শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
যুৱ নিয়োগ বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰায় ১ লাখ কোটি টকাৰ আৰ্থিক ব্যয়ৰে আঁচনি, উপকৃত হ’ব ৩.৫ কোটি যুৱক
বৃহৎ নিয়োগ সৃষ্টিক সহায় কৰাৰ জৰিয়তে স্বতন্ত্ৰ ভাৰতৰ পৰা সমৃদ্ধ ভাৰতলৈ সেঁতু শক্তিশালী কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ
Posted On:
15 AUG 2025 2:32PM by PIB Guwahati
ঐতিহাসিক লালকিল্লাৰ পৰা দ্বাদশ স্বাধীনতা দিৱসৰ ভাষণ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১ লাখ কোটি টকা ব্যয়ৰে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা ঘোষণা কৰে। এই পৰিৱৰ্তনশীল আঁচনিৰ লক্ষ্য হৈছে দুবছৰত ৩.৫ কোটিৰো অধিক চাকৰি সৃষ্টিত সহায় কৰা। এই আঁচনিৰ জৰিয়তে নতুনকৈ নিয়োজিত যুৱক-যুৱতীসকলক দুটা কিস্তিত ১৫,০০০টকা পৰ্যন্ত আৰু নিয়োগকৰ্তাসকলক প্ৰতিমাহে ৩০০০ পৰ্যন্ত উদগনি প্ৰদান কৰা হ’ব।
আঁচনিখনৰ মূল বৈশিষ্ট্যসমূহ:
ক অংশ– প্ৰথমবাৰৰ বাবে কৰ্মচাৰীলৈ সহায়:
ইপিএফঅ’ত প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা কৰ্মচাৰীসকলক লক্ষ্য কৰি এই অংশত দুটা কিস্তিত ১৫ হাজাৰ টকা পৰ্যন্ত এমাহৰ ইপিএফ মজুৰি প্ৰদান কৰা হ’ব। এক লাখ টকা পৰ্যন্ত দৰমহা থকা কৰ্মচাৰীয়ে এই উদগনিৰ বাবে যোগ্যতা অৰ্জন কৰিব। প্ৰথম কিস্তি ৬ মাহৰ সেৱাৰ পিছত আৰু দ্বিতীয় কিস্তি ১২ মাহৰ সেৱা আৰু কৰ্মচাৰীয়ে বিত্তীয় সাক্ষৰতা কাৰ্যসূচী সম্পূৰ্ণ কৰাৰ পিছত প্ৰদান কৰিব লাগিব। সঞ্চয়ৰ অভ্যাসক উৎসাহিত কৰিবলৈ উদগনিৰ এটা অংশ নিৰ্দিষ্ট সময়ৰ বাবে জমা একাউণ্টৰ সঞ্চয় ব্যৱস্থাত ৰখা হ’ব আৰু পিছৰ তাৰিখত কৰ্মচাৰীয়ে উলিয়াব পাৰিব।
ক অংশৰ জৰিয়তে প্ৰায় ১.৯২ কোটি প্ৰথমবাৰৰ বাবে কৰ্মচাৰীক লাভৱান কৰিব।
খ অংশ – নিয়োগকৰ্তাৰ বাবে প্ৰৰোচনা:
এই অংশই সকলো খণ্ডতে অতিৰিক্ত নিয়োগ সৃষ্টিৰ বাবে উৎসাহিত কৰিব, য’ত বিশেষভাৱে উৎপাদন খণ্ডত গুৰুত্ব দিয়া হ’ব। ১ লাখ টকা পৰ্যন্ত দৰমহা থকা নতুন কৰ্মচাৰীৰ ক্ষেত্ৰত নিয়োগকৰ্তাসকলে প্ৰৰোচনা লাভ কৰিব। চৰকাৰে নিয়োগকৰ্তাক উদগনি দিব, প্ৰতিমাহে ৩০০০টকা পৰ্যন্ত, দুবছৰৰ বাবে, প্ৰতিটো অতিৰিক্ত নিয়োগৰ বাবে, কমেও ছমাহৰ বাবে স্থায়ী। উৎপাদন খণ্ডৰ বাবে তৃতীয় আৰু চতুৰ্থ বছৰলৈও উদগনি বৃদ্ধি কৰা হ’ব।
এই অংশই প্ৰায় ২.৬০ কোটি ব্যক্তিৰ অতিৰিক্ত নিয়োগ সৃষ্টিৰ বাবে নিয়োগকৰ্তাসকলক উদগনি যোগাব বুলি আশা কৰা হৈছে।
উদগনিৰ ধন পৰিশোধ ব্যৱস্থাঃ আঁচনিখনৰ ক খণ্ডৰ অধীনত প্ৰথমবাৰৰ বাবে কৰ্মচাৰীক দিয়া সকলো ধন আধাৰ সেতু পেমেণ্ট ব্যৱস্থা (এবিপিএছ) ব্যৱহাৰ কৰি ডিবিটি (প্ৰত্যক্ষ লাভ স্থানান্তৰ) মোডৰ জৰিয়তে কৰা হ’ব। খ খণ্ডৰ অধীনত নিয়োগকৰ্তাসকলক দিয়া ধন পোনপটীয়াকৈ তেওঁলোকৰ পানকাৰ্ড সংযুক্ত একাউণ্টত কৰা হ’ব। ইএলআই আঁচনিৰ জৰিয়তে চৰকাৰে যুৱক-যুৱতীসকলক প্ৰথমবাৰৰ বাবে কৰ্মশক্তিত যোগদান কৰিবলৈ উদগনি যোগোৱাৰ উপৰিও সকলো খণ্ডতে বিশেষকৈ উৎপাদন খণ্ডত চাকৰি সৃষ্টিৰ অনুঘটক হিচাপে কাম কৰাৰ মনস্থ কৰিছে।
***
Rini Choudhury/Anjelina Alexander/DB
(Release ID: 2156965)