প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ সোলাপুৰৰ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
পিএমএনআৰএফৰ অধীনত এককালীন সাহাৰ্য ঘোষণা
Posted On:
18 MAY 2025 9:27PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ সোলাপুৰত অগ্নিকাণ্ডৰ ঘটনাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীয়ে পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃতকৰ নিকাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক্স পোষ্ট কয়;
"মহাৰাষ্ট্ৰৰ সোলাপুৰৰ শোকাবহ অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা ঘটনাত মৰ্মাহত হৈছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।"
পিএমএনআৰএফৰ অধীনত প্ৰতিগৰাকী মৃতকৰ নিকাত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ এককালীন সাহাৰ্য প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী" @narendramodi
***
MJPS/VJ/SKS/DB
(Release ID: 2158855)
Read this release in:
Odia
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam