উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়
azadi ka amrit mahotsav

উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশ ত্বৰান্বিত কৰাৰ বাবে এক সমন্বিত পদক্ষেপ গ্ৰহণত ড’নাৰ আৰু যোগাযোগ মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াৰ গুৰুত্ব

উত্তৰ-পূৰ্বাঞ্চলৰ লজিষ্টিক, আন্তঃগাঁথনি সংযোগৰ ব্যাপক আন্তঃগাঁথনি মাষ্টাৰপ্লেন প্ৰস্তুত কৰিবলৈ উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী

Posted On: 08 AUG 2025 10:18AM by PIB Guwahati

কেন্দ্ৰীয় যোগাযোগ আৰু উন্নয়ন মন্ত্ৰী শ্ৰী জ্যোতিৰাদিত্য এম. সিন্ধিয়াই বুধবাৰে (আগষ্ট, ২০২৫) ‘উত্তৰ পূৰ্বাঞ্চলত লজিষ্টিকছ, আন্তঃগাঁথনি যোগাযোগশীৰ্ষক এক উচ্চস্তৰীয় কৰ্মবাহিনী (এইচএলটিএফ)ৰ বৈঠকত অংশগ্ৰহণ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সভাপতিত্ব কৰা বৈঠকত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী পেমা খান্দু, মিজোৰামৰ জনস্বাস্থ্য কাৰিকৰী আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰী অধ্যাপক লালনীলাৱামা, ছিকিমৰ বাণিজ্য় আৰু উদ্যোগ মন্ত্ৰী শ্ৰী শ্বেৰিং থেন্দুপ ভূটিয়া লগতে ডনাৰ মন্ত্ৰালয়ৰ বিষয়াসকলে অংশ লয়।

এইচএলটিএফৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ, ৰেলপথ, জলপথ, বিমানপথ, লজিষ্টিক আৰু ডিজিটেল সংযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ব্যৱধান সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। এই ব্যৱধান দূৰ কৰিবলৈ এইচএলটিএফে এক ব্যাপক আন্তঃগাঁথনি মাষ্টাৰপ্লেন প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই পৰিকল্পনা উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য আৰু কেন্দ্ৰীয় মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি বিকশিত কৰা হ 'ব, যাতে আঞ্চলিক উন্নয়নৰ বাবে এক সহযোগিতামূলক দৃষ্টিভংগী নিশ্চিত কৰিব পৰা যায়।

 

বৈঠকত হোৱা আলোচনাৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ ভিতৰত আছে ৰাজ্যভিত্তিক যোগাযোগৰ অসূচলতা আৰু প্ৰত্যাহ্বানসমূহ চিনাক্ত কৰা, গুৰুত্বপূৰ্ণ সংযোগ ব্যৱধান আৰু আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ প্ৰদান কৰা, মূলধন গঠনৰ বাবে ৰাজ্যিক বাজেট আৰু ৰাষ্ট্ৰীয় বিনিয়োগৰ একত্ৰীকৰণ, বিকশিত এন ই আৰ @২০৪৭ ৰ বাবে ৰূপৰেখা ৰূপায়ণ।

অসমৰ মুখ্যমন্ত্ৰীয়ে দক্ষিণ-পূব এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি সংযোগ বৃদ্ধি কৰাৰ বাবে চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, কিন্তু সামগ্ৰীৰ বাবে উচ্চ পৰিবহন ব্যয় এতিয়াও এক গুৰুত্বপূৰ্ণ সমস্যা হৈ আছে যাক সমাধান কৰিব লাগে। তেওঁ লগতে কয় যে কালাদান মাল্টিমডেল ট্ৰেনজিট ট্ৰেন্সপৰ্ট প্ৰকল্প (কেএম এমটিটিপি) কাৰ্যকৰীকৰণৰ গতি ত্বৰান্বিত হৈছে আৰু ই উত্তৰ-পূৰ্বাঞ্চলক ম্যানমাৰৰ চিট্ৱে বন্দৰৰ সৈতে সংযোগ কৰিব।

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশত উচ্চ ভৌগোলিক বিস্তাৰ আৰু জনসংখ্যাৰ পাতলীয়া বিতৰণৰ বাবে এতিয়াও বহু গাঁও আছে যিবোৰৰ উপযুক্ত পথ সংযোগৰ অভাৱ। তেওঁ পৰামৰ্শ দিয়ে যে এইচএলটিএফে পিএমজিএছৱাই আৰু ভাৰত চৰকাৰৰ অন্যান্য প্ৰাসংগিক আঁচনিৰ জৰিয়তে এই গাওঁসমূহলৈ সংযোগ প্ৰদান কৰিব পাৰে। তেওঁ লগতে কয় যে হোলংগী বিমানবন্দৰলৈ বিমান সেৱা বৃদ্ধি কৰি আৰু ৰাজ্যখনত কাম কৰা এয়াৰলাইন অপাৰেটৰৰ সংখ্যা বৃদ্ধি কৰি বিমান সংযোগ বৃদ্ধি কৰিব পৰা যায়। তদুপৰি, নিটি আয়োগৰ সৈতে সাদৃশ্য ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক বিকাশৰ বাবে ‘থিংক টেংক’ হিচাপে কাম কৰিবলৈ উত্তৰ-পূব পৰিষদ (এনইচি) পুনৰ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

মিজোৰামৰ জনস্বাস্থ্য কাৰিকৰী আৰু গ্ৰাম্য উন্নয়ন মন্ত্ৰীয়ে বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত উচ্চ লজিষ্টিক ব্যয় সন্দৰ্ভত আলোকপাত কৰি কয় যে ইয়াৰ ফলত স্থানীয় উৎপাদন আৰু সামগ্ৰীৰ ব্যয় ২০% তকৈ অধিক বৃদ্ধি পায় যিয়ে এই সামগ্ৰীবোৰ কম প্ৰতিযোগিতামূলক কৰি তোলে। তেওঁ লগতে ৰাজ্যখনত ডিজিটেল সংযোগ উন্নত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে।

ছিকিমৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী শ্ৰী শ্বেৰিং থেন্দুপ ভূটিয়াই উল্লেখ কৰে যে বৰ্তমানে থকা ৰাষ্ট্ৰীয় ঘাইপথ-১০ৰ বিকল্প পথ সংৰেখন বিকশিত কৰিব লাগিব কিয়নো প্ৰতি বছৰে প্ৰচণ্ড বৰষুণ আৰু ভূমিস্খলনৰ ফলত ঘাইপথ-১০ৰে পথ সংযোগ বাধাগ্ৰস্ত হয়। তেওঁ উত্তৰ-পূৰ্বাঞ্চলত জলবায়ুৰ লগত খাপ খোৱা আন্তঃগাঁথনি বিকশিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে নেপালৰ সৈতে বাণিজ্য বৃদ্ধিৰ বাবে আন্তঃগাঁথনি গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে।

কেন্দ্ৰীয় ডনাৰ মন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনি আৰু যোগাযোগৰ ব্যৱধান হ্ৰাস বাবে পাঁচটা পৰামৰ্শ উল্লেখ কৰে: (i) এক আঞ্চলিক মাষ্টাৰ প্লেন প্ৰস্তুত কৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি গ্ৰীডৰ সমন্বয় (ii) উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰাধিকাৰ থকা প্ৰকল্পসমূহৰ বাবে নিৰীক্ষণ ব্যৱস্থা স্থাপন (iii) বিভিন্ন কৰ আৰু অন্যান্য ৰেহাইৰ মাধ্যমেৰে মাল্টিমডেল লজিষ্টিক পাৰ্কৰ বাবে নীতি গ্ৰহণ (iv)  প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে সীমান্ত বাণিজ্যক উৎসাহ যোগাবলৈ আন্তঃসীমান্ত যোগাযোগ ব্যৱস্থা শক্তিশালী কৰা। (v) ডিজিটেল সংযোগ আৰু বিদ্যুৎ সংবহন আন্তঃগাঁথনি উন্নীত কৰা।

কেন্দ্ৰীয় ডনাৰ মন্ত্ৰীয়ে লগতে কয় যে ভৱিষ্যতৰ প্ৰকল্পবোৰৰ উন্নত পৰিকল্পনাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আন্তঃগাঁথনি প্ৰকল্প পিএম গতিশক্তি পৰ্টেলত অন্তৰ্ভুক্ত কৰা উচিত। তেওঁ সকলো উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যকে আহ্বান জনায় যে তেওঁলোকে পৰৱৰ্তী এনইচি পূৰ্ণাংগ অধিৱেশনৰ পূৰ্বে সমগ্ৰ দেশৰ সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ ওপৰত ভিত্তি কৰি মন্ত্ৰালয়ে প্ৰস্তুত কৰা ব্যৱস্থা অনুসৰি তেওঁলোকৰ ৰাজ্যিক লজিষ্টিক নীতি উন্নীত কৰক। অঞ্চলটোৰ দ্ৰুত অৰ্থনৈতিক বিকাশৰ বাবে উত্তৰ পূৰ্বাঞ্চলত পৰিবহণ কৰিডৰ আৰু ঔদ্যোগিক ক্লাষ্টাৰ বিকশিত কৰিব পাৰি।

এই বছৰৰ আৰম্ভণিতে, কেন্দ্ৰই আঠটা উচ্চ পৰ্যায়ৰ কৰ্মবাহিনী গঠন কৰিছিল, যাৰ প্ৰতিখনতে কেন্দ্ৰীয় মন্ত্ৰী (নাৰ)ৰ লগতে উত্তৰ-পূবৰ ৰাজ্যৰ একোজন মুখ্যমন্ত্ৰী মুৰব্বী হিচাপে থকাৰ লগতে আন ৰাজ্যত তিনিজন মুখ্যমন্ত্ৰী সদস্য হিচাপে আছিল। এই পদক্ষেপ আগৰতলাত ২০২৪ চনৰ ২১ ডিচেম্বৰত তাৰিখে অনুষ্ঠিত উত্তৰ-পূব পৰিষদৰ ৭২ সংখ্যক পূৰ্ণাংগ অধিৱেশনৰ সময়ত হোৱা ঐকমত্যৰ পৰা গ্ৰহণ কৰা হয়।

এইচএলটিএফ গঠন কৰা হৈছে - (১) উত্তৰ-পূৰ্বাঞ্চলত ক্ৰীড়া প্ৰোৎসাহনৰ বাবে () উত্তৰ-পূব অৰ্থনৈতিক কৰিডৰ। () উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগৰ উত্তৰণ; (৪) উত্তৰ-পূৰ্বাঞ্চলৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প () উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন; (৬) উত্তৰ-পূৰ্বাঞ্চলত আন্তঃগাঁথনি, লজিষ্টিক ব্যয় আৰু সংযোগ; (৭) মূল্য শৃংখলা আৰু বজাৰৰ ব্যৱধান দূৰ কৰিবলৈ কৃষি আৰু উদ্যানশস্য। () উত্তৰ-পূৰ্বাঞ্চলত গাখীৰ, কণী, মাছ আৰু মাংস উৎপাদনত আত্মনিৰ্ভৰশীলতাত উপনীত হোৱা।

****

Samrat/Allen/HS


(Release ID: 2154064)