নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

সংসদে ভাৰতৰ উপকূলীয় অৰ্থনীতি বৃদ্ধি কৰাৰ বাবে উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক, ২০২৫ত অনুমোদন জনায়

উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক, ২০২৫ৰ লক্ষ্য হৈছে ২০৩০ চনৰ ভিতৰত উপকূলীয় সামগ্ৰী ২৩০ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰা: সৰ্বানন্দ সোণোৱাল

ৰাষ্ট্ৰীয় উপকূলীয় আৰু আভ্যন্তৰীণ জাহাজ পৰিবহণ কৌশলগত পৰিকল্পনাই নতুন আইনৰ অধীনত ভৱিষ্যতৰ নীতি আৰু আন্তঃগাঁথনিক আগুৱাই নিব: সৰ্বানন্দ সোণোৱাল

Posted On: 07 AUG 2025 7:04PM by PIB Guwahati

দেশৰ উপকূলীয় অৰ্থনীতিক উন্নীতকৰণৰ এক ঐতিহাসিক মুহূৰ্তত আজি ৰাজ্যসভাত উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক, ২০২৫ গৃহীত হয়। এই ঐতিহাসিক অধিনিয়মে ভাৰতৰ ৯খন উপকূলীয় ৰাজ্য আৰু চাৰিখন কেন্দ্ৰীয় শাসিত প্ৰদেশত বিস্তৃত ১১,০৯৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ কৌশলগত সামুদ্ৰিক উপকূলৰ অপৰিসীম আৰু বিশাল সম্ভাৱনাক মুকলি কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী (এমঅ’পিএছডব্লিউ) সৰ্বানন্দ সোণোৱালে এই বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰে।

২০২৫ চনৰ ৩ এপ্ৰিলত লোকসভাত গৃহীত হোৱা এই বিধেয়কখন হৈছে উপকূলীয় জাহাজ পৰিবহণ নিয়ন্ত্ৰণ কৰা আইনী কাঠামো সৰল আৰু আধুনিকীকৰণৰ প্ৰচেষ্টা, আৰু বিশ্বব্যাপী কেবটেজ নীতিৰ লগতে নতুন যুগৰ প্ৰগতিশীল আইনৰ সৈতে সংগতি ৰাখি মাৰ্চেণ্ট শ্বিপিং অধিনিয়ম, ১৯৫৮ৰ চতুৰ্দশ খণ্ডৰ ঠাইত প্ৰতিষ্ঠা কৰা হৈছে।

ৰাজ্যসভাত বিধেয়কখন উত্থাপন কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে এই আইনখন ভাৰতৰ “আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতত সামুদ্ৰিক খণ্ডৰ অৱদান শক্তিশালী কৰাৰ বাবে ২০৩০ চনৰ ভিতৰত উপকূলীয় সামগ্ৰীৰ অংশীদাৰিত্ব ২৩০ নিযুত মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ উচ্চাকাংক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, “এয়া কেৱল এক আইনী সংস্কাৰ নহয়, বৰঞ্চ অৰ্থনৈতিক বিকাশ, নিয়োগ আৰু লজিষ্টিক দক্ষতাৰ এক কৌশলগত সক্ষমকাৰী। এই বিধেয়কখনে নিয়ন্ত্ৰণৰ বোজা হ্ৰাস কৰে, ভাৰতীয় জাহাজ পৰিবহণৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰে আৰু ভাৰতক বিশ্বৰ সামুদ্ৰিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগীৰ অনুৰূপ।”

উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক, ২০২৫ত ছটা অধ্যায় আৰু ৪২টা খণ্ড অন্তৰ্ভুক্ত। ই উপকূলীয় জাহাজ চলাচলৰ বাবে এক সৰলীকৃত অনুজ্ঞাপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰে আৰু উপকূলীয় বাণিজ্যত জড়িত বিদেশী জাহাজসমূহৰ নিয়ন্ত্ৰণৰ বাবে এক কাঠামো নিৰ্ধাৰণ কৰে। ইয়াৰ উপৰিও, বিধেয়কখনত ভৱিষ্যতৰ আন্তঃগাঁথনি উন্নয়ন আৰু নীতিৰ দিশত পথ প্ৰদৰ্শন কৰিবলৈ এক ৰাষ্ট্ৰীয় উপকূলীয় আৰু আভ্যন্তৰীণ জাহাজ পৰিবহণ কৌশলগত পৰিকল্পনা প্ৰস্তুত কৰাৰো ব্যৱস্থা কৰা হৈছে।

বিধেয়কখনত উপকূলীয় জাহাজ পৰিবহণৰ বাবে এক ৰাষ্ট্ৰীয় তথ্যকোষ সৃষ্টিৰো ব্যৱস্থা কৰা হৈছে, যিয়ে প্ৰামাণিক আৰু নিয়মিতভাৱে আপডেট কৰা তথ্যৰ বাস্তৱ সময়ত উপলব্ধ হোৱাৰ সুবিধা প্ৰদান কৰিব। এই তথ্যকোষে সম্ভাব্য বিনিয়োগকাৰীসকলক চৰকাৰৰ উন্নয়ন পৰিকল্পনা আৰু খণ্ডটোৰ নীতিগত অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰি ৰাখিব, যাৰ ফলত স্বচ্ছতা আৰু বিশ্বাসৰ প্ৰসাৰ ঘটিব।

এবাৰ প্ৰণয়ন হ’লে, এই বিধেয়কখনে ঘৰুৱা মালবাহী যাতায়াতত ভাৰতীয় জাহাজৰ অংশগ্ৰহণ বৃদ্ধি কৰি যোগান শৃংখলৰ সুৰক্ষা যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। সৰ্বানন্দ সোণোৱালে আৰু কয়, "প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত, আমি এখন আত্মনিৰ্ভৰ ভাৰতৰ নিৰ্মাণৰ দিশত মিছন মোডত কাম কৰি আছোঁ। এই মনোভাবৰ লগত সংগতি ৰাখি, এই বিধেয়কখনৰ উদ্দেশ্য হৈছে বিদেশী জাহাজৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা হ্ৰাস কৰা, যাৰ জৰিয়তে বৈদেশিক মুদ্ৰাৰ প্ৰবাহ ৰোধ কৰিব পৰা যায়। তেনে কৰিলে, ই স্থানীয় অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত কৰিব, উপকূলীয় অঞ্চলত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ভাৰতীয় জাহাজ পৰিবহণ অপাৰেটৰসকলৰ বাবে সহজ ব্যৱসায় শক্তিশালী কৰিব।”

“উপকূলীয় জাহাজ পৰিবহণ বিধেয়ক, ২০২৫ গৃহীত হোৱাৰ লগে লগে, ভাৰতে এক নিৰৱচ্ছিন্ন, কাৰ্যক্ষম আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক উপকূলীয় আৰু আভ্যন্তৰীণ জাহাজ পৰিবহণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰিছে। এই ঐতিহাসিক সংস্কাৰে আমাৰ সামুদ্ৰিক উপকূলৰ অপৰিসীম সম্ভাৱনা মুকলি কৰিব, যোগান শৃংখলৰ স্থিতিস্থাপকতা বৃদ্ধি কৰিব আৰু বিকশিত ভাৰতৰ আমাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি অৰ্থনৈতিক বিকাশক গতি দিব,” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

উপকূলীয় জাহাজ পৰিবহণ অধিনিয়ম, ২০২৫ গৃহীত হোৱাৰ লগে লগে, বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে তিনিওখন গুৰুত্বপূৰ্ণ সামুদ্ৰিক আইন – মাৰ্চেণ্ট শ্বিপিং বিধেয়ক, ২০২৫, সাগৰেৰে সামগ্ৰী পৰিবহণ বিধেয়ক, ২০২৫ আৰু উপকূলীয় জাহাজ পৰিবহণ অধিনিয়ম –ৰ বাবে সংসদীয় অনুমোদন সফলতাৰে লাভ কৰে, যাৰ জৰিয়তে বিকশিত ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এক আধুনিক, দক্ষ আৰু আত্মনিৰ্ভৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ পথ প্ৰশস্ত হ’ল।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বত, আমাৰ মন্ত্ৰালয়ে ভাৰতৰ সামুদ্ৰিক খণ্ডৰ আধুনিকীকৰণৰ বাবে গুৰুত্বপূৰ্ণ আইনগত সংস্কাৰ হাতত লৈছে। তিনিওখন ঐতিহাসিক বিধেয়ক – মাৰ্চেণ্ট শ্বিপিং বিল, কেৰেজ অৱ কাৰ্গো বাই ছি বিল আৰু ক’ষ্টেল শ্বিপিং এক্ট গৃহীত হোৱাৰ লগে লগে, আমি ভৱিষ্যতৰ বাবে সাজু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ এক শক্তিশালী ভেটি স্থাপন কৰিছোঁ যি আত্মনিৰ্ভৰ ভাৰতক সমৰ্থন কৰে আৰু আমাক বিকশিত ভাৰতৰ লক্ষ্যৰ আৰু ওচৰলৈ লৈ যায়,” কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়।

এই ঐতিহাসিক আইনখন গৃহীত হোৱাৰ লগে লগে ভাৰত এক সংহত, দক্ষ আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক উপকূলীয় আৰু অভ্যন্তৰীণ জাহাজ পৰিবহণ পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ দিশত এখোজ আৰু আগুৱাই গ’ল।

**********

SR/GDH/SJ


(Release ID: 2154419)