নৌ-পৰিবহন মন্ত্ৰালয়
ৰাজ্যসভা গৃহীত হোৱাৰ পিছত সংসদে গৃহীত কৰিলে মাৰ্চেণ্ট শ্বিপিং বিধেয়ক, ২০২৫
“সংসদৰ চলিত অধিৱেশনত চাৰিখন মূল সামুদ্ৰিক সংস্কাৰ বিষয়ক বিধেয়ক গৃহীত হোৱাৰ লগে লগে বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে”: শ্ৰী সৰ্বানন্দ সোণোৱাল
“আত্মনিৰ্ভৰশীলতাৰ দৃষ্টিভংগীক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ ‘বিকশিত ভাৰত’ৰ লক্ষ্যৰ দিশত আগুৱাই নিবলৈ পুনৰুজ্জীৱিত কৰা হৈছে সামুদ্ৰিক নীতিৰ কাঠামো”: শ্ৰী সৰ্বানন্দ সোণোৱাল
Posted On:
11 AUG 2025 8:20PM by PIB Guwahati
ৰাজ্যসভাই আজি অনুমোদন জনোৱাৰ পিছতে সংসদে মাৰ্চেণ্ট শ্বিপিং বিধেয়ক, ২০২৫ গৃহীত কৰে। ভাৰতৰ সামুদ্ৰিক কাঠামোৰ আধুনিকীকৰণ, এইক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতি গ্ৰহণ আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক সংস্থাৰ (আইএমঅ’) চুক্তিসমূহৰ সৈতে ঘৰুৱা আইনসমূহ একাকাৰ কৰা, ভাৰতৰ সামুদ্ৰিক খণ্ড যাতে সমসাময়িক আৰু ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ সৈতে সজ্জিত হৈ উঠে, সাজু আৰু প্ৰাসংগিক হৈ থাকে সেই লক্ষ্যৰে এই বিধেয়কখন এক গুৰুত্বপূৰ্ণ বিধেয়ক হিচাবে বিবেচিত হৈছে । যোৱা ৬ আগষ্টত চলিত অধিৱেশনৰ সময়ত লোকসভাত বিধেয়কখন গৃহীত হোৱাৰ বাবেই এই বিধেয়কখন ৰাজ্যসভাত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বিবেচনাৰ বাবে দাখিল কৰে।
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে বিধেয়কখনক “ভাৰতক বিশ্বাসযোগ্য সামুদ্ৰিক বাণিজ্য কেন্দ্ৰ হিচাপে গঢ় দিয়াৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ” বুলি অভিহিত কৰে।শ্ৰী সোণোৱালে কয়-'এই বিধেয়কখনে নিয়ন্ত্ৰণ-নিৰ্ভৰ দৃষ্টিভংগীৰ পৰা এক সক্ষম নীতিগত পৰিৱেশলৈ ৰূপান্তৰিত পৰিৱৰ্তনক চিহ্নিত কৰিছে , যিয়ে বিনিয়োগকাৰীৰ আত্মবিশ্বাস বৃদ্ধি কৰিব, সুৰক্ষাৰ মান বৃদ্ধি কৰিব, আমাৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক সুৰক্ষিত কৰিব আৰু সামুদ্ৰিক শক্তি হিচাপে ভাৰতৰ স্থিতি শক্তিশালী কৰিব। ই বিশ্বৰ উত্তম পদ্ধতিসমূহ অন্তৰ্ভুক্ত কৰিছে, অনুসৰণৰ বোজা হ্ৰাস কৰিছে, আৰু আমাৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতিসমূহৰ পূৰণৰ কথা নিশ্চিত কৰিছে — এনেবোৰ কথাই এই খণ্ডটোৰ বৃদ্ধি আৰু বহনক্ষমতাৰ দিশত অনুঘটক হিচাপে কাম কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দৃষ্টিভংগীক সাৰোগত কৰি এই বিধেয়কখনে এটা পুৰণি, বৃহৎ কাঠামোৰ ঠাইত এক প্ৰগতিশীল, সুশৃংখলিত আইন প্ৰণয়ন নিশ্চিত কৰিছে। যিয়ে ভাৰতক সামুদ্ৰিক কেন্দ্ৰ হিচাপে নিৰ্ভৰযোগ্যতা বৃদ্ধি কৰিব, টনেজ বৃদ্ধি কৰিব , অনুপালনৰ বোজা হ্ৰাস কৰিব আৰু আমাৰ উপকূল সুৰক্ষিত কৰিব ”
বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে আইনী সংস্কাৰৰ ক্ষেত্ৰত এক নতুন মাপকাঠী নিৰ্ধাৰণ কৰিছে, সংসদৰ একক অধিৱেশনত অভিলেখ সংখ্যক সামুদ্ৰিক খণ্ডৰ বিধেয়ক গ্ৰহণৰ জৰিয়তে নতুন কৃতিত্ব অৰ্জন কৰিছে। এই ঐতিহাসিক কৃতিত্বই ভাৰতক বিশ্বৰ সামুদ্ৰিক ক্ষেত্ৰ নেতৃত্ব প্ৰদানকাৰী দেশলৈ ৰূপান্তৰিত কৰাৰ লগতে বিকশিতত ভাৰতৰ বাবে এক শক্তিশালী ভেটি গঢ়ি তুলিবলৈ চৰকাৰে পোষণ কৰা দায়বদ্ধতাকে পুনৰবাৰ প্ৰতিফলিত কৰিছে। ৫৬১টা ধাৰা থকা বৃহৎ আৰু পুৰণি মাৰ্চেণ্ট শ্বিপিং এক্ট, ১৯৫৮ৰ ঠাইত নতুন বিধেয়কখনে ১৬টা অংশ আৰু ৩২৫টা দফাৰ সুশৃংখলিত কাঠামো আগবঢ়াইছে। ই উল্লেখযোগ্য আন্তঃৰাষ্ট্ৰীয় চুক্তিসমূহৰ অধীনত ভাৰতৰ বাধ্যবাধকতাসমূহ ব্যাপকভাৱে গ্ৰহণ কৰাটো নিশ্চিত কৰিছে, ব্যৱসায়ত সহজতা বৃদ্ধিৰ বাবে অনুপালনৰ বোজা হ্ৰাস কৰিছে, সাগৰত নৌ পৰিবহণ আৰু জীৱনৰ সুৰক্ষা বৃদ্ধি কৰিছে, সাগৰীয় পৰিৱেশ সুৰক্ষিত কৰিছে, জৰুৰীকালীন প্ৰস্তুতি তথা উদ্ধাৰ অভিযানক শক্তিশালী কৰিছে, ভাৰতীয় পতাকাৰ তলত টনেজ বৃদ্ধি কৰিছে আৰু ভাৰতৰ উপকূল তথা সামুদ্ৰিক স্বাৰ্থক সুৰক্ষিত কৰিছে।
শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, “প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ গতিশীল নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডক আগন্তুক দৃষ্টিভংগী, সক্ষম নীতিৰ কাঠামো আৰু ভৱিষ্যতৰ বাবে সাজু কৰি শক্তিশালী কৰা হৈছে। যিয়ে দেশ খনক বিশ্বৰ আগশাৰীৰ সামুদ্ৰিক শক্তি হিচাপে গঢ়ি তুলিবলৈ সাজু হৈছে।” তেওঁ লগতে কয় “আমাৰ বন্দৰ, জাহাজ, আৰু জলপথসমূহে এতিয়া বিশ্ব বাণিজ্যৰ বহু বেছি অংশক কান্ধপাতি ল’বলৈ সাজু হৈছে, অৰ্থনৈতিক বৃদ্ধিৰ সূচনা কৰিছে, নিয়োগ সৃষ্টি কৰিছে আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীত প্ৰত্যক্ষভাৱে অৰিহণা যোগাইছে।”
মন্ত্ৰালয়ে লগতে এই বিষয়ত গুৰুত্ব আৰোপ কৰে যে এতিয়া নিয়ন্ত্ৰণৰ পৰা সক্ষমতাৰ দিশত গুৰুত্ব আৰোপ কৰা হৈছে, ফলত ভাৰতৰ সামুদ্ৰিক অধিকাৰক্ষেত্ৰ হিচাপে “বিশ্বাসযোগ্যতা” বৃদ্ধি পাইছে। এই পদ্ধতিটোৰ আৰ্হি বিশ্বব্যাপী অধিক বিনিয়োগ আকৰ্ষণ কৰিবলৈ, নিয়োগ সৃষ্টি কৰিবলৈ আৰু বহনক্ষম বৃদ্ধিৰ পৰিৱেশ সৃষ্টি কৰিবলৈ প্ৰস্তুত কৰা হৈছে।
এই আইনী অভিযান — মন্ত্ৰালয়ৰ ইতিহাসত আটাইতকৈ ব্যাপক অভিযান হিচাবে চিহ্নিত হৈছে — ভাৰত বিশ্বৰ অন্যতম বৃহৎ নাৱিক যোগানকাৰী আৰু বিশ্বৰ সাগৰীয় পথৰ মূল গুৰি ধৰোতা হিচাপে উত্থানৰ পৰিপূৰক হিচাবে কাম কৰিছে । শ্ৰী সৰ্বানন্দ সোণোৱালে লগতে কয়, ‘এই সংস্কাৰৰ জৰিয়তে ভাৰতে কেৱল বিশ্বৰ সামুদ্ৰিক মানৰ সৈতে খোজ মিলোৱা নাই, আমি আমাৰ বন্দৰ, জাহাজ, আৰু জলপথৰ বাবে মঞ্চ তৈয়াৰ কৰিছো, যাতে ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত এনেবোৰ পদক্ষেপে কেন্দ্ৰীয় ভূমিকা পালন কৰিব পাৰে।
SR/GDH/HK/DM
(Release ID: 2155330)