কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
azadi ka amrit mahotsav

৮৩০৭.৭৪ কোটি টকাৰ মূলধনী ব্যয়েৰে ওড়িশাত হাইব্ৰিড এনুইটি মোড (এইচ এ এম)ত ৬লেন প্ৰৱেশ নিয়ন্ত্ৰিত কেপিটেল ৰিজন ৰিং ৰোড (ভুৱনেশ্বৰ বাইপাছ, ১১০.৮৭৫ কিলোমিটাৰ) নিৰ্মাণৰ বাবে কেবিনেটৰ অনুমোদন

Posted On: 19 AUG 2025 3:17PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অর্থনৈতিক পৰিক্ৰমা কেবিনেট কমিটীয়ে আজি মুঠ ৮৩০৭.৭৪ কোটি টকাৰ মূলধন ব্যয়ৰে ওড়িশাত হাইব্ৰিড এনুইটি মোড (এইচএএম)ত ৬ লেন প্ৰৱেশ নিয়ন্ত্ৰিত কেপিটেল ৰিজন ৰিং ৰোড (ভুৱনেশ্বৰ বাইপাছ-১১০.৮৭৫ কিলোমিটাৰ) নিৰ্মাণত অনুমোদন জনাইছে।

বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰামেশ্বৰৰ পৰা টাংগীৰ মাজত সংযোগত খোৰ্ধা চহৰ, ভুৱনেশ্বৰ আৰু কটকৰ মাজেৰে পাৰ হৈ যাতায়তৰ পৰিমাণ অধিক হোৱাৰ বাবে যথেষ্ট যানজঁটৰ সন্মুখীন হয়। এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰকল্পটোক ৬-লেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড ঘাইপথ হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিয়া হৈছে। এই প্ৰকল্পই কটক, ভুৱনেশ্বৰ আৰু খোৰ্ধা চহৰৰ পৰা গধুৰ বাণিজ্যিক বাহিন যাতায়ত আঁতৰাই ওড়িশা আৰু অন্যান্য পূব ৰাজ্যসমূহক যথেষ্ট সুবিধা প্ৰদান কৰিব। ইয়াৰ ফলত সামগ্ৰী পৰিবহণৰ কাৰ্যক্ষমতা বৃদ্ধি, লজিষ্টিক ব্যয় হ্ৰাস পোৱাৰ লগতে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ সূচনা হ’ব।

এই প্ৰকল্পই ৩টা প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ (এনএইচ-৫৫, এনএইচ-৫৭ আৰু এনএইচ-৬৫৫) আৰু এটা ৰাজ্যিক ঘাইপথ (এছএইচ-৬৫)ৰ সৈতে একত্ৰিত হয়, যিয়ে সমগ্ৰ ওড়িশাৰ মূল অৰ্থনৈতিক, সামাজিক, আৰু লজিষ্টিক হাবসমূহলৈ নিৰৱচ্ছিন্ন সংযোগ প্ৰদান কৰে। তদুপৰি, উন্নীতকৃত কৰিডৰে ১০টা অৰ্থনৈতিক হাব, ৪টা সামাজিক হাব আৰু ৫টা লজিষ্টিক হাবৰ সৈতে সংযোগ কৰি বহু আৰ্হিৰ সংহতি বৃদ্ধি কৰিব, এটা প্ৰধান ৰে'লৱে ষ্টেচন, এটা বিমানবন্দৰ, এটা প্ৰস্তাৱিত মাল্টি-ম'ডেল লজিষ্টিক পাৰ্ক (এমএমএলপি) আৰু ২টা ডাঙৰ বন্দৰৰ সৈতে বৰ্ধিত মাল্টিম'ডেলিটী প্ৰদান কৰিব যাৰ ফলত সমগ্ৰ অঞ্চলটোত সামগ্ৰী আৰু যাত্ৰীসকলৰ দ্ৰুত গতিবিধিত সুবিধা প্ৰদান কৰিব।

নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ লগে লগে এই বাইপাছে আঞ্চলিক অৰ্থনৈতিক বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, প্ৰধান ধৰ্মীয় আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ মাজত সংযোগ শক্তিশালী কৰিব আৰু বাণিজ্য আৰু ঔদ্যোগিক উন্নয়নৰ বাবে নতুন পথ মুকলি কৰিব। এই প্ৰকল্পটোৱে প্ৰায় ৭৪.৪৩ লাখ মানৱদিনৰ প্ৰত্যক্ষ আৰু ৯৩.০৪ লাখ মানৱদিনৰ পৰোক্ষ নিয়োগো সৃষ্টি কৰিব আৰু ইয়াৰ দ্বাৰা সমীপৱৰ্তী অঞ্চলসমূহত বৃদ্ধি, উন্নয়ন আৰু সমৃদ্ধিৰ নতুন পথ মুকলি হ’ব।

.

কৰিডৰৰ মানচিত্ৰ

https://static.pib.gov.in/WriteReadData/userfiles/image/CCEAPIC19082025TE62.jpg

পৰিশিষ্ট - I: প্ৰকল্পৰ বিৱৰণ

 

বৈশিষ্ট্য

বিৱৰণ

প্ৰকল্পৰ নাম

৬-লেন প্ৰৱেশ নিয়ন্ত্ৰিত গ্ৰীণফিল্ড কেপিটেল ৰিজিন ৰিং ৰোড (ভুৱনেশ্বৰ বাইপাছ) ৰামেশ্বৰৰ পৰা টাংগীলৈ

কৰিডৰ

কলকাতা – চেন্নাই

দৈৰ্ঘ্য (কিলোমিটাৰ)

১১০.৮৭৫

মুঠ চিভিল ব্যয় (কোটি টকা)

৪৬৮৬.৭৪

ভূমি অধিগ্ৰহণৰ ব্যয় (কোটি টকা)

১০২৯.৪৩

মুঠ মূলধনী ব্যয় (কোটি টকা)

৮৩০৭.৭৪

ম’ড

হাইব্ৰিড বাৰ্ষিকী ম’ড (HAM)

বাইপাছ

১১০.৮৭৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্প

ৰাষ্ট্ৰীয় ঘাইপথ সংযুক্ত মুখ্য পথ –

৫৫নং ৰাষ্ট্ৰীয় ঘাইপথ, ৬৫৫নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৫৭নং ৰাষ্ট্ৰীয় ঘাইপথ। ৰাজ্যিক ঘাইপথ – এছএইচ-৬৫

অৰ্থনৈতিক/সামাজিক/পৰিবহণ হাবসংযুক্ত

বিমানবন্দৰ: ভুৱনেশ্বৰ

ৰে’ল ষ্টেচন: খোৰ্ধা

বন্দৰ: পুৰী আৰু অষ্ট্ৰং

অৰ্থনৈতিক হাব: বিশেষ অৰ্থনৈতিক মণ্ডল, মেগা ফুড পাৰ্ক, বস্ত্ৰ আৰু ফাৰ্মা ক্লাষ্টাৰ, মাছ ধৰা ক্লাষ্টাৰ

সামাজিক হাব: আকাংক্ষিত জিলা, জনজাতীয় জিলা আৰু এল ডব্লিউ ই প্ৰভাৱিত জিলা।

সংযুক্ত প্ৰধান চহৰ/নগৰ

খোৰ্ধা, ভুৱনেশ্বৰ, কটক আৰু ধেংকনাল।

নিয়োগ সৃষ্টিৰ সম্ভাৱনা

৭৪.৪৩ লাখ মানৱদিন (প্ৰত্যক্ষ) আৰু ৯৩.০৪ লাখ মানৱদিন (পৰোক্ষ)

২০২৫ বিত্তীয় বৰ্ষত বাৰ্ষিক গড় দৈনিক যাতায়ত (এএডিটি)

আনুমানিক ২৮,২৮২ যাত্ৰীবাহী গাড়ী ইউনিট (পিচিইউ)

 

***

MJPS/DB


(Release ID: 2157980)