প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পিএমএনআৰএফৰ তৰফৰ পৰা এককালীন সাহায্য ঘোষণা
Posted On:
11 AUG 2025 4:35PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে দুৰ্ঘটনাত আহত লোকসকলৰ আশু আৰোগ্য কামনা কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএমএনআৰএফৰ পৰা নিহতসকলৰ নিকটাত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকলৰ বাবে ৫০, ০০০ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সত এইদৰে পোষ্ট কৰে;
“মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে দুঃখিত হৈছো। দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলো।
নিহতসকলৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ তৰফৰ পৰা ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰী @narendramodi”
***
MJPS/ST/DD
(Release ID: 2155116)
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam