গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে বিহাৰৰ সীতামৰ্হি জিলাৰ মাতা সীতাৰ জন্মস্থান ‘পুনৌৰা ধাম মন্দিৰ’ আৰু ইয়াৰ চৌহদৰ সৰ্বাংগীন উন্নয়ন প্ৰকল্পৰ বাবে ভূমি পূজন সম্পন্ন কৰে
শ্ৰী অমিত শ্বাহে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে ‘সীতামৰ্হি - দিল্লী অমৃত ভাৰত ৰে’ল’খনৰো ‘ফ্লেগ অফ’ কৰে
৮৯০ কোটি টকা ব্যয় সাপেক্ষে মাতা জানকীৰ জন্মস্থান ‘পুনৌৰা ধাম মন্দিৰ চৌহদৰ সামগ্ৰিক উন্নয়ন প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰা হৈছে
মা জনাকীৰ জন্মস্থানত নিৰ্মাণ হ'বলগীয়া এই বিতোপন মন্দিৰটোৱেই হৈছে মিথিলাৰ উত্থানৰ শুভাৰম্ভণি
মোদী জীয়ে বিশ্ব-মঞ্চত দেশৰ কলাৰ প্ৰচাৰৰ জৰিয়তে মিথিলাৰ গৌৰৱ বৃদ্ধি কৰিছে
মিথিলাৰ সংস্কৃতি সমগ্ৰ ভাৰতবৰ্ষৰ সংস্কৃতিৰ এক অনন্য মণিস্বৰূপ
এগৰাকী নাৰী, এগৰাকী আদৰ্শ কন্যা, এগৰাকী আদৰ্শ পত্নী, এগৰাকী আদৰ্শ মাতৃ আৰু এগৰাকী আদৰ্শ ৰাজ মাতাৰ সকলো ভূমিকা পালন কৰিছিল মাতা সীতাই
Posted On:
08 AUG 2025 6:37PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে আজি বিহাৰৰ সীতামৰ্হি জিলাৰ মাতা সীতাৰ জন্মস্থান ‘পুনৌৰা ধাম মন্দিৰ’ আৰু চৌহদৰ সৰ্বাংগীন উন্নয়নৰ বাবে ভূমিপূজন সম্পন্ন কৰে। শ্ৰী অমিত শ্বাহে ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰ জৰিয়তে সীতামৰ্হিৰ পৰা দিল্লী অভিমুখী ‘অমৃত ভাৰত’ ৰে’লখনৰ ‘ফ্লেগ অফ’-ও কৰে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানত প্ৰদান কৰা ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে কয় যে আজি মাতা জানকীৰ জন্মস্থান ‘পুনৌৰা ধাম মন্দিৰ চৌহদৰ উন্নয়ন’ৰ আধাৰশিলা স্থাপন কৰাটো কেৱল সীতামৰ্হি, মিথিলা আৰু বিহাৰৰ বাবেই নহয়, সমগ্ৰ দেশ আৰু বিশ্বৰ বাবেও এক অতি শুভ অনুষ্ঠান। তেওঁ কয় যে বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰে সীতা মাতাৰ জন্মস্থানত ‘পুনৌৰা ধাম মন্দিৰ’ আৰু ইয়াৰ সমগ্ৰ চৌহদৰ উন্নয়নৰ কাম কোটি কোটি টকাৰে কৰিছে। এয়া কেৱল মিথিলা আৰু বিহাৰৰ ভক্তসকলৰ বাবেই নহয় সমগ্ৰ দেশৰ বাবেও আনন্দৰ বিষয়।
শ্ৰী অমিত শ্বাহে লগতে কয় যে পুনৌৰা ধামত প্ৰায় ৮৯০ কোটি টকা ব্যয় সাপেক্ষে ৬৮ একৰতকৈ অধিক ভূমিত শক্তিস্বৰূপা জগতজননী মাতা জানকীৰ বিতোপন মন্দিৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰে ১৩৭ কোটি টকা মাতা সীতাৰ বৰ্তমানৰ মন্দিৰৰ সংস্কাৰ সাধনৰ কামত ব্যয় কৰা হ’ব আৰু ৭২৮ কোটি টকা ‘পৰিক্ৰমা পথ’ আৰু অন্যান্য পৰিকাঠামোসমূহ নিৰ্মাণৰ বাবে ব্যয় কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে মাতা সীতাৰ জীৱনে আগবঢ়োৱা জীৱনৰ পাঠ আৰু ৰামায়ণৰ কাহিনীসমূহ ‘পৰিক্ৰমা পথ’, ‘ধ্যানকেন্দ্ৰ বাটিকা’, ‘ধৰ্মীয় জল উৎস’ৰ পুনৰ নিৰ্মাণ, ‘ধৰ্মশালা’, কেণ্টিন, চিকিৎসা সুবিধা আৰু ‘ডিজিটেল গেলেৰী’ আদিত বৰ্ণিত কৰা হ’ব। তেওঁ কয় যে ‘৩-ডি’ অভিজ্ঞতাৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মই শ্ৰী ৰামচন্দ্ৰ জীৰ সৈতে মাতা জানকীৰ জীৱনৰ সকলো প্ৰেৰণাদায়ক ঘটনা প্ৰত্যক্ষ কৰিবলৈ সক্ষম হ'ব। শ্ৰী অমিত শ্বাহে কয় যে এই প্ৰকল্পত ৫২ কোটি টকাৰে ‘ৰামায়ণ চাৰ্কিট’ৰ ‘বাল্মীকি নগৰ’ৰ উন্নয়নৰ কাম, ৩১ কোটি টকাৰে মধুবনীৰ ‘পুলহাৰ’ৰ উন্নয়ন, ২৪ কোটি টকাৰে সীতামৰ্হিৰ ‘পন্থ পকৰ’ৰ, ২৩ কোটি টকাৰে ‘অহিল্যা স্পট’, ১৩ কোটি টকাৰে ‘ৰাম ৰেকা ঘাট’ আৰু ৭ কোটি টকাৰে মুংগেৰ গয়াৰ ‘সীতা কুণ্ড’ত সম্পন্ন হ’ব লগা উন্নয়নমূলক কামো অন্তৰ্ভুক্ত কৰা হ’ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আজি ‘সীতামৰ্হি-দিল্লী অমৃত ভাৰত ৰে’ল’খনৰ চলাচলো আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে পূৰ্বে বিহাৰৰ ৰে’লৱেৰ উন্নয়নৰ বাবে প্ৰতি বছৰে ১১৩২ কোটি টকা ব্যয় কৰা হৈছিল যদিও প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে ২০২৫-২৬ বিত্তীয়বৰ্ষতে বিহাৰৰ ৰে’লৱেৰ বাবে ১০,০৬৬ কোটি টকা ব্যয় কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে মাতা সীতাৰ জীৱন কাহিনী শ্ৰীৰামৰ সৈতে মাতা সীতাৰ প্ৰথম সাক্ষাৎকাৰৰ পৰা মাতা সীতা আৰু ‘পন্থ পকৰ’ৰ অন্তিম বাসস্থান লৱ-কুশৰ জন্মস্থানলৈকে সকলো ঠাই পুনৰুজ্জীৱিত কৰি দেশৰ নাৰী শক্তিৰ প্ৰতি উৎসৰ্গা কৰা হ’ব। তেওঁ কয় যে ভাৰতৰ সংস্কৃতিত মাতা সীতাৰ এক অনন্য স্থান আছে। মাতা জনকীয়ে জীৱনত এগৰাকী আদৰ্শ পত্নী, এগৰাকী আদৰ্শ কন্যা, এগৰাকী আদৰ্শ মাতৃ আৰু এগৰাকী আদৰ্শ ৰাজ মাতা (ৰাণী) হিচাপে ভূমিকা গ্ৰহণ কৰিছিল। শ্ৰী অমিত শ্বাহে কয় যে আমাৰ সংস্কৃতিত মিথিলাই যে কেন্দ্ৰীয় স্থান দখল কৰি আহিছে সেই কথা আমাৰ বাল্মিকী ৰামায়ণ, মহাভাৰত, বৌদ্ধ শাস্ত্ৰ আৰু জৈন সাহিত্যৰ দৰে আমাৰ শাস্ত্ৰসমূহে পৰিস্ফূৰ্ত কৰিছে। মিথিলা জ্ঞানৰ, ধৰ্মতত্ত্ব, জ্যোতিষ, সংগীত, সাহিত্য, ব্যাকৰণ, ভাষা আৰু তন্ত্ৰ জ্ঞানৰ এক মহান আলয় হৈ আহিছে। তেওঁ কয় যে মাতা জানকীৰ জন্মস্থানত নিৰ্মাণ হৈ থকা এই বিতোপন মন্দিৰে মিথিলা অঞ্চল আৰু বিহাৰৰ সমৃদ্ধি আৰু উন্নয়নত আলোকপাত কৰিছে। তেওঁ কয় যে আজি তাৰ পৰাই মিথিলাক শিক্ষণ আৰু সংস্কৃতিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰৰ দিনত মিথিলাক বহু দিশত সন্মান জনোৱা হৈছে। তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ী জীয়ে ‘মৈথেলী’ ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভূক্ত কৰিছিল আৰু প্ৰধানমন্ত্ৰী মোদী জীয়ে মিথিলাৰ কলা-সংস্কৃতিক বিশ্বমঞ্চলৈ লৈ গৈছে। শ্ৰী শ্বাহে কয় যে আমাৰ সংস্কৃতি সদায় ‘মাতৃ শক্তি’ (নাৰী শক্তি)ক সন্মান কৰা আৰু এই দেশত আমি সদায় ‘মাতৃ শক্তি’ক পূজা কৰি আহিছোঁ। তেওঁ কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীয়ে অযোধ্যাত এটা বিতোপন ৰাম মন্দিৰ নিৰ্মাণ কৰিছে, ‘কাশী বিশ্বনাথ কৰিডৰ’ আৰু উজ্জয়িনীত ‘মহাকাল কৰিডৰ’ নিৰ্মাণ কৰিছে। লগতে শ্ৰী সোমনাথৰ মন্দিৰ পুনৰ সোণেৰে নিৰ্মাণ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদী জীয়ে বহু ধৰ্মীয় স্থানৰ সংস্কাৰ সাধন কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী ভাৰতৰ সুৰক্ষাৰ প্ৰতি দায়বদ্ধ। ইয়াৰ পূৰ্বে দেশত বোমা বিস্ফোৰণ হৈছিল আৰু সন্ত্ৰাসবাদীয়ে বিস্ফোৰণ সংঘটিত কৰি পাকিস্তানলৈ পলায়ন কৰিছিল। গৃহমন্ত্ৰীয়ে কয় যে মোদীজীৰ চৰকাৰ ক্ষমতালৈ অহাৰ পিছত আমি উৰি আক্ৰমণৰ পিছত ‘ছাৰ্জিকেল ষ্ট্ৰাইক’, পুলৱামা আক্ৰমণৰ পিছত ‘এয়াৰ ষ্ট্ৰাইক’ আৰু পহলগাম আক্ৰমণৰ পিছত ‘অপাৰেশ্যন সিন্দূৰ’ৰ জৰিয়তে পাকিস্তানৰ আভ্যন্তৰতে সন্ত্ৰাসবাদীক নিঃশেষ কৰিছোঁ। তেওঁ কয় যে সংসদত বিৰোধী ‘অপাৰেশ্যন সিন্দুৰ’ৰ বিৰোধী আছিল যদিও তেওঁলোকে জনা উচিত যে এইখন শ্ৰী নৰেন্দ্ৰ মোদী জীৰ চৰকাৰ যিয়ে কাকো দেশৰ সুৰক্ষা ভংগ কৰাৰ অধিকাৰ নিদিয়ে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰ নিৰ্বাচনৰ পূৰ্বে সকলো বাতৰি কাকততে যি বাতৰি প্ৰকাশ পাইছে সেয়া হৈছে ‘বিশেষ নিবিড় পুনৰীক্ষণ’ (এছআইআৰ) কৰা উচিত হয়নে নহয়। তেওঁ জনসাধাৰণৰ প্ৰতি প্ৰশ্ন উথ্থাপন কৰে যে অনুপ্ৰৱেশকাৰীসকলক ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া উচিত হয়নে নহয়? আৰু ‘নিৰ্বাচন আয়োগ’-ক ‘এছআইআৰ’ পৰিচালনা কৰাত বাধা দিব লাগেনে নালাগে? শ্ৰী শ্বাহে কয় যে বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা আৰু আমাৰ যুৱক-যুৱতীসকলৰ চাকৰি কাঢ়ি লোৱাসকলক বিৰোধীয়ে বচাব বিচাৰে। তেওঁ কয় যে বিৰোধীয়ে অনুপ্ৰৱেশকাৰীহঁতৰ ভোট বিচাৰে কিন্তু বিহাৰৰ ৰাইজে সেই কথা মানি নলয়। শ্ৰী শ্বাহে কয় যে বিৰোধীয়ে ‘ভোট-বেংক’ৰ ৰাজনীতি বন্ধ কৰা উচিত। তেওঁ কয় যে ভোটাৰ তালিকাৰ পুনৰীক্ষণ এই প্ৰথমবাৰৰ বাবে হোৱা নাই, জৱাহৰলাল নেহৰুৰ সময়ত হৈছিল আৰু ২০০৩ চনতো হৈছিল, কিন্তু এই প্ৰসংগত কেতিয়াও কোনো প্ৰতিবাদ হোৱা নাছিল। তেওঁ ইংগিতপূৰ্ণ ভাৱে কয় যে বিৰোধীয়ে বাৰে বাৰে সন্মুখীন হৈ অহা নিৰ্বাচনী পৰাজয়ৰ প্ৰতি লক্ষ্য ৰাখিয়েই আগন্তুক বিহাৰ নিৰ্বাচনতো হ’ব লগা প্ৰত্যাশিত পৰাজয়ৰ কাৰণসমূহ জনসাধাৰণক আগতীয়াকৈ বুজাই দিয়া যেনহে লাগিছে।
গৃহমন্ত্ৰীয়ে কয় যে আমাৰ সংবিধানে ভাৰতত জন্ম নোহোৱা সকলক ভোটাধিকাৰ দিয়া নাই। তেওঁ কয় যে অনুপ্ৰৱেশকাৰীয়ে এই দেশৰ নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা উচিত নহয় আৰু বিৰোধীয়ে ‘এছআইআৰ’-ৰ বিৰোধিতা কৰিছে কাৰণ এনেবোৰ অনুপ্ৰৱেশকাৰী হৈছে তেওঁলোকৰ ‘ভোট-বেংক’।
শ্ৰী অমিত শ্বাহে কয় যে বিৰোধীয়ে গুণ্ডামী কৰা, মাফিয়াক সুৰক্ষা প্ৰদান কৰা, অপহৰণ আৰু মুক্তিপণ দাবী কৰাৰ বাহিৰে মিথিলা অঞ্চলৰ উন্নয়ণৰ বাবে একোৱেই কৰা নাই। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী জীয়ে যোৱা ৬বাৰৰ ভ্ৰমণত বিহাৰৰ উন্নয়নৰ বাবে ৮৩ হাজাৰ কোটি টকা আগবঢ়াইছে। তেওঁ কয় যে সীতামৰ্হিৰ ৫২৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ কংক্ৰিটেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াক ইমান শক্তিশালী কৰি তোলা হৈছে যে ২ বছৰৰ পাছত যেতিয়া ই সাজু হৈ উঠিব তেতিয়া আনকি বিমানেও ইয়াৰ ওপৰত অৱতৰণ কৰিব পাৰিব। ২৪০০ কোটি টকাৰে ‘সীতামৰ্হি-সুৰসন্দ-জয়নগৰ-নিৰ্মালি ৰে’ল ছেকশ্যন’ নিৰ্মাণ কৰা হৈছে, ‘সীতামৰ্হি-জয়নগৰ-নাৰায়য়া ৰে’লপথ’ছোৱা ৪৭৪ কোটি টকাৰে দ্বৈতকৰণৰ দিহা কৰা হৈছে। বহাৰগাঁৱৰ পৰা সীতামৰ্হি-সুৰসন্দলৈ ২০১ কোটি টকাৰ আৰু খগড়িয়া-পুৰ্ণিয়া অংশ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ১৬০০ কোটি টকাৰে নিৰ্মাণৰ কাম অব্যাহত আছে। শ্ৰী শ্বাহে কয় যে জয়নগৰ, দাৰভংগা, নৰকটিয়াগঞ্জ আৰু ভিখানাৰ দ্বৈতকৰণৰ কামো ১১৯৩ কোটি টকাৰে কৰা হৈছে। ৬২৪ কোটি টকাৰে সমষ্টিপুৰ-দাৰভংগা ৰেলপথৰ দ্বৈতকৰণৰ লগতে বিহাৰৰ ১০টা ৰে’ল ষ্টেশ্যনক অমৃত ষ্টেশ্যন হিচাপে গঢ়ি তোলা হৈছে। ৫৬৭ কোটি টকাৰে সীতামৰ্হিৰ পৰা শিৱহাৰলৈ, মুজাফ্ফৰপুৰৰ পৰা সীতামৰ্হিলৈ ৭১ কোটি টকাৰে নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে, মুজাফ্ফৰপুৰ-সুগোলী ৰে’লপথৰ দ্বৈতকৰণ ১৪৬৫ কোটি টকাৰে সম্পন্ন কৰা হৈছে বুলিও তেওঁ কয়। গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোদী জীয়েও ‘মখানা ব’ৰ্ড’ গঠন কৰি মখানা কৃষকৰ কল্যাণ সাধন কৰিছে। তেওঁ কয় যে সীতামৰ্হিত ‘ৰিগা চেনি কল’ আৰম্ভ হৈছে, পশ্চিম কোশী নগৰৰ বাবে আৰ্থিক সাহায্যলৈ ভাৰত চৰকাৰৰ অনুমোদন দিয়া হৈছে। লগতে ৮ খন নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি আজি মাতা জনাকী মন্দিৰৰ আধাৰশিলা স্থাপনৰ ৰূপত আটাইতকৈ ডাঙৰ কাম সম্পন্ন হৈছে।

***
RK / VV / RR/ HS/KB
(Release ID: 2154588)