কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

৭ আগষ্টত এম. এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

‘চিৰসেউজ বিপ্লৱ’ৰ ধাৰণাটো আগুৱাই নিবলৈ একত্ৰিত হ’ব বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু অংশীদাৰসকল

Posted On: 05 AUG 2025 4:55PM by PIB Guwahati

কৃষি বিজ্ঞানৰ এক উচ্চ ব্যক্তিত্ব আৰু খাদ্য সুৰক্ষাৰ পথ প্ৰদৰ্শক অধ্যাপক এম. স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উপলক্ষে এম. এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যন (এম এছ এছ আৰ এফ)ৰ উদ্যোগত নতুন দিল্লীত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ সহযোগত ২০২৫ চনৰ ৭–৯ আগষ্টলৈ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ’ব। “চিৰসেউজ বিপ্লৱ–জৈৱ সুখৰ পথ” শীৰ্ষক এই সন্মিলনত অধ্যাপক স্বামীনাথনৰ বহনক্ষম আৰু সমতাপূৰ্ণ উন্নয়নৰ আজীৱন অৱদানক সন্মান জনোৱা হ’ব।

আজি সংবাদমেলত সন্মিলনৰ কথা ঘোষণা কৰি ড০ এম.এল. জাটে, সচিব (কৃষি গৱেষণা আৰু শিক্ষা বিভাগ) আৰু সঞ্চালক প্ৰধান (ভাৰতীয় কৃষি গৱেষণা পৰিষদ) ভাৰতক খাদ্য ঘাটিৰ পৰা খাদ্য উদ্বৃত্ত দেশলৈ ৰূপান্তৰিত কৰাত অধ্যাপক স্বামীনাথনৰ গুৰুত্বপূৰ্ণ ভূমিকাক আলোকপাত কৰে। তেওঁ কয়, ‘অধ্যাপক স্বামীনাথন ভাৰতৰ এজন বীৰ সন্তান আছিল, যাৰ কৃষি খণ্ডত বিপ্লৱী নেতৃত্বই দেশৰ সেউজ পৰিৱেশক নতুন ৰূপ দিছিল।’ ড০ জাটে এই ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে যে এই খণ্ডত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভাৰতীয় কৃষিৰ বাবে ভৱিষ্যতৰ ৰোডমেপ ৰচনা কৰি অধ্যাপক স্বামীনাথনৰ উত্তৰাধিকাৰক আগুৱাই নিয়াটোৱেই এই সন্মিলনৰ লক্ষ্য।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুষ্ঠানটো উদ্বোধন কৰি ভাৰত চৰকাৰে এইগৰাকী মহান বিজ্ঞানীৰ সন্মানত প্ৰস্তুত কৰা স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰিব।

এম এছ এছ আৰ এফৰ অধ্যক্ষ ড০ সৌম্য স্বামীনাথনে সন্মিলনৰ বৈশ্বিক তাৎপৰ্য আৰু সমগ্ৰ বিশ্বতে বহনক্ষম কৃষিৰ ভৱিষ্যত গঢ় দিয়াত ইয়াৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আইচিএআৰ-আইএআৰআইৰ যুটীয়া সঞ্চালক (গৱেষণা) ড০ চি বিশ্বনাথনে ভাৰতীয় কৃষিৰ ওপৰত অধ্যাপক স্বামীনাথনৰ পৰিৱৰ্তনশীল প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমীৰ সম্পাদক ড০ অশোক সিঙে কয় যে ক্ষুধাতুৰ লোকৰ বাবে খাদ্য ঈশ্বৰ আৰু অধ্যাপক স্বামীনাথন লাখ লাখ লোকৰ বাবে ঈশ্বৰ হৈ আহিছে।

এই সন্মিলনে বিজ্ঞানী, নীতি নিৰ্ধাৰক, উন্নয়ন পেছাদাৰী আৰু অংশীদাৰসকলৰ বাবে ‘চিৰসেউজ বিপ্লৱ’ৰ নীতিসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক বৈশ্বিক মঞ্চ হিচাপে কাম কৰিব।

মূল বিষয়বস্তুসমূহৰ ভিতৰত আছে ‘জৈৱ বৈচিত্ৰ্য আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বহনক্ষম ব্যৱহাৰ’; ‘জলবায়ু-সুস্থিৰতা আৰু পুষ্টি-সংবেদনশীল কৃষি’; ‘অন্তৰ্ভুক্ত আৰু প্ৰযুক্তি-চালিত জীৱিকা সমাধান’ আৰু ‘উন্নয়নত যুৱ, মহিলা আৰু সম্প্ৰদায়ৰ অংশগ্ৰহণ’। এই আন্তঃৰাষ্ট্ৰীয় মঞ্চই বিশেষজ্ঞ, নীতি নিৰ্ধাৰক আৰু অংশীদাৰসকলক একত্ৰিত কৰি চিৰসেউজ বিপ্লৱৰ নীতিসমূহ আগুৱাই নিব।

অধ্যাপক স্বামীনাথনৰ দূৰদৰ্শী নেতৃত্বৰ উদযাপন জৈৱ-সুখৰ ধাৰণাটোৰ ওপৰত ভিত্তি কৰি লোৱা হৈছে আৰু ই এক বহনক্ষম, সমতাপূৰ্ণ আৰু ক্ষুধামুক্ত পৃথিৱী গঢ়ি তোলাৰ বাবে আমাৰ সামূহিক প্ৰতিশ্ৰুতিক পুনৰ দৃঢ় কৰে।

***

RC/KSR/AR


(Release ID: 2152861)