নৌ-পৰিবহন মন্ত্ৰালয়
azadi ka amrit mahotsav

সংসদত একেদিনাই দুখন সামুদ্ৰিক বিধেয়ক গৃহীত — কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বাবে ঐতিহাসিক মুহূৰ্ত

“ভাৰতৰ আধুনিক জাহাজ পৰিবহণ ব্যৱস্থাক লৈ মোদী চৰকাৰৰ নিৰন্তৰ প্ৰচেষ্টাৰ সফল প্ৰতিফলন এই দুখন বিধেয়ক": সৰ্বানন্দ সোণোৱাল

লোকসভাই আধুনিক আৰু আন্তঃৰাষ্ট্ৰীয় সংহত নীতিৰ সৈতে সংগতি ৰাখি ‘মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৫’ গৃহীত কৰে

ব্যৱসায় কৰাৰ সুবিধা আৰু ভাৰতৰ ভৱিষ্যতৰ জাহাজ পৰিবহণ খণ্ডৰ ৰূপান্তৰৰ বাবে ৰাজ্যসভাই ‘সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক, ২০২৫’ গৃহীত কৰে

Posted On: 06 AUG 2025 6:16PM by PIB Guwahati

এক ঐতিহাসিক পদক্ষেপ হিচাপে আজি বুধবাৰে সংসদত একেদিনাই দুখন সামুদ্ৰিক বিধেয়ক গৃহীত হ’ল। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ দুখন বিধেয়ক একেদিনাই গৃহীত হোৱাটো প্ৰথমবাৰৰ অনন্য অভিজ্ঞতা। এই পদক্ষেপে ভাৰতৰ বাবে আধুনিক, কার্যকৰী আৰু আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি থকা সামুদ্ৰিক নীতিৰ পথ মুকলি কৰিলে।

 

লোকসভাই আজি ‘মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৫’ গৃহীত কৰে। আনহাতে, ৰাজ্যসভাই ‘সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক, ২০২৫’ গৃহীত কৰিলে, যিয়ে এক শতাব্দ পুৰণি ঔপনিবেশিক আইন প্ৰত্যাহাৰ কৰি আধুনিক আইনৰ দ্বাৰা ব্যৱসায় কৰাৰ সুবিধা সুচল কৰি তুলিব আৰু ভাৰতৰ জাহাজ পৰিবহণ ক্ষেত্ৰক অত্যাধুনিকভাৱে ফেৰ মাৰিব পৰাকৈ সহায় কৰিব।

 

এই সন্দৰ্ভত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “আজিৰ দিনটো আমাৰ সকলোৰে বাবে ঐতিহাসিক। সংসদে দুখন গুৰুত্বপূৰ্ণ সামুদ্ৰিক বিধেয়ক — মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৫ আৰু সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক ২০২৫ (কেৰেজ অৱ গুড্‌ছ বাই চী বিল, ২০২৫) গৃহীত কৰি প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ভাৰতৰ সামুদ্ৰিক খণ্ডৰ আধুনিকীকৰণৰ প্ৰচেষ্টাক এক নতুন গতি দিলে।"

 

মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৫এ ১৯৫৮ চনৰ মাৰ্চেণ্ট শ্বিপিং আইনৰ প্ৰত্যাহাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই নতুন আইনে ভাৰতৰ সামুদ্ৰিক আইনী পৰিকাঠামোক আন্তঃৰাষ্ট্ৰীয় মানৰ সৈতে সংগতি ৰাখি নতুনত্ব প্ৰদান কৰিব আৰু ভাৰতক এক বিশ্বাসযোগ্য তথা আগশাৰীৰ সামুদ্ৰিক বাণিজ্যৰ প্ৰাণকেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিব।

 

লোকসভাত বিধেয়ক উত্থাপন কৰি সৰ্বানন্দ সোণোৱালে কয়, “এই বিধেয়ক ভাৰতক বিশ্বৰ সামুদ্ৰিক বাণিজ্যৰ অগ্ৰণী দেশ হিচাপে প্ৰতিষ্ঠা কৰাৰ দিশত এক নিৰ্ণায়ক পদক্ষেপ। মাৰ্চেণ্ট শ্বিপিং আইন, ১৯৫৮-ত ৫৬১টা ধাৰা আছিল, যিয়ে বৰ্তমানৰ চেলেঞ্জসমূহ সমাধান কৰাত সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল আৰু বহুতো আন্তঃৰাষ্ট্ৰীয় চুক্তি সম্পূৰ্ণৰূপে বাস্তৱায়িত কৰাত বাধাৰ সৃষ্টি কৰিছিল। এই নতুন মাৰ্চেণ্ট শ্বিপিং বিল, ২০২৫-ত ১৬টা ভাগ আৰু ৩২৫টা ধাৰা আছে। এই আইনে সামুদ্ৰিক সুৰক্ষা, দুৰ্যোগ প্ৰতিৰোধ, পৰিৱেশ সুৰক্ষা, নাবিকৰ কল্যাণ আৰু জাহাজৰ সুৰক্ষা উন্নীত কৰিব। লগতে সামুদ্ৰিক বিনিয়োগ, উদ্ভাৱন আৰু বহনক্ষম বৃদ্ধিৰ পথ মুকলি কৰিব।"

 

কেৰেজ অৱ গুড্‌ছ বাই চী বিল, ২০২৫ অৰ্থাৎ সাগৰীয় পথেৰে সামগ্ৰীৰ পৰিবহণ বিধেয়ক আজি ৰাজ্যসভাই গৃহীত কৰি ১৯২৫ চনৰ ভাৰতীয় কেৰেজ অৱ গুড্‌ছ বাই চী আইন বাতিলৰ পথ প্ৰশস্ত কৰিলে। এই নতুন আইনে ঔপনিবেশিক যুগৰ বিধানৰ অৱসান ঘটাই বিশ্বমানৰ সৈতে সংগতি ৰাখি ব্যৱসায় সহজসাধ্য কৰাৰ পথ মুকলি কৰিছে। তদুপৰি ই বাণিজ্যত স্বচ্ছতা বৃদ্ধি, সমস্যা হ্ৰাস আৰু সামুদ্ৰিক বাণিজ্যত দক্ষতা বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিছিল কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ, আৰু জলপথ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰে।

 

এই বিধেয়কখন লোকসভাই এই বছৰৰ ২৮ মাৰ্চত অনুমোদন জনাইছিল। অৱশ্যে ৰাজ্যসভাত আলোচনা কৰাৰ সময়ত কিছু সংখ্যক সাংসদে সামুদ্ৰিক সুৰক্ষা আৰু চোৰাং কাৰবাৰৰ বিপদৰ বিষয়ে চিন্তা প্ৰকাশ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত আশ্বাস দিছে যে আইনগত আৰু কাৰ্যকৰী দুয়োধৰণৰ সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা হৈছে।


(Release ID: 2153249)