ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়
azadi ka amrit mahotsav

ভাৰতত অভিলেখ পৰিমাণৰ বিনিয়োগ আকৰ্ষণ অৰ্ধপৰিবাহী ষ্টাৰ্টআপৰ, ভাৰত চৰকাৰৰ ব্যাপক সমৰ্থন

Posted On: 24 JUL 2025 5:19PM by PIB Guwahati

ভাৰতৰ অৰ্ধপৰিবাহী ডিজাইনৰ পৰিস্থিতিতন্ত্ৰ দিনক দিনে শক্তিশালী হৈ আহিছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়(মেইটি)ৰ ডিজাইন লিংকড ইনচেণ্টিভ (ডিএলআই) আঁচনি আৰু চিপছ টু ষ্টাৰ্টআপ (চি২এছ) প্ৰগ্ৰেমৰ অধীনত সমৰ্থিত ষ্টাৰ্টআপসমূহে এতিয়া উল্লেখযোগ্য গুৰুত্ব লাভ কৰিছে।

নেট্ৰাছেমিয়ে লাভ কৰে ১০৭ কোটি টকাৰ ভিচি বিনিয়োগ

চৰকাৰৰ চিপ ডিজাইন আঁচনিৰ অধীনত সমৰ্থিত ষ্টাৰ্টআপ নেট্ৰাছেমিয়ে ভেঞ্চাৰ কেপিটেল (ভিচি)ত ১০৭ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে। কোম্পানীটোৱে স্মাৰ্ট ভিজন, চিচিটিভি কেমেৰা, ইণ্টাৰনেট অৱ থিংছ (আইঅ’টি) এপ্লিকেচনৰ বাবে চিপ নিৰ্মাণৰ কাম কৰি আছে।

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এই অগ্ৰগতিৰ আদৰণি জনাই লগতে কয়, "ভাৰতত উল্লেখযোগ্য ডিজাইন ক্ষমতা আছে। ভাৰতত ডিজাইনক সমৰ্থন কৰা ভাৰত অৰ্ধ পৰিবাহী মিছনে নেট্ৰাছেমিৰ সফলতাই অন্যান্য ভাৰতীয় ষ্টাৰ্টআপক উৎসাহিত কৰিব।"

ভাৰতীয় ষ্টাৰ্টআপলৈ ২৩৪ কোটি টকা প্ৰতিশ্ৰুতি

২০২২ চনত ডিএলআই আঁচনি আৰম্ভ হোৱাৰ পিছৰে পৰাঃ

• চৰকাৰে চিপ ডিজাইন প্ৰকল্পৰ বাবে ২২টা কোম্পানীৰে ২৩৪ কোটি টকাৰ সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছিল যাৰ মুঠ প্ৰকল্প ব্যয় আছিল ৬৯০ কোটি টকা।

• এই চিপবোৰ চিচিটিভি কেমেৰা, মোবাইল নেটৱৰ্ক, ছেটেলাইট, গাড়ী, স্মাৰ্ট ডিভাইচ আদিত ব্যৱহাৰ কৰা হ’ব।

• এই ষ্টাৰ্টআপসমূহে একেলগে ভিচি বিনিয়োগকাৰীৰ পৰা ৩৮০ কোটি টকাৰো অধিক ধন সংগ্ৰহ কৰিছে।

• ইতিমধ্যে পাঁচটা ষ্টাৰ্টআপে বিশ্বজুৰি চিপ নিৰ্মাতাসকলৰ সৈতে নিজৰ চিপ ডিজাইন নিৰ্মাণ আৰু পৰীক্ষা কৰিছে।

• ৭২টাতকৈও অধিক কোম্পানীক চিপ ডিজাইন কৰাত সহায়ক হোৱাকৈ উন্নত ছফটৱেৰ সঁজুলিৰ সুবিধা প্ৰদান কৰা হৈছে।

ব্যক্তিগত বিনিয়োগৰ জৰিয়তে ষ্টাৰ্টআপে সমৰ্থন পোৱাৰ আন কিছুমান উদাহৰণ হ’ল:

• মাইণ্ডগ্ৰ’ভ টেকন’লজিছে (চিচিটিভি চিপ ডিজাইন) সংগ্ৰহ কৰে ৮৫ কোটি টকা।

• ফাৰ্মিয়নিক ডিজাইনে (ছেটেলাইট যোগাযোগ চিপ) সংগ্ৰহ কৰে ৫০ কোটি টকা।

• মৰ্ফিং মেচিন, ইনকোৰ অৰ্ধপৰিবাহী আৰু বিগএণ্ডিয়ান অৰ্ধপৰিবাহী উৎপাদন পৰ্যায়ৰ দিশে দ্ৰুতগতিত আগবাঢ়িছে।

‘প্ৰডাক্ট নেচন’ হোৱাৰ মনোভাৱেৰে চৰকাৰে যুৱ কোম্পানীসমূহক চিপ ডিজাইনৰ ক্ষেত্ৰত সাহসী পদক্ষেপ ল’বলৈ উৎসাহিত কৰিছে। আনহাতে ব্যক্তিগত বিনিয়োগকাৰীয়ে এতিয়া তেওঁলোকক সমৰ্থন আগবঢ়াই তেওঁলোকৰ চিপ বজাৰলৈ অনাত সহায় কৰিছে।

.

*****

Dharmendra Tewari/ Navin Sreejith


(Release ID: 2148082)