প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘বিশ্ব স্বাস্থ্য সন্মিলনী’ৰ ৭৮ সংখ্যক অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

Posted On: 20 MAY 2025 4:38PM by PIB Guwahati

 

মহামান্যসকল আৰু প্ৰতিনিধিমণ্ডলী, নমস্কাৰ। ‘বিশ্ব স্বাস্থ্য সন্মিলনী’ৰ ৭৮ সংখ্যক অধিৱেশনত সমবেত আপোনালোক সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

চলিত বৰ্ষৰ ‘বিশ্ব স্বাস্থ্য সন্মিলন’ৰ বিষয়বস্তু হৈছে ‘স্বাস্থ্যৰ বাবে এক বিশ্ব’। ই বিশ্ব স্বাস্থ্যৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক অনুৰণিত কৰিছে। ২০২৩ চনত এই সমাৱেশত ভাষণ দিওঁতে মই ‘এক পৃথিৱী, এক স্বাস্থ্য’ৰ কথা কৈছিলোঁ৷ এখন সুস্থ পৃথিৱীৰ ভৱিষ্যত নিৰ্ভৰ কৰে অন্তৰ্ভূক্তি, সংহত দৃষ্টিভংগী আৰু সহযোগিতাৰ ওপৰত।

বন্ধুসকল,

ভাৰতৰ স্বাস্থ্য সংস্কাৰৰ মূলতে আছে অন্তৰ্ভূক্তি। আমি ‘আয়ুষ্মান ভাৰত’-ৰ ৰূপত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা আঁচনি ৰূপায়ণ কৰি আহিছোঁ। ইয়াত ৫৮ কোটি লোকক সামৰি লোৱা হৈছে আৰু বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচী শেহতীয়াকৈ ৭০ বছৰৰ ওপৰৰ সকলো ভাৰতীয়কে সামৰি লোৱাৰ বাবে সম্প্ৰসাৰিত কৰা হৈছে। আমাৰ হাতত হাজাৰ হাজাৰ স্বাস্থ্য আৰু সুস্থতা কেন্দ্ৰৰ নেটৱৰ্ক আছে। এইবোৰত কেন্সাৰ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি ৰোগ পৰীক্ষা কৰি ধৰা পেলায়। হাজাৰ হাজাৰ ৰাজহুৱা ফাৰ্মাচীয়ে বজাৰৰ মূল্যতকৈ বহু কম মূল্যতে উচ্চমানৰ ঔষধ যোগান ধৰে।

বন্ধুসকল,

স্বাস্থ্যৰ ফলাফল উন্নত কৰাৰ বাবে প্ৰযুক্তি হৈছে এক গুৰুত্বপূৰ্ণ অনুঘটক। গৰ্ভৱতী মহিলা আৰু শিশুৰ টিকাকৰণৰ তথ্য অনুসৰণ কৰিবলৈ আমাৰ হাতত এটা ‘ডিজিটেল প্লেটফৰ্ম’ আছে। লাখ লাখ মানুহৰ এক অনন্য ‘ডিজিটেল স্বাস্থ্য পৰিচয়’ আছে। ই আমাক স্বাস্থ্য-সুবিধা, বীমা, ৰেকৰ্ড আৰু তথ্য একত্ৰিত কৰাত সহায় কৰিছে। ‘টেলিমেডিচিন’ৰ সহায়ত কোনোৱেই এতিয়া চিকিত্সকৰ পৰা বেছি দূৰত নহয়। আমাৰ বিনামূলীয়া টেলিমেডিচিন সেৱাই এই পৰ্যন্ত ৩৪ কোটিতকৈয়ো অধিক পৰামৰ্শ প্ৰদান কৰিছে।

বন্ধুসকল,

আমাৰ পদক্ষেপসমূহৰ বাবেই এক উৎসাহজনক বিকাশ সম্ভৱ হৈছে। মুঠ স্বাস্থ্য ব্যয়ৰ শতাংশ হিচাপে ভুক্তভোগীসকলৰ স্বাস্থ্য-ব্যয় যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। একে সময়তে চৰকাৰী স্বাস্থ্য ব্যয় যথেষ্ট বৃদ্ধি পাইছে।

বন্ধুসকল,

পৃথিৱীৰ স্বাস্থ্য নিৰ্ভৰ কৰে আমি আটাইতকৈ দুৰ্বল লোকসকলক কিমান ভালদৰে যত্ন লওঁ তাৰ ওপৰত। বিশেষকৈ স্বাস্থ্যজনিত প্ৰত্যাহ্বানৰ দ্বাৰা ‘গ্ল’বেল ছাউথ’ প্ৰভাৱিত হৈছে। ভাৰতৰ এই পদ্ধতিয়ে প্ৰতিলিপিযোগ্য, পৰিমাপযোগ্য আৰু বহনক্ষম আৰ্হি আগবঢ়াইছে। আমি আমাৰ শিক্ষণ আৰু উত্তম পদ্ধতিসমূহ বিশ্বৰ সৈতে, বিশেষকৈ ‘গ্ল’বেল ছাউথ’ৰ সৈতে সহভাগ কৰিবলৈ পালে সুখী হ’ম।

বন্ধুসকল,

জুন মাহত ১১ সংখ্যক ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ অনুষ্ঠিত হ’ব। এইবাৰৰ বিষয়বস্তু হৈছে ‘এক পৃথিৱী, এক স্বাস্থ্যৰ বাবে যোগ’। যিখন ৰাষ্ট্ৰই বিশ্বক ‘যোগ’ প্ৰদান কৰিছে, সেই ৰাষ্ট্ৰৰ নাগৰিক হিচাপে মই সকলো দেশকে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছোঁ।

বন্ধুসকল,

‘আই এন বি চুক্তি’ সন্দৰ্ভত সফল আলোচনাৰ বাবে ‘বিশ্ব স্বাস্থ্য সংস্থা’ আৰু সকলো সদস্য ৰাষ্ট্ৰক অভিনন্দন জনাইছোঁ। এয়া হৈছে অধিক সহযোগিতাৰে ভৱিষ্যতৰ মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক অংশীদাৰিত্বপূৰ্ণ প্ৰতিশ্ৰুতি। এখন সুস্থ পৃথিৱী গঢ়ি তোলাৰ সময়ত আমি যাতে কোনো লোক পিছ পৰি নাথাকো তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। ‘বেদ’ৰ এক কালজয়ী প্ৰাৰ্থনাৰে সামৰণি মাৰিছোঁ। “সৰ্বে ভৱন্তু সুখীনঃ সৰ্বে সন্তু নিৰাময়াঃ। সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিদ্ দুঃখভাগ্ভৱেত্।।’’ হাজাৰ হাজাৰ বছৰৰ আগতে আমাৰ ঋষিসকলে প্ৰাৰ্থনা কৰিছিল যে সকলোৱেই সুস্থ, সুখী আৰু ৰোগমুক্ত হওক। এই দৃষ্টিভংগীয়ে বিশ্বক একত্ৰিত কৰক।

ধন্যবাদ!

***

 

MJPS/VJ/KB


(Release ID: 2158824) Visitor Counter : 2