৱ বঢ়ে, তো দেশ বঢ়ে” মূলমন্ত্ৰৰে অনুষ্ঠিত হ’ব এই গ্ৰামীণ ভাৰত মহোৎসৱ।
মহোৎসৱৰ লক্ষ্য হৈছে বিভিন্ন আলোচনা, কৰ্মশালা আৰু মাষ্টাৰক্লাছৰ জৰিয়তে গ্ৰাম্য আন্তঃগাঁথনি বিকশিত কৰা, স্বাৱলম্বী অৰ্থনীতি সৃষ্টি কৰা, আৰু গ্ৰাম্য সমুদায়ৰ মাজত উদ্ভাৱনক উদ্বুদ্ধ কৰা। ইয়াৰ উদ্দেশ্যসমূহৰ ভিতৰত আৰ্থিক অন্তৰ্ভুক্তিৰ সৈতে মোকাবিলা কৰি আৰু বহনক্ষম কৃষি পদ্ধতিক সমৰ্থন কৰাৰ লগতে উত্তৰ-পূব ভাৰতক বিশেষ গুৰুত্ব দি গ্ৰাম্য জনতাৰ মাজত অৰ্থনৈতিক স্থিতিশীলতা আৰু আৰ্থিক নিৰাপত্তা প্ৰসাৰ কৰা আদিও অন্তৰ্ভুক্ত।
মহোৎসৱত ঔদ্যোগীকৰণৰ জৰিয়তে গ্ৰাম্য মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। ইয়াৰ জৰিয়তে চৰকাৰী বিষয়া, বিশেষজ্ঞ, গ্ৰামোদ্যোগী, শিল্পী, আৰু খণ্ডটোৰ অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰি গ্ৰামোন্নয়নৰ বাবে এক ৰোডমেপ তৈয়াৰ কৰা হ’ব। এই অনুষ্ঠানত গ্ৰাম্য জীৱিকা উন্নত কৰাৰ বাবে প্ৰযুক্তি আৰু নতুন ধাৰণা ব্যৱহাৰৰ ওপৰত আলোচনাক উৎসাহিত কৰা হ’ব, লগতে ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন আৰু প্ৰদৰ্শনীৰ জৰিয়তেও প্ৰদৰ্শন কৰা হ’ব।
***
MJPS/ST
(Release ID: 2159168)
Visitor Counter : 4
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam