গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯ সংখ্যক স্বাধীনতা দিৱসত নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত কয় যে আমি এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নতুন পথ অনুসৰণ কৰিছো

সন্ত্ৰাসবাদক লালন-পালন আৰু আশ্ৰয় দিয়াসকলক, সন্ত্ৰাসবাদীক শক্তিশালী কৰাসকলক আৰু পৃথক দৃষ্টিৰে চোৱা নহ'ব

আমি দণ্ডবিধি বিলুপ্ত কৰি ভাৰতীয় ন্যায় সংহিতা আনিছো, ন্যায় সংহিতাই ভাৰতৰ নাগৰিকৰ মনত আস্থাৰ প্ৰতিফলন ঘটাইছে
গাঁথনিগত সংস্কাৰেই হওক বা নিয়ন্ত্ৰণ, নীতি, প্ৰক্ৰিয়া বা সাংবিধানিক সংস্কাৰেই হওক, আজি আমি প্ৰতিটো ক্ষেত্ৰতে সংস্কাৰক মূল লক্ষ্য হিচাবে গ্ৰহণ কৰিছো

যোৱা ১১ বছৰত আমি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে, দেশৰ ৰক্ষাৰ বাবে আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছো । এই ক্ষেত্ৰত পৰিৱৰ্তন অনাত সফল হৈছো

আমাৰ দেশৰ এটা বৃহৎ জনজাতীয় অঞ্চল বিগত কেইবা দশক ধৰি নক্সালবাদ আৰু মাওবাদৰ কবলত পৰি ৰক্তাক্ত হৈ আছিল

বাস্তাৰৰ কথা মনত পৰাৰ লগে লগে মাওবাদ, নক্সালবাদ, বোমা আৰু বন্দুকৰ শব্দৰ কথাই মনলৈ আহে

আজি একেখন বাস্তাৰেই মাওবাদ আৰু নক্সালবাদৰ পৰা মুক্ত হৈ অলিম্পিকত সহস্ৰাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি ভাৰত মাতা কি জয় ধ্বনি দি ক্ৰীড়াক্ষেত্ৰত প্ৰৱেশ কৰিছে, সমগ্ৰ পৰিবেশ উৎসাহেৰে ভৰি পৰিছে

Posted On: 15 AUG 2025 4:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে নতুন দিল্লীৰ ঐতিহাসিক লালকিল্লাৰ প্ৰাচীৰৰ পৰা দিয়া ভাষণত উল্লেখ কৰে যে আমি এতিয়া সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নতুন স্বাভাৱিক অৱস্থা  প্ৰতিষ্ঠা কৰিছো। সন্ত্ৰাসবাদক লালন-পালন কৰা আৰু আশ্ৰয় দিয়াসকলক আৰু সন্ত্ৰাসবাদীক শক্তিশালী কৰাসকলক এতিয়া আৰু পৃথক দৃষ্টিৰে চোৱা হোৱা নাই। তেওঁলোক  মানৱতাৰ শত্ৰু, তেওঁলোকৰ মাজত কোনো পাৰ্থক্য নাই। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে এতিয়া সিদ্ধান্ত লৈছে যে ভাৰতে আৰু পাৰমাণৱিক ভাবুকি সহ্য নকৰে। দীৰ্ঘদিন ধৰি চলি থকা পাৰমাণৱিক ব্লেকমেইল আৰু সহ্য কৰিব নোৱাৰি।

নতুন তিনিখন অপৰাধমূলক আইনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় - ব্ৰিটিছ যুগৰ পৰাই আমি দণ্ডবিধিৰ বোজা, শাস্তিৰ ভয়ত জীয়াই আছিলো। স্বাধীনতাৰ ৭৫ বছৰ এনেদৰে পাৰ হৈ গ’ল। তেওঁ উল্লেখ কৰে -আমি দণ্ডবিধি বিলুপ্ত কৰি ভাৰতীয় ন্যায় সংহিতা প্ৰৱৰ্তন কৰিছো। ভাৰতীয় ন্যায় সংহিতাই ভাৰতৰ নাগৰিকৰ ওপৰত আস্থাক প্ৰতিফলিত কৰিছে। তেওঁ দৃঢ়তাৰে কয় যে আমি সংস্কাৰৰ যাত্ৰা ত্বৰান্বিত কৰাৰ অভিযান গ্ৰহণ কৰিছো আৰু দ্ৰুতগতিত আগবাঢ়িব বিচাৰো। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে -সেয়া গাঁথনিগত সংস্কাৰেই হওক, নিয়ন্ত্ৰণমূলক সংস্কাৰেই হওক, নীতিয়েই হওক, প্ৰক্ৰিয়াই হওক, বা সাংবিধানিক সংস্কাৰেই হওক, আমি প্ৰতিটো ধৰণৰ সংস্কাৰ  এক নিৰ্দিষ্ট উদ্দেশ্যেৰে আগবাঢ়িছে। তেওঁ লগতে কয়-   আমাৰ দেশত সৰু সৰু বিষয়ত মানুহক জেললৈ পঠিওৱা আইন আছে, আৰু আচৰিত কথাটো হ’ল, কোনেও এই কথাত গুৰুত্ব নিদিলে। অপ্ৰয়োজনীয় আইন বিলুপ্ত কৰিব লাগে বুলি তেওঁ জোৰ দিয়ে। আমি আগতেও সংসদলৈ বিল আনিছো, এইবাৰ আকৌ আনিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে  কয় যে আমি সমৃদ্ধিৰ দিশে আগবাঢ়িছো, কিন্তু সমৃদ্ধিৰ পথ নিৰাপত্তাৰ মাজেৰেহে পাৰ হৈ যায়। তেওঁ কয় যে বিগত ১১ বছৰত আমি ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে, দেশ  ৰক্ষাৰ বাবে আৰু নাগৰিকৰ সুৰক্ষাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰিছো। পৰিৱৰ্তন আনিবলৈ আমি সফল হৈছো। তেওঁ কয় যে আমাৰ দেশৰ এটা বৃহৎ জনজাতীয় অঞ্চল নক্সালবাদ আৰু মাওবাদৰ কবলত ৰক্তাক্ত হৈ আছিল । প্ৰধানমন্ত্ৰীয়ে কয় যে জনজাতীয় পৰিয়ালসমূহেই তাত  সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে। জনজাতীয় মাতৃ-ভগ্নীয়ে হেৰুৱাইছে  নিজৰ আশাৰ সন্তানক। কণমানি পুত্ৰক ভুল পথলৈ  টানি নিয়া  হৈছিল, বিপথে পৰিচালিত কৰা হৈছিল, তেওঁলোকৰ জীৱন ধ্বংস হৈছিল। প্ৰধানমন্ত্ৰী মোদী জীয়ে কয় যে আমি কঠোৰ হাতেৰে কাম কৰিছিলো। ১২৫ খনতকৈও অধিক জিলাত নক্সালবাদৰ শিপা বিয়পি পৰাৰ সময়ত আমাৰ জনজাতীয় অঞ্চল আৰু জনজাতীয় যুৱক-যুৱতীসকল মাওবাদৰ কবলত আবদ্ধ হৈ পৰিছিল। আজি আমি ১২৫খন জিলাক ২০খনলৈ হ্ৰাস কৰিছো।তেওঁ কয় যে আমাৰ জনজাতীয় লোকসকলৰ প্ৰতি আমি আগবঢ়োৱা এয়াই  আটাইতকৈ ডাঙৰ সেৱা

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বাস্তাৰৰ কথা মনলৈ অহাৰ লগে লগে মাওবাদ, নক্সালবাদ, বোমা আৰু বন্দুকৰ শব্দ শুনা গৈছিল। আজি একেখন  বাস্তাৰ মাওবাদ আৰু নক্সালবাদৰ পৰা মুক্ত হৈ অলিম্পিকত সহস্ৰাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰি ভাৰত মাতা কি জয় ধ্বনি দি ক্ৰীড়াক্ষেত্ৰত প্ৰৱেশ কৰিছে,  সমগ্ৰ পৰিবেশ উৎসাহেৰে ভৰি পৰিছে। তেওঁ কয় যে সমগ্ৰ দেশেই এই পৰিৱৰ্তনৰ সাক্ষী হৈ আছে। প্ৰধানমন্ত্ৰী মোদী জীয়ে কয় যে যিবোৰ অঞ্চল এসময়ত ৰেড কৰিডৰ নামেৰে জনাজাত আছিল সেইবোৰ এতিয়া উন্নয়নৰ সেউজ কৰিডৰ হৈ পৰিছে, সেয়া আমাৰ বাবে গৌৰৱৰ বিষয়। তেওঁ কয় যে ভাৰতৰ মানচিত্ৰত যিবোৰ অঞ্চল ৰক্তাক্ত হৈ ৰঙা ৰং হৈছিল, আমি তাত সংবিধান, আইন আৰু উন্নয়নৰ ত্ৰিৰংগ উত্তোলন কৰিছো। প্ৰধানমন্ত্ৰীয়ে কয় ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে এই জনজাতীয় অঞ্চলসমূহক নক্সালবাদৰ পৰা মুক্ত কৰি জনজাতীয় যুৱক-যুৱতীসকলৰ জীৱন ৰক্ষা কৰি আমি ভগৱান বীৰছা মুণ্ডালৈ সঁচা শ্ৰদ্ধাঞ্জলি জনাইছো।

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এক সুপৰিকল্পিত ষড়যন্ত্ৰৰ অংশ হিচাপে দেশৰ জনগাঁথনি সলনি কৰা হৈছে। এক নতুন সংকটৰ বীজ সিঁচিছে আৰু অনুপ্ৰৱেশকাৰীয়ে কাঢ়ি লৈছে দেশৰ যুৱক-যুৱতীসকলৰ জীৱিকা। এই অনুপ্ৰৱেশকাৰীসকলে দেশৰ ভগ্নী-কন্যাক লক্ষ্য কৰি লৈছে, এয়া  সহ্য কৰা নহ’ব। তেওঁ কয় যে এই অনুপ্ৰৱেশকাৰীসকলে নিৰীহ জনসাধাৰণক  বিপথে পৰিচালিত কৰি তেওঁলোকৰ মাটি দখল কৰি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে এই কথা সহ্য নকৰে। যেতিয়া জনগাঁথনিৰ পৰিৱৰ্তন হয়, সীমান্ত অঞ্চলত জনগাঁথনিৰ পৰিৱৰ্তন হয়, তেতিয়া ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে সংকটৰ সৃষ্টি হয়। ইয়াৰ ফলত দেশৰ ঐক্য, অখণ্ডতা আৰু প্ৰগতিৰ ক্ষেত্ৰত  সংকটৰ সৃষ্টি হয় আৰু সামাজিক উত্তেজনাৰ  সৃষ্টি হয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে কোনো দেশেই অনুপ্ৰৱেশকাৰীৰ ওচৰত  আত্মসমৰ্পণ কৰিব নোৱাৰে। যিটো সময়ত পৃথিৱীৰ কোনো এখন দেশেই এই কাম কৰিব নোৱাৰে তেতিয়া ভাৰতে কেনেকৈ কৰিব পাৰিব ? তেওঁ কয় যে আমাৰ পূৰ্বপুৰুষসকলে ত্যাগ আৰু শ্বহীদৰ জৰিয়তে স্বাধীনতা লাভ কৰি আমাক স্বাধীন ভাৰত প্ৰদান কৰিছিল। সেই মহাপুৰুষসকলৰ প্ৰতি আমাৰ কৰ্তব্য যে আমি আমাৰ দেশত এনেধৰণৰ কাম গ্ৰহণ নকৰো, এয়াই হ'ব তেওঁলোকৰ প্ৰতি আমাৰ প্ৰকৃত শ্ৰদ্ধাঞ্জলি। প্ৰধানমন্ত্ৰীয়ে সেয়ে কয় যে আজি লালকিল্লাৰ প্ৰাচীৰৰ পৰা মই ঘোষণা কৰিছো যে আমি হাই-পাৱাৰ ডেম’গ্ৰাফী মিছন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছো। ভাৰতৰ সৈতে মিল থকা  আৰ্হিৰে ভয়াৱহ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ আৰম্ভ কৰা  এই অভিযানে নিৰ্দিষ্ট সময়ত সুচিন্তিত আৰু নিৰ্দিষ্টভাৱে নিজৰ কাম কৰিব।

 

RK / VV / PR/PS/DM


(Release ID: 2157244)