পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
ভাৰতৰ ইথানল যাত্ৰা অপ্ৰতিৰোধ্য: শ্ৰী হৰদীপ সিং পুৰী
Posted On:
08 AUG 2025 6:55PM by PIB Guwahati
পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীয়ে আজি "অগ্ৰগামী জৈৱ ইন্ধন ৩৬০" শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ সুযোগতে অনুষ্ঠিত এক ফায়াৰচাইড চেট অধিবেশনত অংশগ্ৰহণ কৰি কয় যে “ভাৰতৰ ইথানল যাত্ৰা অপ্ৰতিৰোধ্য।”
ইথানল মিশ্ৰিত পেট্ৰ 'ল (EBP) ব্যৱস্থাৰ সফলতা সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছতহে ২০১৪ চনৰ পৰা ইথানল মিশ্ৰিত পেট্ৰ'লৰ বিষয়টোৱে গতি লাভ কৰে বুলি মত প্ৰকাশ কৰে। ২০১৪ চনত ইথানলৰ মিশ্ৰণ মাত্ৰ ১. ৫৩% আছিল বুলি প্ৰকাশ কৰি তেওঁ কয় যে ২০২২ চনৰ ভিতৰত ভাৰতে নিৰ্ধাৰিত সময়ৰ পাঁচ মাহ পূৰ্বে ১০% মিশ্ৰণ কৰিবলৈ সমৰ্থ হোৱাৰ লক্ষ্যত উপনীত হয়। ২০৩০ চনৰ ভিতৰত ২০% মিশ্ৰণ (২০)ৰ লক্ষ্যত উপনীত হোৱাৰ আশা কৰা হৈছিল যদিও ২০২৫তে সেই লক্ষ্য পূৰ্ণ হোৱা বুলি সদৰি কৰি তেওঁ কয় যে বৰ্তমান ইথানল যোগান বৰ্ষ (ESY)ত ইতিমধ্যে এই সফলতা লাভ কৰা হৈছে। এই সফলতা, মন্ত্ৰীজনে উল্লেখ কৰে যে ইথানল নিশ্চিত মূল্য নিৰ্ধাৰণৰ দৰে নিৰন্তৰ নীতি সংস্কাৰৰ জৰিয়তে সম্ভৱ কৰা হৈছিল, যাৰ ফলত বহু ফীডষ্টক অনুমতি দিয়া হৈছিল আৰু সমগ্ৰ দেশতে দ্ৰুত সম্প্ৰসাৰণ পাতন ক্ষমতা বৃদ্ধি কৰা হৈছিল।

ইথানল-মিশ্ৰিত ইন্ধন সম্পৰ্কত ভুল তথ্য তথা মিছা অভিযোগ নস্যাৎ কৰি শ্ৰী পুৰীয়ে কয় যে - ২০ প্ৰাথমিক ইন্ধন হৈ উঠাৰ পাছৰ পৰা বিগত ১০ মাহত ইঞ্জিন বিফলতা তথা বিকল হোৱাৰ কোনো ঘটনাৰ বিষয়ে জানিব পৰা হোৱা নাই। ব্ৰাজিলৰ উদাহৰণ উল্লেখ কৰি তেওঁ কয় যে দেশখনে কোনো সমস্যা নোহোৱাকৈ কেইবা বছৰ ধৰি ই-২৭ ব্যৱহাৰ কৰি আহিছে। একাংশ স্বাৰ্থন্বেষীয়ে ভাৰতৰ ইথানল বিপ্লৱত বিভ্ৰান্তি সৃষ্টি কৰি ইয়াক বিপথে নিবলৈ সক্ৰিয়ভাৱে চেষ্টা কৰি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰচেষ্টা সফল নহ'ব।শক্তিশালী নীতি সমৰ্থন, উদ্যোগ প্ৰস্তুতি আৰু ৰাজহুৱা গ্ৰহণযোগ্যতাৰ জৰিয়তে ই-২০ ৰূপান্তৰণ প্ৰক্ৰিয়াই ইতিমধ্যে অগ্ৰগতি লাভ কৰিছে, আৰু ইয়াৰ পাছত ওভতনি নহ’ব।
ই-২০ ৰ লাভালাভৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইয়াৰ ফলত গ্ৰীণহাউছ গেছ নিৰ্গমন হ্ৰাস পায়, বায়ুৰ মান উন্নত হয় তথা ইঞ্জিনৰ সমৰ্থতা বৃদ্ধি হোৱাৰ উপৰি ইতিমধ্যে ইয়াৰ জৰিয়তে ১.৪ লাখ কোটি টকাতকৈও অধিক বিদেশী মুদ্ৰা সঞ্চয় হৈছে। পানীপট আৰু নুমলীগড়ত থকা ২জি ইথানল শোধনাগাৰত পাৰালী আৰু বাঁহৰ দৰে কৃষি অৱশিষ্টক ইথানললৈ ৰূপান্তৰ কৰি থকা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, ইয়াৰ জৰিয়তে স্বচ্ছ ইন্ধন, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু কৃষক উপাৰ্জনৰ ক্ষেত্ৰত ইতিবাচক অগ্ৰগতি সাধিত হৈছে। তেওঁ লগতে জোৱাৰ আৰু বজ্ৰা আধাৰিত ইথানলৰ উৎপাদন ২০২১-২২ সময়ছোৱাৰ শূণ্য শতাংশৰ পৰা চলিত বৰ্ষত ৪২% লৈ উল্লেখযোগ্য ভাৱে বৃদ্ধিৰ বিষয়টো উল্লেখ কৰি এয়া এক পৰিৱৰ্তনশীল ৰূপান্তৰ বুলি অভিহিত কৰে।
ফ্লেক্স-ইন্ধন বাহন (FFVs)ৰ প্ৰসংগত শ্ৰী পুৰীয়ে কয় যে ভাৰতীয় যানবাহন উদ্যোগে ইতিমধ্যে ইয়াৰ সামৰ্থ্য প্ৰদৰ্শন কৰিছে। ই-৮৫ -সুসংগত বাহনৰ বাবে ভাৰতীয় অ’ইএম-য়ে প্ৰাথমিক পৰ্যায়ৰ কাম আৰম্ভ কৰিছে। ভাৰতীয় যানবাহন প্ৰস্তুতকৰ্তা (ছিয়াম) আৰু অন্যান্য মুখ্য যানবাহন নিৰ্মাতাসকলৰ গোটৰ মাজত নিৰন্তৰ আলোচনা অব্যাহত আছে আৰু স্পষ্টভাৱে কাম-কাজসমূহ উচ্চ ইথানল মিশ্ৰণৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে। ইথানল মিশ্ৰণ পৰিকল্পনাৰ (২০২০-২৫) এক শক্তিশালী ভেটি গঢ়ি উঠাৰ লগতে লক্ষ্যত উপনীত হোৱাৰ নিৰ্ধাৰিত সময়ৰ পাঁচ বছৰৰ পূৰ্বে ই ২০-ৰ সফল ব্যৱহাৰৰ জৰিয়তে উদ্যোগ খণ্ডৰ প্ৰস্তুতি তথা উপভোক্তা গ্ৰহণযোগ্যতা দুয়োটাই প্ৰতিফলিত হৈছে।বিআইএছ মান আৰু বিত্তীয় উদগণিমূলক ধনৰ জৰিয়তে দেশখনে এতিয়া ক্ৰমান্বয়ে ই-২৫, ই-২৭, আৰু ই-৩০ অভিমুখে গতি কৰিব।
ইথানল মিশ্ৰণ কেৱল ইন্ধন মিশ্ৰণেই নহয় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীযে কয় যে ইয়াৰ জৰিয়তে অন্নদাতাসকল অধকি শক্তিশালী হৈ উঠে আৰু খাৰুৱা তেলৰ আমদানি হ্ৰাস হোৱাৰ লগতে বিদেশী মুদ্ৰা ৰাহি হয়, সেউজ নিয়োগৰ সুবিধা সৃষ্টি হোৱাৰ উপৰি ভাৰতৰ জলবায়ু সম্পৰ্কীয় প্ৰতিশ্ৰুতিসমূহ অটুট থাকে। যোৱা ১১ বছৰত ইথানল ক্ৰয়ৰ জৰিয়তে কৃষকসকল ১.২১ লাখ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে ২৩৮.৬৮ লাখ মেট্ৰিক টন খাৰুৱা আমদানি হ্ৰাস পোৱাৰ উপৰি বিদেশী মুদ্ৰাৰ বিনিময়ত ১.৪০ লাখ কোটি টকা ৰাহি হৈছে।
বহনক্ষম বিমান ইন্ধন (এছএফ) খণ্ডত ভাৰতৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰি শ্ৰী পুৰীয়ে কয় যে মন্ত্ৰালয়ে তেল বিপণন কোম্পানী, বিমান পৰিবহন আৰু আন্তৰ্জাতিক প্ৰযুক্তি অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে। ইথানলৰ দৰে ভাৰতে এছ এ ফ গ্ৰহণ কৰিবলৈ ক্ৰমান্বয়ে পদক্ষেপ গ্ৰহণ কৰিব। ২০২৭ চনৰ ভিতৰত আন্তঃৰাষ্ট্ৰীয় বিমানৰ বাবে ১% মিশ্ৰণৰ লক্ষ্য আগত ৰাখি, ইতিমধ্যে নীতি গ্ৰহণ কৰা হৈছে। এই পৰিমাণ ২০২৮ চনৰ ভিতৰত ২% লৈ বৃদ্ধি কৰাৰ লগতে যোগান সুস্থিৰ হৈ পৰাৰ সমান্তৰালকৈ এই পৰিমাণ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ ভাৰতীয় তেল নিগম লিমিটেডৰ উদাহৰণ দাঙি ধৰে। এছএফ উৎপাদন কৰিবলৈ ব্যৱহৃত ৰন্ধন তেল ব্যৱহাৰ কৰা পানীপত শোধনাগাৰৰ জৰিয়তে ভাৰতৰ উদ্ভাৱনীমূলক আৰু বহনক্ষম ভৱিষ্যতৰ পথ প্ৰতিফলিত হৈছে।
*****
MN/DD
(Release ID: 2154976)