ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কেবিনেটে এনচিডিচিলৈ অহা চাৰি বছৰৰ বাবে ২০০০ কোটি টকাৰ সাহায্যত অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়

প্ৰধানমন্ত্ৰী মোদীৰ ‘সহকাৰ সে সমৃদ্ধি’ মন্ত্ৰৰে সংগতি ৰাখি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (NCDC) গ্ৰাম্য অৰ্থনীতিক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে

এই সিদ্ধান্তই সমবায়সমূহক নতুন প্ৰকল্প আৰম্ভ, উদ্যোগৰ সম্প্ৰসাৰণ আৰু ঋণ প্ৰদানত সহায় কৰিব, ইয়াৰ ফলশ্ৰুতিত সমবায়েৰে জড়িত কোটি-কোটি সদস্য উপকৃত হ’ব, মহিলাসকল আত্ম-নিৰ্ভৰ হৈ উঠিব আৰু যুৱক-যুৱতীসকলে নিয়োগৰ সুযোগ লাভ কৰিব

Posted On: 31 JUL 2025 7:46PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি কেবিনেটে ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমলৈ (NCDC) অহা চাৰি বছৰৰ বাবে ২০০০ কোটি টকাৰ সাহায্যত অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জনায়।

এক্স-ৰ এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, “প্ৰধানমন্ত্ৰী মোদীৰ ‘সহকাৰ সে সমৃদ্ধি’ মন্ত্ৰৰে সংগতি ৰাখি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগমে (NCDC) গ্ৰাম্য অৰ্থনীতিক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি কেন্দ্ৰীয় কেবিনেটে এনচিডিচি-লৈ অহা চাৰি বছৰৰ বাবে বছৰি ৫০০ কোটি টকাকৈ মুঠ ২০০০ কোটি টকাৰ সাহায্যত অনুমোদন জনাইছে। এই সিদ্ধান্তই সমবায়সমূহক নতুন প্ৰকল্প আৰম্ভ, উদ্যোগৰ সম্প্ৰসাৰণ আৰু ঋণ প্ৰদানত সহায় কৰিব, ইয়াৰ ফলশ্ৰুতিত সমবায়েৰে জড়িত কোটি-কোটি সদস্য উপকৃত হ’ব, মহিলাসকল আত্ম-নিৰ্ভৰ হৈ উঠিব আৰু যুৱক-যুৱতীসকলে নিয়োগৰ সুযোগ লাভ কৰিব। এনে কল্যাণমূলক সিদ্ধান্ত গ্ৰহণৰ বাবে সমগ্ৰ দেশৰ সমবায় খণ্ডৰ হৈ মোদী জীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”

আন এটা প’ষ্টত শ্ৰী অমিত শ্বাহে কয় যে মোদী নেতৃত্বাধীন চৰকাৰে কৃষক ৰাইজৰ কল্যাণ সাধনত সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে আৰু এই দিশত আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে কেন্দ্ৰীয় কেবিনেটে ‘প্ৰধানমন্ত্ৰী কিষাণ সম্পদ আঁচনি’-ৰ ক্ষেত্ৰত মুঠ ৬,৫২০ কোটি টকা ব্যয়ত অনুমোদন জনাইছে, ইয়াত অতিৰিক্ত পুঁজি ১,৯২০ কোটি টকাও অন্তৰ্ভুক্ত হৈছে। এই আঁচনিৰ অধীনত ৫০ টা বহু-জাতীয় খাদ্য বিকিৰণ ইউনিট আৰু ১০০ টা খাদ্য পৰীক্ষণ পৰীক্ষাগাৰ স্থাপন কৰা হ’ব, ইয়াৰ ফলশ্ৰুতিত খাদ্য সংৰক্ষণ কাৰ্য্যৰ প্ৰসাৰ ঘটিব, খাদ্য সুৰক্ষা আৰু গুণগত মানৰ অগ্ৰগতি সাধন হ’ব আৰু কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বিনিময়ত উচিত মূল্য লাভ কৰিব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰীজনে কয় যে মোদী চৰকাৰে দেশবাসীলৈ তীব্ৰ-বেগী ৰেল নেটৱৰ্কৰ সুবিধা প্ৰশস্তৰে যাত্ৰাক অধিক সুখদায়ক আৰু সুলভ কৰি তুলিবলৈ অংগীকাৰবদ্ধ। এই দিশত কেন্দ্ৰীয় কেবিনেটে পূব, মধ্য আৰু পশ্চিম অঞ্চলৰ ৬ খন ৰাজ্যৰ ১৩ খন জিলাত ৪ টা মাল্টি-ট্ৰেকিং প্ৰকল্পত অনুমোদন জনাইছে। ১১,১৬৯ কোটি টকা ব্যয় সাপেক্ষে এই প্ৰকল্পসমূহে ৰেলৱে নেটৱৰ্কৰ আৰু ৫৭৪ কিলোমিটাৰ সম্প্ৰসাৰিত কৰিব, ইয়াৰ ফলশ্ৰুতিত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন হ’ব, উদ্যোগ আৰু বাণিজ্যই গতি লাভ কৰিব তথা নতুন কৰ্মসংস্থাপনৰ সুযোগৰো সৃষ্টি হ’ব।

*****

RK / VV / RR / HS / PS/SB


(Release ID: 2151285)